নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ অংকঃ প্রথম পর্যায়ৰ ৬ দ্বিতীয় পর্যায়ৰ ১২ সমষ্টি পাব এআইইউডিএফে

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ মঙলবাৰে ৰাজ্যখনত তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈ যোৱাৰ পাছত প্রতিটো দলৰ মাজত আৰম্ভ হৈছে কোনে কিমানখন আসন লাভ কৰিব তাৰ অংক৷ অহা দুই মে’ত হ’বলগীয়া ভোটগণনাতহে নির্বাচনী ফলাফল প্রকাশ পাব যদিও ভোটগণনাৰ দিনটোলৈ অপেক্ষা কৰাৰ পূর্বেই ৰাজনৈতিক দল আৰু প্রতিদ্বন্দ্বী প্রার্থীসকলৰ মাজত আৰম্ভ হৈছে জয়–পৰাজয়ৰ হিচাপ–নিকাচ৷ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ স্পষ্ট কথা– তেওঁলোকে এইবাৰ কমেও ১৮খন আসনত জয়লাভ কৰাটো নিশ্চিত৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে তিনিওটা পর্যায় মিলি ১৮ৰ পৰা ১৯খন আসন লাভ কৰাৰ দাবী কৰিছে৷ এইবাৰ নির্বাচনত এ আই ইউ ডি এফ দলে মুঠ ২১টা সমষ্টিত প্রার্থিত্ব আগবঢ়াইছে৷ ইয়াৰে ১৮–১৯খন আসনত তেওঁলোক জয়ী হ’ব বুলি আশা কৰিছে৷

দলটোৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি প্রথম পর্যায়ৰ নির্বাচনত এটা সমষ্টি, দ্বিতীয় পর্যায়ৰ নির্বাচনত ৬টা সমষ্টি আৰু তৃতীয় পর্যায়ৰ নির্বাচনত ১২টা সমষ্টি লাভ কৰিব৷ প্রথম পর্যায়ৰ নির্বাচনত ধিং সমষ্টি, দ্বিতীয় পর্যায়ৰ নির্বাচনত যমুনামুখ, সোণাই, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা আৰু আলগাপুৰ, তৃতীয় পর্যায়ৰ নির্বাচনত মানকাচৰ, ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা পূব, বিলাসীপাৰা পশ্চিম, জনিয়া, বাঘবৰ, সৰুক্ষেত্রী, চেঙা, জলেশ্বৰ, দলগাঁও আৰু ভৱানীপুৰ সমষ্টি তেওঁলোকৰ দখললৈ আহিব৷ তৃতীয় পর্যায়ত ভোটগ্রহণ হোৱা বাঘবৰ, সৰুক্ষেত্রী, চেঙা, জলেশ্বৰ আৰু দলগাঁও সমষ্টিত কংগ্রেছৰ সৈতে এ আই ইউ ডি এফে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ এই পাঁচটা সমষ্টিৰ ভিতৰত বাঘবৰ আৰু সৰুক্ষেত্রীত কংগ্রেছৰ সৈতে তেওঁলোকৰ তুমুল প্রতিদ্বন্দ্বিতা হৈছে বুলি সূত্রটোৱে প্রকাশ কৰে৷

বাঘবৰ আৰু সৰুক্ষেত্রীত এ আই ইউ ডি এফ অথবা কংগ্রেছ প্রার্থীয়ে জয়লাভ কৰিব৷ ইয়াৰ বাহিৰে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা চেঙা, জলেশ্বৰ আৰু দলগাঁৱত এ আই ইউ ডি এফৰ প্রার্থীয়ে জয়লাভ কৰিব৷ এ আই ইউ ডি এফৰ সূত্রটোৱে আৰু জানিবলৈ দিয়া মতে, কংগ্রেছৰ সৈতে হোৱা মিত্রতা সূত্রে তেওঁলোকৰ দখলত থকা কৰিমগঞ্জ দক্ষিণ, নাওবৈচা আৰু অভয়াপুৰী দক্ষিণ সমষ্টি এইবাৰ তেওঁলোকে কংগ্রেছক এৰি দিছে৷ দলৰ সভাপতি বদৰুদ্দিন আজমলৰ নির্দেশমর্মে উক্ত তিনিওটা সমষ্টিত এ আই ইউ ডি এফৰ প্রতিগৰাকী নেতা–কর্মীয়ে কংগ্রেছৰ প্রার্থীৰ হৈ দেহেকেহে কাম কৰিছে৷ সেয়ে উক্ত তিনিওটা সমষ্টিত কংগ্রেছ প্রার্থীয়ে জয়লাভ কৰিব বুলি এ আই ইউ ডি এফে দাবী কৰে৷ মন কৰিবলগীয়া এয়ে যে কংগ্রেছে কৰিমগঞ্জ দক্ষিণ সমষ্টিত প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদ, নাওবৈচাত প্রাক্তন মন্ত্রী ভৰত নৰহ আৰু অভয়াপুৰী দক্ষিণ সমষ্টিত প্রাক্তন প্রয়াত মন্ত্রী চন্দন সৰকাৰৰ পুত্র প্রদীপ সৰকাৰক এইবাৰ দলীয় টিকট দিছে৷

You might also like