নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমল ফাউণ্ডেচনলৈ সন্ত্রাসবাদৰ পুঁজি

‘লিগেল ৰাইটছ অবজাৰভেটৰী’ৰ বিস্ফোৰক তথ্য

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ জৰা–ফুঁকাৰ ৰাজনীতিৰে সংখ্যালঘুৰ ভোট আদায় কৰিবলৈ ৰাজনীতি কৰি অহা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল ফাউণ্ডেচন সোমাই পৰিছে আন এক বিতর্কত৷ বিশ্বজুৰি সন্ত্রাস সৃষ্টি কৰা কেইবাটাও দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনৰে জড়িত বিদেশী সংস্থাৰ পৰা আজমল ফাউণ্ডেচনে পুঁজি লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা বেচৰকাৰী সংস্থাই আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে প্রকাশ কৰিছে এই বিস্ফোৰক তথ্যসমূহ৷ ফৰেইন কণ্ড্রিবিউচন ৰেগুলেচন এক্ট ভংগ কৰি বিগত সময়ছোৱাত আজমল ফাউণ্ডেচনে এই বিদেশী পুঁজিৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে৷ টুইটাৰযোগে লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ সংগঠনটোৱে প্রকাশ কৰা তথ্য অনুসৰি, আজমল ফাউণ্ডেচনে বিগত সময়ছোৱাত আই এইচ এইচ–ইনচানি ইয়াৰডিম ভাক্ফি, গ্রেট ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্রাষ্ট, আল–ইমদাদ ফাউণ্ডেচন আৰু মুছলিম এইড নামৰ সংগঠনৰ পৰা পুঁজি লাভ কৰি আহিছে৷ এই সংগঠনসমূহে বিভিন্ন সময়ত কেইবাটাও সন্ত্রাসবাদী সংগঠনক ধন যোগান ধৰিছিল বুলিও প্রকাশ কৰা হৈছে৷ টুইটাৰত বেচৰকাৰী সংস্থাটোৱে সদৰী কৰা অনুসৰি, উম্মাহ ৱেলফেয়াৰ ট্রাষ্টৰ বিৰুদ্ধে ইতিমধ্যে আল আৰবীয়া নামৰ এখন বাতৰিকাকতে সংবাদ প্রকাশ কৰিছিল৷ তেওঁলোকে প্রকাশ কৰা অনুসৰি গ্রেট ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্রাষ্টক সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল ইউ এছ ট্রেজাৰীয়ে৷ সমান্তৰালভাৱে তুৰস্কৰ ইনচানী য়াৰদিম ভাক্ফি নামৰ সংস্থাটো আল–কায়দা আৰু আন্তর্জাতিক জেহাদী নেটৱর্কৰ সৈতে প্রত্যক্ষভাৱে জড়িত থকা বুলি বিশ্বৰ কেইবাটাও চৰকাৰী সংস্থা, সংবাদ গোষ্ঠীয়ে আঙুলিয়াই দিছে৷ ইফালে, আজমল ফাউণ্ডেচনলৈ বৰঙণি আগবঢ়োৱা আন এটা বিদেশী সংস্থা গ্রেট ব্রিটেইনৰ মুছলিম এইডৰ কাশ্মীৰী সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সৈতে প্রত্যক্ষভাৱে সম্পর্ক থকা বুলি সর্বজনবিদিত৷ আনহাতে, বিশ্বজুৰি ত্রাস সৃষ্টি কৰা হামাচ নামৰ সন্ত্রাসবাদী সংগঠনটোৰ সৈতে প্রত্যক্ষ সম্পর্ক থকা আল–ইমদাদ ফাউণ্ডেচনেও বৰঙণি আগবঢ়াই আহিছে আজমল ফাউণ্ডেচনলৈ৷ লিগেল ৰাইটছ অবজাৰভেটৰীয়ে প্রকাশ কৰা তথ্য অনুসৰি ইজৰাইলৰ বিৰুদ্ধে পেলেষ্টাইনত কেইবাটাও আত্মঘাতী বোমা বিস্ফোৰণৰ সৈতে এই সন্ত্রাসবাদী সংগঠনটো জড়িত আছিল৷

তদুপৰি আজমল ফাউণ্ডেচনে বিগত সময়ছোৱাত শিক্ষাৰ ক্ষেত্রত কাম কৰাৰ বাবে ৬৯.৫৫ কোটি টকা লাভ কৰিছিল৷ ইয়াৰে মাত্র ২.০৫ কোটি টকাহে শিক্ষাৰ নামত আজমল ফাউণ্ডেচনে ব্যয় কৰিছে বুলি টুইটাৰত প্রকাশ কৰিছে লিগেল ৰাইটছ অবজাৰভেটৰীয়ে৷ শেহতীয়াকে এই সংস্থাটোৱে আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে টুইটাৰযোগে এটা বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পাছতে স্বাভাৱিকতেই সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়া৷ কিয়নো দীর্ঘসময় ধৰি আজমল ফাউণ্ডেচনে ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্রখনত বিভিন্ন কাম কৰি আহিছে৷ বিশেষকৈ ছাত্র–ছাত্রীৰ অধ্যয়নৰ ব্যয়, আর্তজনৰ চিকিৎসা ব্যয় আদিৰ বাবে আজমল ফাউণ্ডেচনে প্রদান কৰি আহিছে ধন৷ ৰাজ্যবাসীয়ে আজমল ফাউণ্ডেচনৰ পৰা এনে স্বেচ্ছামূলক সেৱা গ্রহণ কৰি আহিছে যদিও ইয়াৰ ধন ক’ৰ পৰা আহে, সেই সন্দর্ভত জ্ঞাত নহয়৷ এনে সময়তে লিগেল ৰাইটছ অবজাৰভেটৰীয়ে প্রকাশ কৰা তথ্যই আজমল ফাউণ্ডেচনৰ পৰা বৰঙণি লোৱা লোকসকলৰ মাজত প্রতিক্রিয়া সৃষ্টি কৰিছে৷

আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে উত্থাপিত এনে গুৰুতৰ অভিযোগৰ প্রতিক্রিয়া প্রকাশ কৰিছে ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই সন্দর্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কয়– ‘অসমৰ বহু লোকৰ ধাৰণা আছে যে বদৰুদ্দিন আজমলে নিজৰ পকেটৰ ধনেৰে মানৱীয় কাম কৰে৷ প্রকৃতার্থত তেনেকুৱা নহয়৷ বছৰি তেওঁ এবাৰত বিভিন্ন বিদেশী সংস্থাৰ পৰা ৭০–৭৫ কোটি টকা লাভ কৰে৷ সেই টকাৰেই হাস্পতালকে ধৰি আন কিছু ক্ষেত্রত ব্যয় কৰি আহিছে৷ এটা প্রতিষ্ঠিত সংস্থাই দাবী কৰিছে যে যি উৎসৰ পৰা টকা আহিছে, সেই উৎস সন্ত্রাসবাদৰ সৈতে জড়িত৷ তদুপৰি যিমান টকা আহিছিল, সেই টকাৰো উচিত ব্যৱহাৰ হোৱা নাই৷ এই দিশটো ভাৰত চৰকাৰে নিশ্চয় তদন্ত কৰিব৷’ আজমল ফাউণ্ডেচনৰ পুঁজি সন্দর্ভত গণমাধ্যমত প্রকাশ পাইছে যদিও ইয়াৰ সত্যাসত্যৰ অনুসন্ধানৰ দায়িত্ব ভাৰত চৰকাৰে গ্রহণ কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে৷ আনহাতে, সন্ত্রাসবাদী সংগঠনৰ সৈতে জড়িত সংস্থাৰ পৰা আজমল ফাউণ্ডেচনে পুঁজি লাভ কৰে বুলি উঠা অভিযোগৰ প্রতিক্রিয়া প্রকাশ কৰিছে সাংসদ তথা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলেও৷ এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয়– ‘বিদেশত এই সংগঠনসমূহে কি কৰি আছে, সেয়া চাবলগীয়া নহয়৷ ভাৰতত যাতে কোনো বে–আইনী কাম নহয়, তাৰ বাবেহে আমি দায়ী৷ বাহিৰত সন্ত্রাসবাদী সংগঠনৰ সৈতে তেওঁলোক জড়িত বুলি আমি নাজানো৷ ফৰেইন কণ্ড্রিবিউচনৰ (এফচিআৰএ) ধন ইফালে–সিফালে খৰচ কৰিব নোৱাৰি৷ অন্যথা এফ চি আৰে পঞ্জীয়ন নম্বৰ পুনৰ নৱীকৰণ নকৰে৷ আমি বছৰ বছৰ ধৰি একেটা পঞ্জীয়ন নম্বৰতে ধন লাভ কৰি আহিছোঁ৷ কাৰোবাৰ অভিযোগ থাকিলে সেয়া দাখিল কৰিব পাৰে৷’

You might also like