নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেতিপথাৰ এৰি অফিচ সজাইছে সঞ্চালকে

কৃষকৰ দুর্দশাক গুৰুত্বহীন কৰি ‘উদ্যান শস্য’ত লুণ্ঠনৰাজ

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ  ক’ৰোনাকেন্দ্রিক পৰিৱেশে সৃষ্টি কৰা আর্থিক সংকটৰ পৰা মুক্ত হ’বলৈ নিবনুৱা যুৱক–যুৱতীক কৃষিকার্যত আত্মনিয়োগ কৰাৰ বাবে ৰাজ্য চৰকাৰখনে জনাই অহা আহ্বানৰ বিপৰীতে খোদ কৃষি বিভাগটোৱে পিছ দিছে কৃষকৰ৷ ক’ৰোনা মহামাৰীৰ সমান্তৰালকৈ শেহতীয়াকৈ ৰাজ্যত বানে সৃষ্টি কৰা অবর্ণনীয় পৰিৱেশৰ পাছত ৰাজ্যৰ কৃষক সমাজে এতিয়া বাট চাই ৰৈছে কৃষি বিভাগলৈ৷ কিন্তু এনে অৱস্থাত কৃষকৰ এই দুর্দশাক গুৰুত্বহীন কৰি কৃষি বিভাগত চলিছে লুণ্ঠনৰাজ৷ জটিল পৰিস্থিতিৰ মাজত কৃষকৰ ওচৰত থিয় দিয়াৰ বিপৰীতে খানাপাৰাস্থিত উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ত চলিছে কার্যালয় নতুন ৰূপত সজাই–পৰাই তোলাৰ প্রতিযোগিতা৷ কৃষকৰ নামত ব্যয় হ’ব লগা ধন এতিয়া নতুন পর্দা, টাইল্ছ, ৰং আদিৰ নামতহে ব্যৱহাৰ হ’বলৈ লৈছে৷ উত্থাপিত অভিযোগ অনুসৰি উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ ভাৰপ্রাপ্ত সঞ্চালক আব্দুল জলিলে এনে জটিল পৰিস্থিতিৰ মাজতো কার্যালয় মেৰামতিৰ নামত ব্যয় কৰিব লৈছে লাখ লাখ টকা৷ কিছুদিন পূর্বে উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালকালয়ৰ মেৰামতিৰ বাবদ ব্যয় কৰা হৈছিল প্রায় ৭ লাখ টকা৷ এই কাম সম্পূর্ণ হোৱাৰ পূর্বেই পুনৰ কার্যালয় মেৰামতিৰ বাবে নতুন ধন আবণ্টন কৰোৱাই ভাৰপ্রাপ্ত সঞ্চালকজনে পূর্বৰ নির্মাণকার্য ভাঙি–ছিঙি নতুনকৈ নির্মাণত নামি পৰিছে৷ যি সময়ত কার্যালয়ক অত্যাধুনিক ৰূপ দিয়াত ভাৰপ্রাপ্ত সঞ্চালক আব্দুল জলিল ব্যস্ত হৈ আছে, তেনে সময়তে জাৰণিত পৰিণত হৈছে বিভাগটোৰ কেইবাখনো নার্ছাৰী৷ জানিব পৰা মতে, বিভাগটোৰ অধীনস্থ উলুবাৰী, জুৰিপাৰ, ক্ষেত্রী, বকো আৰু বর্ণিহাটত থকা নার্ছাৰীকেইখন ইতিমধ্যে জাৰণিত পৰিণত হৈছে৷ উদ্যান শস্যৰ প্রসাৰতাৰ বাবে উলুবাৰীৰ নার্ছাৰীত উন্নতমানৰ মধুৰিআম, নেমু, জলফাই, আমলখি আদি গছৰ পুলি ৰোপণ কৰা হৈছিল যদিও সেয়া এতিয়া অস্তিত্বহীন৷ সেয়াই নহয়, মহানগৰীৰ জুৰিপাৰত থকা নার্ছাৰীত অর্কিড, এনথ’ৰিয়াম, কেক্টাছ, নার্জি ফুল আদিৰ খেতি কৰা হৈছিল যদিও এই নার্ছাৰীখন এতিয়া জাৰণিত পৰিণত হৈছে৷ ঠিক সেইদৰে ক্ষেত্রীত থকা নার্ছাৰীত হাইব্রিড সেন্দূৰ বাদাম, অর্জুন গছ আদি ৰোপণ কৰা হৈছিল যদিও সমগ্র নার্ছাৰীখনেই এতিয়া বনৰীয়া লতাই আৱৰি ধৰিছে৷ সবাতোকৈ দুখ লগা অৱস্থা সৃষ্টি হৈছে বর্ণিহাটৰ নার্ছাৰীখনৰ৷ এই নার্ছাৰীখনত এসময়ত একাধিক ফলৰ গছেৰে ভৰি আছিল৷ উন্নতমানৰ কঁঠাল, আম, আনাৰস, জলফাই, আমলখি, কল আদি গছেৰে ভৰি আছিল যদিও সেইবোৰ এতিয়া অস্তিত্বহীন৷ পৰিতাপৰ বিষয়টো হৈছে যে এই নার্ছাৰী তথা ফার্মসমূহ চোৱাচিতা কৰা অথবা পৰিষ্কাৰ কৰি ৰখাৰ বাবে বিভাগে অস্থায়ী ভিত্তিত বহু যুৱকক নিযুক্তি দিছে৷ কিন্তু কার্যক্ষেত্রত এই যুৱকসকলৰ এজনকো নার্ছাৰীত দেখিবলৈ পোৱা নাযায়৷ বিভাগৰ একাংশ বিষয়াই নিজ গৃহত কাম কৰাৰ বাবেই এই যুৱকসকলক এতিয়া নিয়োগ কৰিছে৷ সেয়াই নহয়, নার্ছাৰীসমূহৰ উন্নতমানৰ ফলৰ গছ এইসকল কর্মচাৰীৰ জৰিয়তে উঠাই নি একাংশ বিষয়াই নিজ গৃহত ৰোপণ কৰাৰো অভিযোগ উত্থাপন হৈছে৷ আনকি নার্ছাৰীসমূহত কিমানসংখ্যক কর্মচাৰী কর্মৰত হৈ আছে তথা এইসকল ক’ত আছে, সেয়া এতিয়া ৰহস্য হৈ পৰিছে৷ অভিযোগ মতে, কাগজে–পত্রই বহুকেইজন কর্মচাৰী নিয়োজিত হৈ থকাৰ বাবদ দৰমহা তথা মজুৰি আদায় হৈ আছে যদিও ইয়াৰ আধাসংখ্যকহে কর্মৰত হৈ আছে৷ ভাৰপ্রাপ্ত সঞ্চালক আব্দুল জলিলে এই বিষয়ে বিশেষ গুৰুত্ব নিদিয়াক লৈও সৃষ্টি হৈছে ৰহস্য৷ ইফালে ভাৰপ্রাপ্ত সঞ্চালক আব্দুল জলিলে কেইবাজনো জ্যেষ্ঠ বিষয়াক অতিক্রম কৰি গুৰুত্বপূর্ণ পদটোৰ দায়িত্ব পোৱাক লৈও বিভাগটোৰ ভিতৰতে সৃষ্টি হৈ আছে তীব্র প্রতিক্রিয়া৷ কৃষি বিভাগৰ ছিলেকচন ব’ডৰ ৰেংকত ৩৬ নম্বৰত আছে আব্দুল জলিল৷ অর্থাৎ তেওঁৰ ওপৰত বিভাগটোৰ ৩৫জনকৈ অভিজ্ঞ আৰু দক্ষ বিষয়া আছে৷ আনকি লিষ্ট অৱ অফিচাৰৰ তালিকাতো সঞ্চালক জলিল ১৪ নম্বৰত আছে৷ তেওঁতকৈ অভিজ্ঞ বিষয়া হিচাপে ইতিমধ্যে কার্যনির্বাহ কৰি আছে ডাঃ মিনতি শইকীয়া, ডাঃ নৃপেন মেধি, প্রফুল্ল মহন্ত আদি কৰি কেইবাজনো বিষয়াই৷ কিন্তু এই বিষয়াসকলক অতিক্রম কৰি উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগত ভাৰপ্রাপ্ত সঞ্চালকৰ দায়িত্ব দিয়া হৈছে এইজন বিষয়াক৷ এইক্ষেত্রত কৃষিমন্ত্রী অতুল বৰাৰ ভূমিকাক লৈও প্রশ্ন উত্থাপন হৈছে৷

You might also like