নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢাকা চলচ্চিত্র মহোৎসৱলৈ ‘বেলকনিত ভগৱান’

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ ‘২৬সংখ্যক কলকাতা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ’ৰ‘NATIONAL COMPETITION ON INDIAN LANGUAGE’ শাখাৰ বাবে নির্বাচিত হৈ চর্চালৈ অহা ‘বেলকনিত ভগৱান’ নামৰ অসমীয়া চলচ্চিত্রখন এইবাৰ নির্বাচিত হৈছে ‘১৯সংখ্যক ঢাকা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ’লৈ৷

অহা ১৬ৰ পৰা ২৪ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া মহোৎসৱত চলচ্চিত্রখনে দেশ–বিদেশৰ বিভিন্ন চলচ্চিত্রৰ লগত অংশগ্রহণ কৰিব৷ মাইনা প্রডাকচনৰ বেনাৰত নির্মিত চলচ্চিত্রখন পৰিচালনা কৰিছে বিশ্বজিৎ বৰা আৰু প্রযোজনা কৰিছে ‘জেতুকা পাতৰ দৰে’ৰ প্রযোজক নুৰুল চুলতানে৷

চলচ্চিত্রখনত মুখ্য চৰিত্রত অভিনয় কৰিছে বলীউডৰ কেইবাখনো ছবি ক্রমে য়াহা, কমিনে, মিডনাইটচ চিলড্রেন, গেংগচ অৱ ৱাছিপুৰ আদিত অভিনয় কৰা হাৰিশ খান্নাই৷ লগতে আন দুটা মুখ্য চৰিত্রত অভিনয় কৰিছে প্রণামী ভাৰথী আৰু পৰিনান্ধি জিমা চুলতানাই৷

ইয়াৰ উপৰি অৰুণ হাজৰিকা, ৰাজীৱ ক্র’, শোণিত বৰা, সাংবাদিক ইভা মহন্ত, পৱিত্র বৰুৱা, গৌৰীশংকৰ ভূঞা, যতীন খনিকৰ, বিনোদলাল দাস, অজয় ভৰালী, আলোক বৰুৱা, জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জ্যেষ্ঠ অভিনেতা দীনেশ দাস, জ্যেষ্ঠ অধিবক্তা বিজন মহাজন আৰু সাংবাদিক ৰাজদীপ বাইলুং বৰুৱায়ো অভিনয় কৰিছে৷

উল্লেখ্য যে কৃষিমন্ত্রী অতুল বৰায়ো এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ চলচ্চিত্রখনৰ চিত্রগ্রহণ কৰিছে মুম্বাইৰ চিটাংশু খামাৰিয়ে৷ কলা নির্দেশনা জয়ন্ত জিন ফুকনৰ আৰু প্রযোজনা নিয়ন্ত্রণ অসীম শইকীয়াৰ আৰু প্রযোজনা সহকাৰী কুমুদ বৰাৰ৷

You might also like