নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপাৰেচন দোস্ত

তুৰস্কৰ স্থানীয় ভাষা অর্থাৎ তুর্কিশ ভাষাত ‘দোস্ত’ আৰু হিন্দী ভাষাত ‘দোস্ত শব্দটোৰ অর্থ একেই– মিত্র৷ শেহতীয়াকৈ ভাৰতবর্ষই তুৰস্কত এই নামেৰে এটা অভিযান আৰম্ভ কৰিছে৷ অভিযান দোস্ত৷ ভূমিকম্পই ধবংসস্তূপত পৰিণত দেশখনক উদ্ধাৰকার্যৰ লগতে চিকিৎসা সেৱা আগবঢ়াবলৈ নতুন দিল্লীয়ে অভিযানটো আৰম্ভ কৰিছে৷ ভাৰতবর্ষৰ এই মানৱীয় সাহায্য এতিয়া বিশ্বজুৰি চর্চাৰ বিষয় হৈছে পৰিছে৷ আনকি ৰাষ্ট্রসংঘৰ ফালৰ পৰাও ভাৰতবর্ষৰ পদক্ষেপক প্রশংসা কৰা হৈছে৷ অৱশ্যে ইয়াৰ অর্থ এইটো নহয় যে সংকটৰ সময়ত তুৰস্কক সহায় কৰা ভাৰতবর্ষ বিশ্বৰ একমাত্র দেশ৷ আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্রকে ধৰি বিশ্বৰ বিভিন্ন দেশ আজি তুৰস্কৰ কাষত থিয় দিছে৷ সংকটৰ এই জটিল ক্ষণত সকলোৱে কান্ধত কান্ধ মিলাই তুৰস্কক সহায় কৰি আছে৷ ধ্বংসস্তূপত বন্দী লোকক উদ্ধাৰ কৰি আছে৷ চিকিৎসা সাহায্য প্রদান কৰিছে৷ প্রতিকূল পৰিৱেশৰ মাজতো সকলোৱে দুর্গত লোকক সহায়ৰ বাবে সর্বস্ব উজাৰি দিছে৷ হিমপাতৰ মাজত, শূন্য ডিগ্রী তাপমানৰ প্রত্যাহ্বানক নেওচি উদ্ধাৰকার্য চলাই আছে৷ তাৰ মাজৰে এখন দেশ হৈছে ভাৰতবর্ষ৷ আন দেশৰ সৈতে ভাৰতৰ প্রধান পার্থক্যটো হৈছে ভূমিকম্পৰ বাতৰি পোৱাৰ লগে লগে ভাৰতে তুৰস্কলৈ উদ্ধাৰকাৰী দল, চিকিৎসা সামগ্রী, চিকিৎসকৰ দল প্রেৰণৰ সিদ্ধান্ত লৈ তৎকালে ইয়াক কার্যকৰী কৰিছে৷ চৰকাৰী সিদ্ধান্তৰ প্রায় লগে লগে ভাৰতীয় দল তুৰস্কলৈ ৰাওনা হৈছে৷ বায়ুসেনাৰ চি ১৭ গ্লোবমাষ্টাৰ বিমানেৰে এনডিআৰএফৰ দুটা উদ্ধাৰকাৰী দল, ডগ স্কোৱাড, চিকিৎসা উপকৰণ, ত্রাণ সামগ্রী লৈ প্রথমটো দল উৰা মাৰিছে৷ শেহতীয়াকৈ এনডিআৰএফৰ অতিৰিক্ত দলো দেশখনলৈ ৰাওনা হৈছে৷ মহাসংকটৰ মুহূর্তত ভাৰতে সহায় কৰিবলৈ এক মুহূর্তও বিলম্ব কৰা নাই৷ তুৰস্কৰ স’তে ভাৰতৰ সম্পর্ক কি, দেশখনৰ ৰাজনৈতিক নেতৃত্বই ভাৰতৰ ক্ষেত্রত কি নীতি গ্রহণ কৰি আহিছে, তাক এক মুহূর্তৰ বাবেও মনলৈ অনা নাই৷ এক বিশ্ব এক পৰিয়াল আৰু এটাই ভৱিষ্যতৰ নীতিত চলা ভাৰতে বিপদৰ সময়ত সহায় আৰু সাহায্যৰ বাবে আন কোনো কথাই মনলৈ নানে৷ সেয়ে ভাৰতবর্ষ মহান৷ ভাৰতীয় মূল্যবোধ অতুল্য৷ তুৰস্কৰ ভাৰতবিৰোধী স্থিতিৰ ইতিহাস দীঘলীয়া৷ বিশেষকৈ ৰিচেপ তায়িপ এর্ডোগান ক্ষমতালৈ অহাৰ পিছৰে পৰা তুৰস্কৰ এটাই নীতি হৈছে ভাৰতৰ স্বার্থত আঘাত হনা৷ নিজকে মুছলিম বিশ্বৰ খলিফা হিচাপে প্রতিষ্ঠা কৰিব বিচৰা এর্ডোগানে জম্মু–কাশ্মীৰৰ অচিলাৰে ভাৰতৰো মুছলমানসকলক বিপথে পৰিচালিত কৰিব বিচাৰে৷ কেন্দ্রীয় চৰকাৰে জম্মু–কাশ্মীৰৰ পৰা সংবিধানৰ বিশেষ মর্যাদা উঠাই লোৱাৰ পিছত পাকিস্তানৰ সুৰতে সুৰ মিলোৱা প্রথম দেশখনেই আছিল তুৰস্ক৷ পাকিস্তান আৰু মালয়েছিয়াৰে মিলি ৰাষ্ট্রসংঘৰ মজিয়াত ভাৰতক শ’লঠেকত পেলাব বিচাৰিছিল এর্ডোগানে৷ অকল সেয়াই নহয়, পৰৱর্তী সময়তো জম্মু–কাশ্মীৰৰ অচিলাৰে ভাৰতবিৰোধী স্থিতি গ্রহণ কৰি আহিছে এর্ডোগানে৷
পাক অধিকৃত জম্মু–কাশ্মীৰত তুৰস্কৰ অর্ধসামৰিক বাহিনী ছাদাত মোতায়েন কৰিব বিচাৰিছিল এর্ডোগানে, যাতে ভাৰতৰ সৈতে পাকিস্তানে মোকাবিলা কৰিব পাৰে৷ অৱশ্যে তুৰস্কৰ ভাৰতবিৰোধী স্থিতিক বর্তমানৰ চৰকাৰখনে অর্থাৎ নতুন দিল্লীয়ে কূটনৈতিক পদক্ষেপৰ জৰিয়তে প্রত্যুত্তৰ দি আহিছে৷ আর্মেনিয়াক পিনাকা মিছাইল পদ্ধতি বিক্রী কৰি ভাৰতে আজাৰবাইজানৰ বিৰুদ্ধে পূর্বৰ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্রখনক প্রতিৰক্ষা দিশত শক্তিশালী কৰিব বিচাৰিছে৷ এটা কথা সর্বজনবিদিত যে আজাৰ বাইজানে সামৰিক শক্তি লাভ কৰিছে তুৰস্কৰ পৰা৷ লগতে আছে পাকিস্তান৷ ভাৰতে আর্মেনিয়াক সমৰাস্ত্র দিয়াৰ মূলতে হৈছে তুৰস্কক নিয়ন্ত্রণ কৰা৷ চাপত পেলোৱা৷ তুৰস্কৰ আর্থিক অৱস্থাও প্রায় পাকিস্তানৰ সমপর্যায়ৰ৷ মুদ্রাস্ফীতি পাকিস্তানতকৈ অধিক৷ এই অৱস্থাত ভাৰতে আর্মেনিয়াৰ জৰিয়তে তুৰস্কৰ ওপৰত চাপৰ সৃষ্টি কৰাৰ কৌশল অৱলম্বন কৰিছে৷ অকল সেয়াই নহয়, তুৰস্ক আৰু গ্রীচৰ মাজত সংঘাতৰ কথা সমগ্র বিশ্বই জানে৷ ছাইপ্রাছৰ সৈতে তুৰস্কৰ সংঘাতো সকলোৱে জনা কথা৷ ভাৰতৰ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে অলপতে গ্রীচ আৰু ছাইপ্রাছ ভ্রমণ কৰি আহিছে৷ প্রকাৰান্তৰে বুজাই দিছে যে কাশ্মীৰ কাশ্মীৰ আলাপ বন্ধ নকৰিলে ভাৰতীয় বৈদেশিক নীতি গ্রীচ আৰু ছাইপ্রাছলৈ যাব পাৰে৷ কেইমাহমান পূর্বে ৰাছিয়াৰ চোৰাংচোৱা সংস্থাই মস্কোত দুজন জেহাদীক আটক কৰিছিল৷ দুয়ো আত্মঘাতী জেহাদীয়ে মস্কোৰ পৰা ভাৰতলৈ আহি নুপূৰ শর্মাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল৷ দুয়োজন জেহাদীক তুৰস্কত প্রশিক্ষণ দিয়া হৈছিল৷ ইয়াৰ পৰা বুজা যায় যে তুৰস্কৰ ভূমিও ভাৰতবিৰোধী কার্যকলাপৰ বাবে ব্যৱহাৰ হৈছে৷ কেন্দ্রীয় চৰকাৰে পিএফআইক নিষিদ্ধ কৰোঁতে এটা কথা ওলাইছিল যে পিএফআইৰ সৈতে মুছলিম ব্রাদাৰহুড নামৰ সন্ত্রাসবাদী–জেহাদী সংগঠনটোৰ সম্পর্ক আছে৷ মুছলিম ব্রদাৰহুডৰ সৈতে তুৰস্কৰ ভূমিৰো সম্পর্ক আছে৷ মুঠতে ভৌগোলিকভাৱে আঁতৰত থাকিলেও তুৰস্কই ভাৰতৰ ক্ষতি কৰিবলৈ সদায়েই অপচেষ্টা চলাই আহিছে৷ এর্ডোগানৰ এই দুষ্কার্যত সহযোগী হৈ আছে পাকিস্তান৷ কিন্তু বিধিৰ কি বিপাক, তুৰস্কলৈ ভাৰতৰ উদ্ধাৰকাৰী দল, ত্রাণ সামগ্রী, চিকিৎসা উপকৰণ লৈ যোৱা বিমানৰ বাবে পাকিস্তানে নিজ দেশৰ আকাশ এৰি দিবলৈ অস্বীকাৰ কৰে৷ যাৰ বাবে ভাৰতীয় বিমান অনেক দূৰ ঘূৰিহে তুৰস্কত উপস্থিত হ’ব লগা হয়৷ আর্থিকভাৱে দেউলীয়া হৈ পৰা ইছলামাবাদে বিপদৰ সময়ত মিত্র তুৰস্কক একপ্রকাৰ প্রতাৰণা কৰিলে৷ এর্ডোগান চৰকাৰে পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰিফৰ তুৰস্ক ভ্রমণ বাতিল কৰিবলৈ বাধ্য কৰোৱাটো ইয়াৰে পার্শ্বক্রিয়া হিচাপে বিবেচিত হৈছে৷ অৱশ্যে সংকটকাল আঁতৰাৰ পিছত ভাৰতৰ ক্ষেত্রত ইমানদিনে অনুসৰণ কৰি অহা নীতিক তুৰস্কই অব্যাহত ৰাখে নে মিত্রৰ দৰে আচৰণ কৰে, সেয়া লক্ষণীয় হ’ব৷ লগতে এইটোও স্পষ্ট যে শক্তিশালী ভাৰতৰ বাবে তুৰস্কৰ প্রত্যাহ্বান একোৱোই নহয়৷ কিন্তু কূটনৈতিকভাৱে শত্রু ৰাষ্ট্রৰ সংখ্যা হ্রাস কৰাটো ভাৰতৰ বাবে জৰুৰী৷

You might also like