নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনিৰ পাঁচ সমষ্টিত বিজেপিৰ প্রত্যাহ্বান হৈছে অজাপ

নিয়মীয়া বাৰ্তা, ৫ এপ্রিলঃ ৰাজ্যৰ তৃতীয় পর্যায়ৰ বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানৰ আজি সামৰণি পৰিল৷ অন্তিম দিনটোত সভা–সমদলেৰে নির্বাচনী পৰিৱেশ উত্তাল কৰি তুলিলে শাসক–বিৰোধীয়ে৷ আনুষ্ঠানিক প্রচাৰৰ সামৰণিৰ পিছত শিবিৰে শিবিৰে এতিয়া আৰম্ভ হৈছে ভোটৰ অংক৷ কিন্তু শাসকীয় দল বিজেপিৰ বিজয়ৰ অংকত আউল লগাইছে নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদে৷

নামনি অসমৰ জনগাঁথনিলৈ লক্ষ্য কৰিলে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ বিজয়ৰ পথ মুঠেও মসৃণ নহয় যেনেই লাগে৷ এনে এক কঠিন যুঁজত ৪০টা সমষ্টিৰ ভিতৰত বিজেপিৰ নিশ্চিত বিজয়ৰ সম্ভাৱনা থকা ৫টা সমষ্টিত হেঙাৰ হৈ থিয় দিছে অসম জাতীয় পৰিষদ৷ এই সমষ্টিকেইটা হ’ল– পলাশবাৰী, ধর্মপুৰ, বৰক্ষেত্রী, পাটাছাৰকুছি আৰু বঙাইগাঁও৷

পলাশবাৰী সমষ্টিত বিজেপিৰ প্রার্থী হৈছে হেমাংগ ঠাকুৰীয়া৷ তেওঁৰ বিৰুদ্ধে কংগ্রেছে প্রক্ষেপ কৰিছে প্রাক্তন মন্ত্রী যতীন মালীক৷ জাতীয়তাবাদী ভাবাপন্ন সমষ্টিটোত এইবাৰ বিজেপিৰ জয় সহজসাধ্য হ’ব বুলিয়েই ধাৰণা কৰা হৈছিল৷ কিন্তু শাসকীয় শিবিৰৰ সকলো হিচাপত খেলিমেলি লগাই পলাশবাৰীত শেহতীয়াকৈ শক্তিশালী ৰূপত আত্মপ্রকাশ কৰিছে অজাপ প্রার্থী পংকজ লোচন গোস্বামীয়ে৷

পূর্বৰ অগপ নেতা তথা অঞ্চলটোৰ সৰবৰহী ব্যক্তি গোস্বামীয়ে পলাশবাৰীৰ চুকে–কোণে ধাৰাবাহিক প্রচাৰ চলাই জনতাৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও পলাশবাৰীৰ প্রচাৰ অভিযানত অংশগ্রহণ কৰে৷ যোৱা কেইটামান দিনত অজাপৰ মাৰাথন প্রচাৰে বিজেপিৰ নৱাগত প্রার্থী হেমাংগ ঠাকুৰীয়াৰ সন্মুখত তীব্র প্রত্যাহ্বানৰ সৃষ্টি কৰিছে৷

বিজেপিৰ সবল ভেটি থকা সমষ্টিটো এইবাৰ আগবাঢ়িছে ত্রিকোণীয়া প্রতিদ্বন্দ্বিতাৰ দিশে৷ একেই প্রতিচ্ছবি নলবাৰীৰ ধর্মপুৰৰো৷ ধর্মপুৰত বিজেপিৰ প্রার্থী হ’ল মন্ত্রী চন্দ্রমোহন পাটোৱাৰী৷ কংগ্রেছে এইবাৰ প্রাক্তন মন্ত্রী নীলমণি সেন ডেকাৰ সলনি যুৱ নেতা ৰাতুল পাটোৱাৰীক প্রার্থিত্ব প্রদান কৰিছে৷ তাৰ মাজতে ধর্মপুৰত ক্রমাৎ শক্তিশালী উত্থান ঘটিছে অজাপৰ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ শিখৰ শর্মাই বিগত ছমাহ ধৰি ধর্মপুৰত ৰাজনৈতিক তৎপৰতা অব্যাহত ৰাখিছে৷ ছাত্র–ছাত্রী আৰু যুৱ সমাজে তেওঁক আদৰিও লৈছে৷ এনে পৰিস্থিতিত বিজেপিৰ বাবে ধর্মপুৰ জয়ৰ পথ লাহে লাহে কঠিন হৈ পৰিছে৷ নলবাৰী জিলাৰ আন এটা সমষ্টি বৰক্ষেত্রীত অজাপৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছে অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ পুলকেশ বৰুৱাই৷

বিগত ২০১৬ চনৰ নির্বাচনত বিজেপিৰ নাৰায়ণ ডেকা আৰু কংগ্রেছৰ দিগন্ত বর্মনৰ মাজত পোনপটীয়া প্রতিদ্বন্দ্বিতা হোৱাত শেষ হাঁহি মাৰিছিল বিজেপিয়ে৷ সেই সময়ত বিজেপিত আছিল পুলকেশ বৰুৱা৷ এআইইউডিএফ, কংগ্রেছৰ ভোট বিভাজনেও বিজেপিক সহায় কৰিছিল৷ এইবাৰ বৰক্ষেত্রীত এ আই ইউ ডি এফৰ প্রার্থী নাই৷ গতিকে সংখ্যালঘু ভোট বিভাজনৰ সম্ভাৱনাও নাই৷

ইয়াৰ বিপৰীতে অজাপৰ পুলকেশ বৰুৱাই লাভ কৰা প্রতিটো ভোটেই হ’ব বিজেপি শিবিৰৰ৷ গতিকে বৰক্ষেত্রীত নাৰায়ণ ডেকাৰ বিজয়ৰ পথ এইবাৰ যথেষ্ট কঠিন৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ আন এটা হাইপ্রফাইল সমষ্টি হ’ল পাটাছাৰকুছি৷ এই সমষ্টিৰ দুই প্রতিদ্বন্দ্বী হ’ল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু অসম জাতীয় পৰিষদৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকা৷

২০১৬ত অগপৰ পৰা বিজয়ী হোৱা পবিন্দ্র ডেকা এইবাৰ অজাপৰ প্রার্থী৷ ইপিনে টিকটৰ পৰা বঞ্চিত হৈ অজাপত যোগ দিছেহি বিজেপি নেতা ফণী তালুকদাৰে৷ মূলতঃ কোচ আৰু কলিতা সম্প্রদায়ৰ প্রাধান্য থকা পাটাছাৰকুছিত দুয়োগৰাকী প্রার্থীৰ মাজত জাতিগত সমীকৰণতো স্পষ্টৰূপত ভোট বিভাজন হ’ব৷

সেইবাবেই ৰঞ্জিত কুমাৰ দাসক উদ্ধাৰৰ বাবে পাটাছাৰকুছিত নামিবলগীয়া হ’ল বিজেপিৰ প্রতিগৰাকী ষ্টাৰ প্রচাৰক৷ নামনি অসমৰ আন এটা গুৰুত্বপূর্ণ সমষ্টি হ’ল বঙাইগাঁও৷ এই সমষ্টিটো অগপ নেতা ফণীভূষণ চৌধুৰীৰ দুর্গ হিচাপেই পৰিচিত৷ তেওঁৰ মূল প্রতিদ্বন্দ্বী আছিল আছুৰ প্রাক্তন সভাপতি, কংগ্রেছ নেতা শংকৰপ্রসাদ ৰায়৷ কিন্তু এইবাৰ অগপ নেতা তথা ফণীভূষণ চৌধুৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত দীপু চৌধুৰীক বঙাইগাঁৱত প্রক্ষেপ কৰিছে অসম জাতীয় পৰিষদে৷

 লুৰিণজ্যোতি গগৈয়ে দীপু চৌধুৰীৰ হৈ এক বিশাল সমদলত অংশ লয়৷ ইপিনে, বঙাইগাঁও সমষ্টিত থকা বুজন সংখ্যক বড়ো ভোটো ফণীভূষণ চৌধুৰীয়ে এইবাৰ হেৰুৱাটো নিশ্চিত৷ গতিকে চাৰিও দিশৰ পৰাই ফণীভূষণ চৌধুৰীৰ বিপদ ঘনীভূত হৈ আহিছে৷ অর্থাৎ ২০১৬ৰ নির্বাচনত বিজেপি মিত্রজোঁটে দখল কৰা নামনিৰ পাঁচটা সমষ্টিত এইবাৰ অসম জাতীয় পৰিষদ নতুন প্রত্যাহ্বান হৈ থিয় দিছে৷

You might also like