নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাঁৱৰ ধোদাঙত দলঙৰ তলত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিজিটেল ডেস্ক, ২৮ জুন : দেৰগাঁৱৰ ধোদাঙত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। দলঙৰ তলৰ পৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত যুৱকজনক নতুন চাপৰিৰ জয়ন্ত মুদৈ বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় লোকৰ সন্দেহ অনুসৰি, জয়ন্ত মুদৈক হত্যা কৰি মৃতদেহ দলঙৰ তলত পেলাই থৈছে। গাঁওবাসীয়ে দাবী কৰা মতে, কিছুদিন ধৰি পৰিয়ালটোত গৃহকন্দল চলি আছিল।

দিনহাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা জয়ন্ত মুদৈ অতি অমায়িক স্বভাৱৰ ব্যক্তি আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। গাঁওবাসীৰ সন্দেহ, তেওঁক বিহপান কৰাই হত্যা কৰাৰ পিছত মৃতদেহ চোঁচৰাই আনি দলঙৰ তলত পেলাই দিয়া হৈছে।

ঘটনাৰ খবৰ পাই দক্ষিণ মাজুলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৃত্যুৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্তৰ অন্ততহে স্পষ্ট হ’ব। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি হৈছে।

You might also like