নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপহূত জোৱানৰ মুক্তিৰ বাবে চর্ত আৰোপ মাওবাদীৰ

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ অৰণ্য অঞ্চলত চি পি আই (মাওবাদী)য়ে চি আৰ পি এফৰ ওপৰত চলোৱা আক্রমণৰ সময়ত এজন জোৱানক অপহৰণ কৰি নিয়া বুলি আজি এক বিবৃতিত সদৰী কৰিছে৷ বিদ্রোহী সংগঠনটোৰ আক্রমণৰ সময়ত শ্বহীদ হৈছিল ২২জন জোৱান৷ এই অপহূত জোৱানজন কোব্রা কমাণ্ডো ৰাকেশ্বৰ সিং মিনহাছ বুলি নিশ্চিত কৰা হৈছে৷

চি আৰ পি এফৰ ২১০সংখ্যক বেটেলিয়নৰ জোৱান মিনহাছৰ মুক্তিৰ বিনিময়ত চর্ত ৰাখিছে মাওবাদীয়ে৷ বিদ্রোহী সংগঠনটোৰ দণ্ডকাৰণ্য বিশেষ মণ্ডল কমিটী (ডিএছজিচি)ৰ তৰফৰ পৰা দুই পৃষ্ঠাৰ বিবৃতিটোত উল্লেখ কৰা হৈছে যে অপহূত জোৱানজনক মুক্তি দিবলৈ হ’লে চি আৰ পি এফে একাংশ মধ্যস্থতাকাৰীক নিয়োগ কৰিব লাগিব৷

বর্তমান নিৰাপদ অৱস্থাত জোৱাজন থকা বুলি বিবৃতিটোত উল্লেখ কৰাও হৈছে৷ মধ্যস্থতাকাৰীৰে আলোচনাৰ পিছতহে জোৱানজনক আৰক্ষীৰ হাতত গতাই দিয়া হ’ব বুলিও বিদ্রোহী সংগঠনটোৱে স্পষ্ট কৰি দিছে৷

You might also like