নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ (অজাপ) আৰু ৰাইজৰ দলৰ প্রকৃত স্বৰূপ পোহৰলৈ আহিব ধৰিছে৷ সৌ সিদিনালৈ নৱগঠিত এই দল দুটাৰ ভূমিকাক লৈ যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছিল৷ কংগ্রেছ আৰু এআইইউডিএফে দল দুটাক বিজেপিৰ বি টীম আৰু বিজেপিয়ে কংগ্রেছৰ বি টীম বুলি অভিহিত কৰি আহিছিল৷ কিয়নো অজাপই কোনো ৰাষ্ট্রীয় দলৰ সৈতে মিত্রতা নকৰে বুলি বাৰম্বাৰ উল্লেখ কৰি অহাৰ সমান্তৰালভাৱে ৰাইজৰ দলে বিজেপিৰ দৰে এআইইউডিএফক সাম্প্রদায়িক দল বুলি অভিহিত কৰি যেতিয়ালৈ কংগ্রেছৰ সৈতে এআইইউডিএফ থাকিব, তেতিয়ালৈকে তেওঁলোক কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ নহয় বুলি কৈছিল৷ কিন্তু দিন বাগৰাৰ লগে লগে দল দুটাৰ স্থিতি সলনি হোৱা পৰিলক্ষিত হৈছে৷ অজাপই কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ দল বিপিএফক সমর্থন জনাই কার্যতঃ পিছদুৱাৰেদি মহাজোঁটৰ অংশীদাৰ হ’বলৈ আগবাঢ়িছে৷ বিপিএফৰ বক্তব্যতে সেই ছবিখন পৰিষ্কাৰ হৈ পৰিছে৷ পানেৰী সমষ্টিৰ বিপিএফৰ প্রার্থী কৰুণাকান্ত স্বর্গীয়াৰীয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি অজাপই বিপিএফক পূর্ণ সমর্থন আগবঢ়াইছে৷
ওদালগুৰি জিলাৰ চাৰিওটা বিধানসভা সমষ্টি কলাইগাঁও, পানেৰী, ওদালগুৰি আৰু মাজবাটত বিপিএফৰ প্রার্থীক পূর্ণ সমর্থন দিছে৷ মন কৰিবলগীয়া এয়ে যে বিপিএফে প্রার্থিত্ব আগবঢ়োৱা বিটিচিৰ অধীনস্থ ১২টা সমষ্টিৰ কোনো এটাতেই অজাপই এইবাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা নাই৷ ইয়াৰ পৰিৱর্তে নৱগঠিত আঞ্চলিক দলটোৱে বিপিএফক পূর্ণ সমর্থন আগবঢ়াইছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটত অংশীদাৰ হোৱাৰ পূর্বে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে অজাপ আৰু ৰাইজৰ দলৰ সৈতে মিত্রতাৰ বাবে কথা–বতৰা পাতিছিল৷ সমান্তৰালভাৱে বিপিএফে পুৰণা বন্ধু কংগ্রেছৰ সৈতেও মিত্রতাৰ কথা–বতৰা চলাই আছিল৷ নির্বাচনী অধিসূচনা জাৰিৰ পিছতেই বিপিএফে আনুষ্ঠানিকভাৱে মহাজোঁটৰ অংশীদাৰ হয়৷ মহাজোঁটৰ অংশীদাৰ হ’লেও বিপিএফে অজাপ আৰু ৰাইজৰ দলৰ সৈতে সম্পর্ক অব্যাহত ৰাখে৷ সেইদৰে মহাজোঁটৰ বিগ ব্রাদাৰ কংগ্রেছেও উপর্যুপৰি প্রত্যাখ্যানৰ পিছতো অজাপ আৰু ৰাইজৰ দলক মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়৷
কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, মহাজোঁটে অজাপ আৰু ৰাইজৰ দলৰ ক্ষেত্রত মিত্রতাৰ দুৱাৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন আনকি নির্বাচনৰ ফলাফল ঘোষণাৰ পিছলৈকে খোলা ৰখাৰ নীতি গ্রহণ কৰিছে৷ মন কৰিবলগীয়া এয়ে যে অজাপই মহাজোঁটৰ প্রার্থীৰ বিৰুদ্ধে মৰিয়নিত অলক ঘোষ, বটদ্রৱাত অৰূপ শইকীয়া আৰু নাজিৰাত ৰিবুলয়া গগৈক দলীয় প্রার্থী হিচাপে প্রক্ষেপ কৰিছিল৷ সেই অনুসৰি তেওঁলোকে মনোনয়ন দাখিল কৰে যদিও ৰহস্যজনকভাৱে মনোনয়ন বাতিল হয়৷ মহাজোঁটৰে কৰা গোপন বুজাবুজিৰ অংশ হিচাপেই উক্ত সমষ্টিকেইটাত অজাপৰ মনোনয়ন বাতিল হয় বুলি বিভিন্ন মহলে সন্দেহ প্রকাশ কৰি আহিছে৷ ইপিনে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মৰিয়নি সমষ্টিত মনোনয়ন দাখিল কৰিও শেষ মুহূর্তত তেওঁ প্রার্থিত্ব প্রত্যাহাৰ কৰে৷ সমষ্টিটোত কংগ্রেছৰ সৈতে তেওঁ প্রতিদ্বন্দ্বিতা আগবঢ়ালে বিজেপি উপকৃত হ’ব বুলি ধাৰণা কৰিয়েই অন্তিম মুহূর্তত প্রার্থিত্ব প্রত্যাহাৰ কৰে৷ অখিল গগৈয়ে মনোনয়ন প্রত্যাহাৰ কৰাৰ পাছতেই সমষ্টিটোৰ কংগ্রেছ প্রার্থী ৰূপজ্যোতি কুর্মীয়ে অখিল গগৈৰ মাতৃক সেৱা কৰি আশীর্বাদ গ্রহণ কৰাটোৱে বিশেষ তাৎপর্য বহন কৰিছে৷ মুঠতে অজাপ আৰু ৰাইজৰ দলে এতিয়া পিছদুৱাৰেদি মহাজোঁটৰ অংশীদাৰ হৈ কার্যতঃ কংগ্রেছক সহায় কৰাৰ বাবে নামি পৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ লগে লগে বিজেপি আৰু অগপই ইমানদিনে নৱগঠিত ৰাজনৈতিক দল দুটা কংগ্রেছৰ ঔৰসত জন্ম হোৱা দল বুলি যি অভিযোগ কৰি আহিছিল, সেয়া সত্য হোৱাৰ পথলৈ অগ্রসৰ হৈছে৷