নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনলৈ এআইইউডিএফৰ প্ৰাৰ্থী ঘোষণা আজমলৰ

বিশেষ বাৰ্তা, ৩১ অক্টোবৰঃ ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত কেইটা মান মাহ বাকী থকা অৱস্থাত ৰাজ্যত ৰাজনৈতিক দলবোৰৰ মাজত নিৰ্বাচকেন্দ্ৰিক তৎপৰতা আৰম্ভ হৈছে৷ শাসকীয় বিজেপি দলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰাৰ সময়ত বিৰোধী মিত্ৰজোটেও ব্যাপক কৰি তুলিছে নিৰ্বাচনী তৎপৰতা৷ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী শিবিৰে আজমলক একাষৰীয়া কৰি ৰখাৰ সময়ত আজমলে গ্ৰহণ কৰিছে ‘একলা চলো’ নীতি৷ আগন্তুক লোকসভা নিৰ্বাচনত আজমলৰ দলে তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ ডবকাৰ এখন মাদ্ৰাছাত আজি অনুষ্ঠিত হোৱা পৱিত্ৰ কুৰআন পাক প্ৰতিযোগিতাৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল বদৰুদ্দিন আজমলক৷ সেই হিচাপে আজমল উপস্থিত হয় ডবকাত৷ মাদ্ৰাছাৰ মুকলি সভাত ভাগ লোৱাৰ পূৰ্বে আজমলে বিশ্ৰাম লবলৈ উপস্থিত হৈছিল অসমৰ বেচৰকাৰী মাদ্ৰাছাসমূহৰ নিয়ন্ত্ৰক সংগঠন তনজিম মাদাৰিছে কৌমিয়াৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ কাছিমীৰ বাসগৃহত৷ তাতে হোৱা সাংবাদিকৰে বাৰ্তালাপত আজমলে আগন্তক লোকসভা নিৰ্বাচনত তিনিখন আসনত নিজৰ প্ৰাৰ্থী আগবঢ়োৱাৰ কথা ব্যক্ত কৰে৷ তাৰে ধুবুৰীত নিজে প্ৰাৰ্থী হোৱাৰ বিপৰীতে নগাঁৱত ভাতৃ ছিৰাজুদ্দিন আজমল প্ৰাৰ্থী হব বুলি সদৰি কৰে বদৰুদ্দিন আজমলে৷ আজমলৰ মতে, নগাঁৱৰ প্ৰাৰ্থিত্বৰ বাবে ধিঙৰ বিধায়ক আলহাজ আমিনুল ইছলাম, হোজাইৰ প্ৰাক্তন বিধায়ক ডাঃ আদিত্য লাংথাছাৰ নাম আহিছে৷ ছিৰাজুদ্দিন আজমলৰ বিজয়ত ভোটৰ ব্যৱধান বেছি হব বুলি তেওঁক নগাঁৱৰ প্ৰাৰ্থী ৰূপে থিয় কৰোৱা হব বুলি আজমলে কয়৷ অৱশ্যে কৰিমগঞ্জ লোকসভা সমষ্টিত দলটোৰ প্ৰাৰ্থী কোন হব, সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷

প্ৰেৰক জমিৰ উদ্দিন তালুকদাৰ

You might also like