নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোপাল বড়ো হাইস্কুলৰ শিক্ষয়িত্রীৰ ক’ভিডত মৃত্যু

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ  ৰাজ্যত ক’ৰোনাৰ ভয়াৱহ ৰূপ লোৱাৰ সময়তে গুৱাহাটীৰ এখন শিক্ষানুষ্ঠানৰ এগৰাকী শিক্ষয়িত্রী ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা খবৰে শংকা বৃদ্ধি কৰিছে৷ গুৱাহাটীৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাৰ সীমা হাজাৰী নামৰ শিক্ষয়িত্রীগৰাকী  ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ এই খবৰে শিক্ষানুষ্ঠানখনত হাহাকাৰ সৃষ্টি কৰিছে৷

উল্লেখ্য যে নগাঁও চহৰৰ ভূঞাপট্টি নিৱাসী সীমা হাজাৰী (৫২) আৰু তেওঁৰ স্বামী, একমাত্র কন্যা ক’ৰোনাত আক্রান্ত হোৱাত গুৱাহাটীৰ হেল্থ চিটীত চিকিৎসাধীন হৈ আছিল৷ কালি পুৱা চিকিৎসাধীন অৱস্থাতে সীমা হাজাৰীৰ মৃত্যু হয়৷ তেওঁৰ কন্যা সুস্থ হৈ ঘৰলৈ উভতি আহিছে যদিও স্বামী বর্তমানেও চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন হৈ আছে৷ পাঁচ এপ্রিললৈকে শিক্ষয়িত্রীগৰাকীয়ে পাঠদান কৰি আছিল বুলিও জানিব পৰা গৈছে৷

সীমা হাজাৰীক লৈ নগাঁও চহৰত ইতিমধ্যে দুজন লোকৰ মৃত্যু হৈছে৷ নগাঁও জিলাত এতিয়ালৈ ৬৮জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইফালে সীমা হাজাৰীৰ মৃত্যুৰ ঘটনাক লৈ যথেষ্ট তৎপৰ হৈ পৰা কামৰূপ (মহানগৰ) জিলা প্রশাসনে অসুস্থ অনুভৱ কৰা প্রতিজন ব্যক্তিকে ক’ভিড টেষ্ট কৰাৰ বাবে পৰামর্শ আগবঢ়াইছে৷

জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে প্রকাশ কৰা মতে, প্রতিদিনৰ পৰিস্থিতিৰ প্রতি প্রশাসনে নজৰ দিছে৷ প্রয়োজনত গুৱাহাটীত ১৪৪ ধাৰা বলৱৎ কৰা হ’ব৷ মাস্ক নিপিন্ধিলে জৰিমনা বিহাৰো ব্যৱস্থা কৰা হ’ব৷ গুৱাহাটী এতিয়া স্পর্শকাতৰ৷ সেয়েহে ক’ভিড প্রট’কলসমূহ সকলো পক্ষই মানি চলিব লাগিব৷ আজি গুৱাহাটীৰ চিটীবাছৰ চালক আৰু হেণ্ডিমেনসকলক ভেকচিন দিয়া হ’ব বুলিও উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে৷ ইফালে ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা শিক্ষয়িত্রীগৰাকীৰ স্বামী আৰু সন্তানো ক’ৰোনাত আক্রান্ত হৈছে বুলি জানিব পৰা গৈছে৷

You might also like