নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ আগত SURRENDER কৰিবলৈ প্ৰত্যাহ্বান বিজেপিক

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ বিটিচিত আজি একে লগে নিৰ্বাচন সভাত অংশ গ্ৰহণ কৰে কংগ্ৰেছ আৰু এআই ইউ ডি এফে। এই নিৰ্বাচনী সভাত আজমলে বিজেপিক তীব্ৰ আক্ৰমণ কৰে। আজমলে বিজেপিক আক্ৰমণ কৰি কয় যে -আজমল মোগল হ’ল আজমল অসমীয়া হ’ল সেইবোৰ কথা কৈ থাকিলে অসমৰ সমস্যা শেষ হৈ যাব নেকি । এই কথাত বুজা যায় যে অসমত নহয় সমগ্ৰ দেশতে সমস্যা শেষ হোৱা নাই এই সন্দৰ্ভত বিজেপিয়ে একো উত্তৰ দিবই নোৱাৰে । যাৰ বাবে বিজেপিয়ে কেৱল আজমল আজমল বুলি কয় যদি বিজেপিৰ আজমল ইমানেই প্ৰিয় তেতিয়াহলে আজমলৰ হাতত আত্মসৰ্মপণ কৰক বিজেপিয়ে।

আজমলে লগতে কয় যে অসমৰ ইতিহাসত একে মঞ্চত কংগ্ৰেছ আৰু এআই ইউ ডি এফে নিৰ্বাচন প্ৰচাৰ কৰাৰ কথা উল্লেখ কৰে। এই মঞ্চতে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিধায়ক ৰকিবুল হুছেইন। কংগ্ৰেছ আৰু এআই ইউ ডি এফে বিটিচিত পৰিষদীয় চৰকাৰ গঠন কৰিব । লগতে আজমলে কংগ্ৰেছক বিগব্ৰাডাৰ বুলি অভিহিত কৰে।

You might also like