নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেখানুদানত বিত্তমন্ত্ৰীৰ ঘোষণা : আশা ছুপাৰভাইজৰ, আশাকর্মী, অংগনৱাড়ী কৰ্মী-সহায়িকাৰ পাৰিতোষিক বৃদ্ধি

মাহিলী বেতন পর্যাপ্ত নোহোৱাৰ অভিযোগ তুলি থকা অংগনৱাড়ী কর্মী, আশা ছুপাৰভাইজৰ, আশাকর্মী, অংগনৱাড়ীৰ সহায়িকাৰ পাৰিতোষ বৃদ্ধি প্রস্তাৱ লোৱা হৈছে বাজেটত৷ আজি বিধানসভাত আগন্তুক বিত্তীয় বর্ষৰ প্রাৰম্ভিক মাহসমূহৰ বাবে দাখিল কৰা লেখানুদানত বিত্তমন্ত্রী অজন্তা নেওগে অংগনৱাড়ী আৰু আশাকর্মীৰ পাৰিতোষিক বৃদ্ধিৰ প্রস্তাৱ দাঙি ধৰে৷

এই অনুসৰি অংগনৱাড়ীৰ মাহিলী পাৰিতোষিক ৬৫০০ টকাৰ পৰা ৮০০০ টকালৈ বৃদ্ধি কৰা হৈছে৷ একেদৰে অংগনৱাড়ী সহায়িকাৰ পাৰিতোষিক ৩২৫০ টকাৰ পৰা ৪০০০ টকালৈ আৰু পোষণ–ৰান্ধনিৰ পাৰিতোষিক ১৫০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰা হৈছে৷

সমান্তৰালভাৱে আশাকর্মীসকলৰ পাৰিতোষিক ৩০০০ টকাৰ পৰা ৪০০০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজৰসকলৰ্ পাৰিতোষিক ৯০০০ টকাৰ পৰা ১০,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে৷ আনহাতে চৰকাৰে ৯,০৫৪টা অংগনৱাড়ী কেন্দ্র নির্মাণৰ পদক্ষেপ লৈছে, ইয়াৰে ৩,৮৭০টা কেন্দ্রৰ কাম সম্পূর্ণ হৈছে৷

বিত্তমন্ত্রী অজন্তা নেওগে আজি বাজেট ভাষণত ঘোষণা কৰে যে ৰাজ্য চৰকাৰৰ পদক্ষেপৰ লগত সংগতি ৰাখি অনুমেয় অৱসৰকালীন সুবিধা প্রদান কৰিবলৈ ৰাজ্য চৰকাৰে এক ইউনিফাইড পেঞ্চন আঁচনি প্রৱর্তন কৰাৰ লগতে চৰকাৰৰ কর্মচাৰীৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰা হৈছে৷ চৰকাৰৰ আপোন বাহন আঁচনিৰ অধীনত ১০.৭৬ কোটি টকাৰ সুত সাহায্য হিচাপে মঞ্জুৰ কৰা হৈছে৷

ইয়াৰ দ্বাৰা ৬৭২০গৰাকী চৰকাৰী কর্মচাৰী উপকৃত হৈছে৷ একেদৰে আপোন ঘৰ আঁচনিৰ অধীনত এতিয়ালৈ ৪৭,২৭৭গৰাকী চৰকাৰী কর্মচাৰীলৈ ৭০৬.৫ কোটি টকা সূতৰ ৰাজসাহায্য প্রদান কৰা হৈছে৷ আনহাতে মিছন বসুন্ধৰা আঁচনিৰ অধীনত যোৱা ৫ বছৰত ২৪,৬৮৮টা প্রতিষ্ঠানকে ধৰি তিনি লাখৰো অধিক হিতাধিকাৰীৰ বাবে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰি প্রায় ৪.১৫ লাখ বিঘা ভূমিত নিষ্পত্তিকৰণ কৰি ভূমিহীন নাগৰিকক ভূমিৰ পট্টা প্রদান কৰা হৈছে৷

ডিজিটেল ডেস্ক, ১৭ ফেব্রুৱাৰী

You might also like