নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেখন হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ ৰিপুণ বৰা আৰু আজমলৰ, স্পষ্ট হ’ল মিত্ৰতা

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ একেলগে নিৰ্বাচনী প্ৰচাৰত ভাগ ল’লে ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমলে। বি টি আৰৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দুই নেতাই একেখন হেলিকপ্টাৰত উঠি ৰাওনা হয় পৰ্বতঝোৰা, ননৈ চেৰফাং, পাঁচনৈ চেৰফাং আৰু কলাইগাঁওলৈ।

দুয়োটা দলৰ দুগৰাকী মুৰব্বী নেতাৰ এই নিৰ্বাচনমুখী যাত্ৰাই ভিন্ন জল্পনা-কল্পনাৰ লগতে সংশয়-সন্দেহৰ অৱসান ঘটায় কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা স্পষ্ট কৰে। উল্লেখ্য, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা প্ৰসংগত বিগত দিনত চলি আছিল ভিন ভিন চৰ্চা, কিন্তু আজি একেখন হেলিকপ্টাৰত উঠি ৪ ঠাইত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত দুয়োটা দলৰ মিত্ৰতাই আনুষ্ঠানিক ৰূপ লয়।

You might also like