নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ অন্তিমবাৰৰ বাবে অনুষ্ঠিত হ’ব মেট্রিক পৰীক্ষা: অনুষ্ঠিত হ’ব দশম শ্রেণীৰ পৰীক্ষা, নাথাকিব শীর্ষ ২০টা স্থান

  • আগন্তুক শিক্ষাবর্ষৰ পৰা ৰাজ্যত বলৱৎ হ’ব নতুন শিক্ষা নীতি
  • চৰকাৰৰ পৰা ৮০ শতাংশ প্রস্তুতি সম্পূর্ণ
  • জনালে শিক্ষা উপদেষ্টা ননীগোপাল মহন্তই
  • মহাবিদ্যালয়ৰ পৰা আঁতৰিব একাদশ–দ্বাদশ শ্রেণী
  • নাথাকিব বিজ্ঞান, বাণিজ্য, কলা বুলি সুকীয়া পাঠ্যক্রম
  • মেট্রিক পৰীক্ষাক লৈ সাজু ছেবা, চাৰিটাকৈ মুখ্য বিষয়ত প্রশ্ণৰ পৰিৱর্তন

নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী: ৰাষ্ট্রীয় শিক্ষা নীতি বলৱৎ কৰাৰ বাবে সম্পূর্ণৰূপে সাজু হৈছে শিক্ষা বিভাগ৷ কার্যতঃ আগন্তুক শিক্ষাবর্ষৰ পৰাই ৰাজ্যত বলৱৎ কৰা হ’ব ৰাষ্ট্রীয় শিক্ষা নীতি৷ এই লক্ষ্যৰে ইতিমধ্যে ব্যাপক তৎপৰতা চলাই থকা শিক্ষা বিভাগে ৰাজ্যৰ প্রতিখন বিশ্ববিদ্যালয়লৈ প্রেৰণ কৰিছে এলানি বিশেষ নির্দেশনা৷ নতুন শিক্ষা নীতি বলৱৎ হোৱাৰ লগে লগে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাঠ্যক্রমত ব্যাপক পৰিৱর্তন অহাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ সেই মতে অন্তিমবাৰৰ বাবে এই বর্ষত অনুষ্ঠিত হ’ব মেট্রিক পৰীক্ষা৷ অহা বর্ষৰ পৰা নাথাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ ইয়াৰ পৰিৱর্তে দশম শ্রেণীৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ তদুপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে বিলুপ্তি ঘটিব শীর্ষ ২০টা স্থানৰ৷  এই কথা সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিলে শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তই৷

শিক্ষা উপদেষ্টাজনে প্রকাশ কৰা মতে, ৰাজ্যৰ প্রতিখন বিশ্ববিদ্যালয় আৰু স্বায়ত্তশাসিত মহাবিদ্যালয়সমূহক্ পাঠ্যক্রম প্রস্তুত কৰাৰ বাবে নির্দেশ দিয়া হৈছে৷ শিক্ষা বিভাগৰ তৰফৰ পৰা ইতিমধ্যে নতুন পাঠ্যক্রমৰ ৮০ শতাংশ সাজু হৈছে৷ ইয়াৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনি আৰু শিক্ষকৰ পদ পূৰণৰ ক্ষেত্রত এইবাৰ বাজেটত পদক্ষেপ গ্রহণ কৰা হ’ব৷ বিশ্ববিদ্যালয় আৰু স্বায়ত্তশাসিত মহাবিদ্যালয়সমূহে চৰকাৰৰ এই পদক্ষেপক কিদৰে বাস্তৱায়িত কৰে, সেয়া লক্ষণীয় হ’ব৷ শিক্ষা উপদেষ্টাজনে প্রকাশ কৰা অনুসৰি নতুন শিক্ষা নীতি বলৱৎ হ’লে মহাবিদ্যালয়ৰ পৰা আঁতৰি যাব একাদশ আৰু দ্বাদশ শ্রেণী৷ তদুপৰি নাথাকিব বিজ্ঞান, বাণিজ্য, কলা বুলি সুকীয়া পাঠ্যক্রম৷ বিদ্যালয়সমূহত নৱম, দশম, একাদশ আৰু দ্বাদশ একেলগে সংযোগ হ’ব৷ ইয়াৰ জৰিয়তে নতুন শিক্ষা নীতিত প্রথম শ্রেণীৰ পৰাই দ্বাদশ শ্রেণীলৈ একেখন বিদ্যালয়ৰ কেম্পাছত থকাৰ ব্যৱস্থা লোৱা হ’ব৷ শিক্ষা নীতি বলৱৎ হোৱাৰ লগে লগে আন কেইবাটাও দিশত পৰিৱর্তন আহিব৷

শিক্ষা উপদেষ্টা ড০ মহন্তই জানিবলৈ দিয়া অনুসৰি স্নাতক পাঠ্যক্রমত ডিপ্লমা ক’ৰ্চ থাকিব৷ সেই অনুসৰি কোনো শিক্ষার্থীয়ে এবছৰ থাকিয়েই পাঠ্যক্রমৰ পৰা আঁতৰি গ’লে এবছৰৰ বাবে প্রমাণ–পত্র দিয়া হ’ব৷ তদুপৰি দুবছৰীয়া পাঠ্যক্রম সম্পূর্ণ কৰিলে ডিপ্লমা ক’চ হ’ব৷ তিনি বছৰ সম্পূর্ণ কৰিলে তেওঁক ডিগ্রীৰ প্রমাণ–পত্র দিয়া হ’ব আৰু চাৰি বছৰ সম্পূর্ণ কৰিলেও গৱেষণা কৰাৰ প্রমাণ–পত্র দিয়া হ’ব৷ উল্লেখ্য যে ৰাষ্ট্রীয় শিক্ষা নীতি বলৱৎ কৰাৰ ক্ষেত্রত ইতিমধ্যে সকলো ধৰণৰ প্রস্তুতিৰে আগবাঢ়িছে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহ৷

মেট্রিক পৰীক্ষাক লৈ সাজু ছেবা, চাৰিটাকৈ মুখ্য বিষয়ত প্রশ্নৰ পৰিৱর্তন

ইফালে নতুন শিক্ষা নীতিৰেই চলিত বর্ষৰ মেট্রিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্রস্তুতি চলাইছে ছেবাই৷ চাৰিটাকৈ মুখ্য বিষয়ত এইবাৰ পৰিৱর্তন আনিছে ছেবাই৷ নতুন শিক্ষা নীতিৰ আধাৰত প্রথমবাৰলৈ অনুষ্ঠিত হ’ব লগা মেট্রিক পৰীক্ষাত চাৰিটা বিষয়ত থাকিব ৫০ শতাংশ অবজেকটিভ (১ নম্বৰৰ) প্রশ্ন৷ লগতে প্রথমবাৰৰ বাবে গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ত থাকিব দুখনকৈ পৃথক পৃথক উত্তৰবহী৷ য’ত প্রথমখন উত্তৰবহী হ’ব ৮ পৃষ্ঠাৰ, এই উত্তৰবহীত শিক্ষার্থীসকলে অবজেকটিভ প্রশ্নৰ উত্তৰ কৰিব পাৰিব৷ আনহাতে, দ্বিতীয়খন বহী হ’ব ১৬ পৃষ্ঠাৰ৷ য’ত কৰিব পাৰিব ডেছকেপটিভ প্রশ্নৰ উত্তৰ (দীঘলীয়া প্রশ্ণ)৷ অসমীয়া আৰু ঐচ্ছিক বিষয়ত পূর্বৰ নিয়ম অপৰিৱর্তিত থাকিব৷ একেদৰে এইবাৰ প্রথমবাৰৰ বাবে উত্তৰবহীত আলপিনৰ পৰিৱর্তে বহীৰ ওপৰত থকা ৰছীৰে অতিৰিক্ত উত্তৰবহী সংলগ্ন কৰাৰ ব্যৱস্থা কৰিছে ছেবাই৷ উল্লেখ্য যে এইবাৰ পৰীক্ষাত অৱতীর্ণ হ’ব ৪ লাখ ২৩ হাজাৰ পৰীক্ষার্থী৷ অহা ৩ মার্চৰ পৰা ২০ মার্চলৈ অনুষ্ঠিত হ’ব পৰীক্ষা৷ আনহাতে, ৬২ হাজাৰ পৰীক্ষার্থী অৱতীর্ণ হ’ব ব্যৱহাৰিক পৰীক্ষাত৷ ছেবাই ইতিমধ্যে সকলো পৰীক্ষা কেন্দ্রলৈ এডমিট কার্ড প্রেৰণ কৰিছে৷ ৰাজ্যৰ ৯১২টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ’ব লগা মেট্রিক পৰীক্ষাত বলৱৎ থাকিব ১৪৪ ধাৰা আৰু চিচি টিভি সংযোগ৷

You might also like