🔹 ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা
🔹 পাৰ্থসাৰথি মহন্তৰ ‘হাড়গিলা’লৈও বিচাৰকৰ বিশেষ বঁটা
বিশেষ বাৰ্তা, ১৬ আগষ্ট : আজি ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়। ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ ছবি আৰু চিনেমাৰ কৃতিত্বক সন্মান জনাই নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই বঁটাসমূহ ঘোষণা কৰে। পৰৱৰ্তী সময়ত বঁটা প্ৰদান অনুষ্ঠানত বিজয়ীসকলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা এই বঁটাসমূহ গ্ৰহণ কৰিব। নন ফিচাৰ ফিল্ম শাখাত আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিৰুবালা ‘উইটচ টু পদ্মশ্ৰী’(অসমীয়া)-এ বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। আনহাতে, পাৰ্থসাৰথি মহন্তৰ ‘হাড়গিলা’লৈও বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হয়৷ পি আই এণ্টাৰটেইনমেণ্টৰ প্ৰযোজনাত আৰু পাৰ্থসাৰথি মহন্তই পৰিচালনা কৰা ‘হাড়গিলা-দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক (অসমীয়া)’-এ বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।