নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামধেনুত আজিৰে পৰা প্ৰথম কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন ডিজিটেল উপস্থাপক AI পাৰিজাত

🔹 অসমীয়া টেলিভিছন ইতিহাসত সংযোজন নতুন অধ্যায়

বিশেষ বাৰ্তা, ১০ মে’ : কৃত্রিম বুদ্ধিমত্তা , চমুকৈ এআই–এ বিশ্বজুৰি তথ্য–প্রযুক্তিৰ ক্ষেত্রখনলৈ এক আলোড়ন অনাৰ সময়তে এআইৰ সৈতে সংগীত, হিউমাৰ আৰু চেলিব্রিটীৰে সংলাপ- সকলোকে একেখন মঞ্চত প্রদর্শন কৰি প্রথমবাৰৰ বাবে অসমীয়া টেলিভিছনৰ ইতিহাসত এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে উত্তৰ–পূর্বাঞ্চলৰ সর্ববৃহৎ ছেটেলাইট নেটৱর্ক প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বিনোদনধর্মী চেনেল ‘ৰামধেনু’–এ৷ ১০ মে’ অর্থাৎ আজি সন্ধিয়া ৭ বজাৰ পৰা ৰামধেনু চেনেলত সম্প্রচাৰ হ’ব ‘ৰামধেনু এআই শ্ব’ উইথ এআই পাৰিজাত’৷ ৰামধেনু চেনেলৰ জৰিয়তে আৰম্ভ হ’ব লগা ‘এআই পাৰিজাত’ অসমৰ প্রথম কৃত্রিম বুদ্ধিমত্তাসম্পন্ন ডিজিটেল উপস্থাপক, যিয়ে এআই শ্ব’ৰ এটা নতুন যুগৰ আৰম্ভণি কৰিব৷ নতুনকৈ হ’ব লগা শ্ব’টোত থাকিব ‘কথা–বার্তা’৷ য’ত এআই পাৰিজাতে দর্শকক দিব প্রশ্ণৰ আমোদ লগা উত্তৰ৷ ‘অন্তৰংগ আলাপ’ত এআই পাৰিজাতে সাক্ষাৎকাৰ ল’ব জনপ্রিয় চেলিব্রিটীসকলৰ৷ ঠিক একেদৰে ‘আকৌ আহিল ভলুকা’ত এআই এআই পাৰিজাতৰে অদ্ভুত–মজা লগা প্রশ্ণ সুধিব৷ ইয়াৰ বাহিৰেও বেবী বট ডায়েৰীজ, ৬০ ছেকেণ্ডছ অৱ ফেম, ভিৱাৰ ভার্ছ আদিকে ধৰি বহু সৃষ্টিশীল আৰু মনোৰঞ্জনপূর্ণ ছেগমেণ্টো উক্ত শ্ব’টোত উপলব্ধ হ’ব৷ মুঠৰ ওপৰত এক বৃহৎ মনোৰঞ্জনৰ সম্ভাৰ লৈ ‘ৰামধেনু এআই শ্ব’ উইথ এআই পাৰিজাত’-এ দর্শকৰ সন্মুখত ভুমুকি মাৰিব৷

You might also like