নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত এলাগী : ৰাজ্যৰ বাহিৰত ধৰফৰণি আজমলৰ

বিশেষ বাৰ্তা, ২০ জুনঃ অহা ২৩ জুনত পাটনাত অনুষ্ঠিত হ’ব বিৰোধী ঐক্যৰ বৈঠক৷ বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ তৎপৰতাত চলিছে সেই বিৰোধী ঐক্য গঠনৰ তৎপৰতা৷ আসন্ন লোকসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে বিৰোধী ঐক্য গঠনৰ বাবে চলা সেই তৎপৰতাত যথেষ্ট উৎসাহিত হৈ পৰিছে৷ অসমত বিৰোধীয়ে এলাগী কৰা এআইইউডিএফ দল৷ ইতিপূর্বে নীতিশ কুমাৰ, শাৰদ পাৱাৰ আদিৰ সৈতে বিৰোধী ঐক্য গঠনৰ বাবে আলোচনাত মিলিত হোৱা এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমল অহা ২৩ জুনত পাটনাত হ’বলগীয়া বিৰোধী ঐক্যৰ বৈঠকত উপস্থিত থাকিব বুলি এআইইউডিএফৰ এক সূত্রই জানিবলৈ দিয়ে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি অহা ২১ জুনত গুৱাহাটীত উপস্থিত হৈ আজমলে দলৰ প্রতিনিধি হিচাপে তেওঁৰ লগত কোনে কোনে পাটনাৰ বিৰোধী ঐক্যৰ বৈঠকত অংশগ্রহণ কৰিব সেই সম্পর্কত সিদ্ধান্ত গ্রহণ কৰিব৷ উল্লেখ্য যে অসম প্রদেশ কংগ্রেছৰ নেতৃত্বৰ লগতে নিখিল ভাৰত কংগ্রেছ কমিটীৰ নেতা জিতেন্দ্র সিং, জয়ৰাম ৰমেশ আদিয়ে এআইইউডিএফৰে কংগ্রেছৰ পুনৰ মিত্রতাৰ বিষয়টো প্রত্যাখান কৰি অহাৰ পাছৰে পৰাই আজমলে নীতিশ কুমাৰ, শাৰদ পাৱাৰ, অখিলেশ যাদৱ আদিৰ নেতৃত্বত গঠন হ’বলগীয়া বিৰোধী ঐক্যৰ সৈতে চামিল হোৱাৰ বাবে বিগত দিনসমূহত ব্যাপক তৎপৰতা চলাই আহিছে৷ তাৰ অংশ হিচাপে পাটনাত হ’বলগীয়া বিৰোধী ঐক্যৰ বৈঠকত আজমলে অংশগ্রহণ কৰিব৷ আজমলৰ এই তৎপৰতাৰ বিপৰীতে অসমৰ কংগ্রেছ নেতৃত্বই কোনো পৰিস্থিতিতে কংগ্রেছ দলে আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে মিত্রতা নকৰে বুলি এতিয়াও বাৰম্বাৰ দোহাৰি আছে৷ আজমল বিৰোধী ঐক্যত চামিল হৈ বিহাৰ, মহাৰাষ্ট্র আদিত ৰাজনীতি কৰিলে কংগ্রেছৰ আপত্তি কৰিবলগীয়া একো নাই৷ কিন্তু অসমত কংগ্রেছ দলে আজমলৰ সৈতে কোনো মিত্রতা নকৰে৷ এনে অৱস্থাত আজমলে বিৰোধী ঐক্যত অংশগ্রহণ কৰিলেও কংগ্রেছৰ সৈতে যদিহে মিত্রতা নহয় তেতিয়াহ’লে আগন্তুক লোকসভা নির্বাচনত এআইইউডিএফ দল কেনেদৰে উপকৃত হ’ব সেয়াহে লক্ষণীয়৷ কিয়নো অসমত জেডি(ইউ), এনচিপি, আৰজেডি আদি দলৰ স্থিতি একপ্রকাৰ শূন্য বুলিব পাৰি৷

You might also like