নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ লাখ ভোটৰ ব্যৱধানত বৰপেটা জিকিব অগপই

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ‘বিৰোধী ঐক্য মঞ্চ থানবান হৈ গৈছে বাবে প্ৰায়ভাগ বিৰোধী দলে নিজাববীয়াকৈ বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে সমাগত লোকসভা নিৰ্বাচনত অগপৰ লগত কোনো প্ৰতিদ্বন্দিতাই নহব।’- এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ। বঙাইগাঁও জিলাৰ অভয়াপুৰী চহৰৰ অগপৰ কাৰ্যালয়ত বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে উপস্থিত হৈ দলীয় কৰ্মকৰ্তাৰ লগত লোকসভা নিৰ্বাচন সম্পৰ্কে অনুষ্ঠিত এক সভাত অংশ লোৱাৰ পিছত সাংবাদিকৰ আগত এই মন্তব্য কৰে। ফণীভূষণ চৌধুৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে বিৰোধী ঐক্য মঞ্চ থানবান হৈ গৈছে। প্ৰায়ভাগ বিৰোধী দলে নিজাববীয়াকৈ বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে অগপৰ লগত কোনো প্ৰতিদ্বন্দিতাই নহব। বোকা ছটিওৱা ৰাজনীতিৰ বিপৰীতে শালীনতা বজাই ৰাজনীতি কৰা উচিত বুলিও মন্তব্য কৰে ফণীভূষণ চৌধুৰীয়ে। ফণীভূষণ চৌধুৰীয়ে আৰু কয় যে তেওঁ বঙাইগাঁও বিধানসভা সমষ্টিৰ দীৰ্ঘদিন ধৰি বিধায়ক হৈ ৰাইজ আৰু বিধায়কৰ মাজত ব্যৱধান নাইকিয়া কৰিছে, তেনেকৈ সাংসদ হলেও তেওঁ জনসাধাৰণ আৰু সাংসদৰ মাজত ব্যৱধান নাইকিয়া কৰিব। পূৰ্বৰ যি সাধাৰণ জীৱনশৈলী সাংসদ হলেও এই সাধাৰণ জীৱন শৈলীৰ পৰিবৰ্তন নহব। বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৰাইজৰ মাজত ভালকৈ পৰিচিত নহয় বাবে এইবাৰ বৰপেটা লোকসভাৰ সমষ্টিৰ সংখ্যালঘু জনসাধাৰণে NDAৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিব বুলি আশাবাদী ফণীভূষণ চৌধুৰী। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অজাপৰ প্ৰাৰ্থী লুৰিণজ্যোতিক গগৈক শুভেচ্ছা জনায় যদিও ফণীভূষণ চৌধুৰীয়ে কয় যে উক্ত সমষ্টিত সৰ্বানন্দ সোণোৱাল জয়ী হব। সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভূপেন ৰায়, অভয়াপুৰী বিধানসভা সমষ্টি সমিতিৰ সভাপতি পূৰ্ণেন্দু বণিক্য, জ্যেষ্ঠ নেতা কেশৱ দেৱশৰ্মাসহ বহু নেতা উপস্থিত থাকে।

প্ৰেৰক বিনোদ বিহাৰী নাথ

You might also like