২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই
অসমৰ ৰাজনীতিত পুনৰ এক গুৰুত্বপূৰ্ণ পৰিৱর্তন। আগন্তুক ২২ ফেব্ৰুৱাৰীত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। এই কথা ভূপেন বৰাক নিজ বাসগৃহত সাক্ষাতৰ পিছতে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ইতিমধ্যে শীৰ্ষ নেতৃত্বৰ সৈতে প্ৰাথমিক আলোচনা সম্পন্ন হৈছে আৰু যোগদানৰ তাৰিখো চূড়ান্ত হৈছে। যদিও এই বিষয়ে বৰাৰ ফালৰ পৰা এতিয়ালৈ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণাই সেয়া নিশ্চিত কৰিলে। জানিব পৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ফালৰ পৰাও বৰাৰ বিজেপি আগমনক আদৰণি জনোৱা বুলি জানিব পৰা গৈছে।
এই যোগদানে আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনৈতিক সমীকৰণত লক্ষণীয় প্ৰভাৱ যে পেলাব, সেয়া নিশ্চিত।
ডিজিটেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী