ৰাজনৈতিক চমক সৃষ্টিৰ বাবেই জয়পুৰৰ বিলাসী ৰিজ’টলৈ প্রেৰণ ইউডিএফৰ ২১ প্রার্থীক
নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ভোটগণনাৰ পূর্বেই হর্ছ ট্রেডিঙৰ আজব অজুহাত দেখুৱাই দলীয় প্রার্থীসকলক বদৰুদ্দিন আজমলে জয়পুৰৰ বিলাসী ৰিজ’টলৈ পঠিওৱা কার্যই ৰাজ্যৰ ৰাজনীতিত তীব্র খলকনিৰ সৃষ্টি কৰিছে৷ হর্ছ ট্রেডিঙৰ পৰা এআইইউডিএফৰ প্রার্থীসকলক ৰক্ষা কৰাৰ পৰিৱর্তে আজমলে চমক সৃষ্টিৰ বাবেই সেই কার্য কৰা বুলি ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে৷
উল্লেখ্য যে ভোটগণনাৰ পাছতহে স্পষ্ট হ’ব বিজেপি নেতৃত্বাধীন মিত্রজোঁটক চৰকাৰ গঠনৰ ক্ষেত্রত আন দলৰ বিধায়কৰ প্রয়োজন হ’বনে নহয়৷ তদুপৰি নির্বাচনত কোন দলৰ কোনগৰাকী প্রার্থীয়ে জয়লাভ কৰে, কোন পৰাজিত হয় সেয়া ভোটগণনাৰ অন্ততহে প্রকাশ পাব৷ তেনে অৱস্থাত কোনো এটা ৰাজনৈতিক দলেই আগতীয়াকৈ কোনো দলৰ কোনো প্রার্থীক তেওঁলোকৰ পক্ষলৈ অনাৰ বাবে প্রচেষ্টা চলোৱাটো কিমানদূৰ সময়সাপেক্ষ সেয়া প্রতিটো ৰাজনৈতিক দলেই ভালদৰে জানে৷ একাংশ মহলে ধাৰণা কৰা অনুসৰি যোৱা নির্বাচনৰ সময়ছোৱাত সাম্প্রদায়িক মেৰু বিভাজনেৰে ৰাজনৈতিক প্রচাৰ চলাই সংবাদ মাধ্যমত আজমলে ব্যাপক চর্চা লাভ কৰে৷ আনকি নির্বাচনী সমাৱেশ আদিত প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বৰো মুখত উচ্চাৰিত হয় আজমলৰ নাম৷
বিজেপিৰ এনেদৰে টার্গেট হোৱাত স্বাভাৱিকতে আজমলে নিজকে তাৰকা হিচাপে অনুভৱ কৰে৷ তাৰ বাবেই সংবাদ মাধ্যমত পুনৰ চর্চা লাভৰ অংক কৰিয়েই চতুৰ আজমলে এইবাৰ দলীয় প্রার্থীসকলক জয়পুৰলৈ প্রমোদ ভ্রমণৰ বাবে পঠিয়াই বাহিৰত হর্ছ ট্রেডিঙৰ শংকাতেই পঠিওৱাৰ ধাৰণা দিছে৷ তদুপৰি এই কার্যৰ জৰিয়তে আজমলে কংগ্রেছৰ শীর্ষ নেতৃত্বৰ আৰু অধিক ঘনিষ্ঠ হোৱাৰ কৌশল ৰচনা কৰা বুলিও একাংশই ধাৰণা কৰে৷ যি মুহূর্তত মহাজোঁটৰ বিগ ব্রাদাৰ কংগ্রেছে এই মুহূর্তলৈ নিজ দলৰ প্রার্থীসকলক হর্ছ ট্রেডিং কৰিব পাৰে বুলি বহিঃৰাজ্যলৈ নি আবদ্ধ কৰি ৰখাৰ কথা ভবা নাই, সেই মুহূর্তত আজমলে কি কাৰণত তেনে শংকা কৰিবলগা হ’ল, সেয়া ৰহস্যজনক৷
ইপিনে, আজমলৰ এনে কাণ্ডই কংগ্রেছৰ ভিতৰচ’ৰাতো অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ আজমলে তেওঁৰ দলৰ হৈ নির্বাচনত অৱতীর্ণ হোৱা প্রতিগৰাকী প্রার্থীক হর্ছ ট্রেডিঙৰ পৰা ৰক্ষা কৰাৰ বাবে কংগ্রেছশাসিত ৰাজ্য ৰাজস্থানৰ জয়পুৰত আবদ্ধ কৰি ৰাখিছে৷ কিন্তু এআইইউডিএফৰ সেইসকল প্রার্থীৰ মাজত এনে প্রার্থীও আছে, যিসকলে কংগ্রেছৰ সৈতে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ এনে অৱস্থাত কংগ্রেছ শীর্ষ নেতৃত্বৰ ওচৰত আজমলে ভোটগণনাৰ পূর্বেই ধাৰণা দিব বিচাৰিছে তেওঁৰ দলৰ সৈতে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা সমষ্টিসমূহত কংগ্রেছ প্রার্থীসকল পৰাজিত হ’ব৷ সেয়ে বহু কংগ্রেছীয়ে এই বিষয়টোক সহজভাৱে ল’ব পৰা নাই৷
এই প্রসংগতে উল্লেখনীয় এয়ে যে তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রচাৰ তুংগত চলি থকাৰ সময়তে সৰুক্ষেত্রীৰ কংগ্রেছ প্রার্থী তথা বর্তমানৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেল, নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং আদিৰ সন্মুখতে এআইইউডিএফৰে কংগ্রেছে কৰা মিত্রতাৰো ক্ষুৰধাৰ সমালোচনা কৰিছিল৷ এক কথাত ক’ব লাগিলে নির্বাচন শেষ হোৱাৰ লগে লগে আজমলে তেওঁৰ সকলো প্রার্থীক হর্ছ ট্রেডিঙৰ পৰা সুৰক্ষিত ৰখাৰ দোহাই দি জয়পুৰলৈ পঠিয়াই কার্যতঃ মহাজোঁটক লৈ তেওঁহে অধিক সংবেদনশীল বুলি কংগ্রেছৰ শীর্ষ নেতৃত্বক পতিয়ন নিয়াব বিচাৰিছে৷ একাংশ কংগ্রেছীয়ে এনে কার্যৰ দ্বাৰা আজমলে ইতিমধ্যে ঘোষণা কৰাৰ দৰে মহাজোঁটৰ চৰকাৰ হ’লে চৰকাৰখনৰ চাবিকাঠী তেওঁৰ হাতত থাকিব আৰু মন্ত্রিত্ব প্রদানৰ ক্ষেত্রত তেৱেঁই গুৰুত্বপূর্ণ ভূমিকা লোৱাৰ যি মন্তব্য কৰিছে, সেয়া কার্যকৰী কৰাৰ পদক্ষেপহে বুলি ধাৰণা কৰে৷