নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক লোকসভা নির্বাচনত পুনৰ কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতা!

নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী: আগন্তুক লোকসভা নির্বাচনত কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এআইইউডিএফ তথা বদৰুদ্দিন আজমলক বাৰম্বাৰ নস্যাৎ কৰি আহিলেও এআইচিচিৰ শীর্ষ নেতৃত্ব তথা দলৰ হাইকমাণ্ডে ইতিবাচকভাৱে গ্রহণ কৰিছে মিত্রতাৰ বিষয়টো৷ কার্যতঃ ইয়াৰ উমান পোৱা গ’ল প্রদেশ কংগ্রেছৰ সভাপতি বৰাক কালি এআইচিচিয়ে তাৎক্ষণিকভাৱে তলব কৰাত৷ সেইমর্মে বৰাই পূর্বনির্ধাৰিত সকলো কার্যসূচী বাতিল কৰি ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে৷

ৰাজীৱ ভৱনৰ এক সূত্রই দাবী কৰা মতে, সভাপতি বৰাক এআইচিচিয়ে তলব কৰাৰ মূলতে এআইইউডিএফৰে মিত্রতা৷ বদৰুদ্দিন আজমলৰ দলটো কংগ্রেছ নেতৃত্বাধীন বিৰোধী মিত্রজোঁট ইউপিএৰ অন্যতম অংশীদাৰ৷ সেই হিচাপতে বিগত বিধানসভা নির্বাচনত কংগ্রেছ–এআইইউডিএফ মহাজোঁট বন্ধন ৰূপে অৱতীর্ণ হৈছিল৷ কিন্তু বিজেপিৰ ছুনামিত মহাজোঁট বন্ধন সফল হ’ব নোৱাৰিলে৷ অসমৰ জনসাধাৰণে ভোটযুদ্ধত কংগ্রেছ–এআইইউডিএফক প্রত্যাখ্যান কৰাৰ সমান্তৰালভাৱে নির্বাচনৰ পাছতে দল দুটাৰ মিত্রতাতো ফাট মেলে৷

লক্ষণীয়ভাৱে প্রদেশ কংগ্রেছৰ সভাপতি হোৱাৰ পাছৰে পৰা বৰাই বাৰে বাৰে মিত্রতাক লৈ এআইইউডিএফৰ বিপৰীত মেৰুত অৱস্থান কৰি আহিছে৷ আনকি তেওঁৰ স্পষ্ট ঘোষণা– মই প্রদেশ কংগ্রেছৰ সভাপতি পদত থকালৈকে এআইইউডিএফৰ সৈতে মিত্রতা নহয়৷ তদুপৰি এআইইউডিএফৰ দখলত থকা সমষ্টিসমূহত সভাপতি বৰাৰ নির্দেশত প্রদেশ কংগ্রেছে সাংগঠনিক তৎপৰতাও বৃদ্ধি কৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাৰ এনে স্থিতিৰ বিপৰীতে লোকসভা নির্বাচনক লৈ নতুন সমীকৰণেৰে এআইচিচিয়ে মিত্রতাৰ বিষয়টোত আগবাঢ়িছে বুলি সূত্রটোৰ দাবী৷

ইফালে, জানিব পৰা মতে প্রদেশ কংগ্রেছৰ সভাপতি বৰাই আজি নিশাৰ ভাগত এআইচিচিৰ শীর্ষ নেতৃত্বৰে বৈঠকত মিলিত হোৱাৰ কথা৷ এই বৈঠকতে মিত্রতা সন্দর্ভত এআইচিচিয়ে তেওঁৰ মতামত গ্রহণ কৰিব৷ ইয়াৰ পাছত হাইকমাণ্ডে তেওঁৰ সৈতে বৈঠকত বহিব পাৰে৷ মুঠৰ ওপৰত এই প্রক্রিয়াৰ জৰিয়তে সমগ্র বিষয়টো সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিব হাইকমাণ্ডে৷ লক্ষণীয়ভাৱে প্রদেশ কংগ্রেছৰ সভাপতি বৰাক এআইচিচিয়ে তলব কৰাক লৈ ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত চর্চা আৰম্ভ হৈছে৷ এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি বিজেপি বিধায়ক দিগন্ত কলিতাই কয়– মই যিমানদূৰ জানো তেওঁলোকৰ তিনিজন সাংসদে মিত্রতা বিচাৰিছে৷ এতিয়া ভূপেন কুমাৰ বৰাৰ অস্তিত্ব নাইকিয়া হৈছে৷ ছোনিয়া গান্ধী–ৰাহুল গান্ধীয়ে মাতিলে মিত্রতা তেওঁ নতশিৰে মানি ল’ব৷ সেইদৰে এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই অসম প্রদেশ কংগ্রেছক কনফিউজড পার্টী আখ্যা দিয়ে৷ তেওঁ কয় যে বিজেপিক হৰুৱাবলৈ যি কৰিব লাগে কৰিব৷ কিন্তু অসম প্রদেশ কংগ্রেছ এটা কনফিউজড পার্টী৷

You might also like