অজাপৰ অর্থনৈতিক উন্নয়ন পৰিকল্পনা উপদেষ্টা পৰিষদ গঠন
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ এখন স্ব–নির্ভৰশীল অসমৰ ৰূপৰেখা প্রস্তুত কৰিবলৈ অসম জাতীয় পৰিষদে গঠন কৰিলে ‘অর্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ’৷ সংযুক্ত যুক্তৰাষ্ট্রৰ প্রাক্তন উচ্চায়ুক্ত জৈমিনী ভাগৱতীক অধ্যক্ষ হিচাপে লৈ পৰিষদখন গঠনৰ কথা ঘোষণা কৰি দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মঙলবাৰে এখন সংবাদ মেলত কয় যে ৰাজ্যখনৰ অর্থনৈতিক উন্নয়ন আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাটো আমাৰ সকলোৰে প্রাথমিক চর্ত৷ অসম জাতীয় পৰিষদে ৰাজ্যখনৰ সর্বাংগীণ অর্থনৈতিক বিকাশত গুৰুত্ব আৰোপ কৰি কেতবোৰ হ্রস্রম্যাদী আৰু দীর্ঘম্যাদী পদক্ষেপ গ্রহণ কৰিবলৈ লৈছে৷ এই দিশত যাৱতীয় ৰূপৰেখা প্রস্তুত কৰিবৰ বাবে এই পৰিষদখন গঠন কৰা হৈছে৷
স্বনির্ভৰশীল অর্থনীতিৰ দ্বাৰা জাতীয় অর্থনীতিক শক্তিশালী কৰি জাতীয় পুঁজি গঠন তথা সংস্থাপন আৰু উপার্জনক গুৰুত্ব দি অসমৰ অর্থনৈতিক বিকাশৰ পথ মুকলিৰ বাবে অসমৰ বাহিৰে–ভিতৰে কর্মৰত বিশিষ্ট অর্থনীতিবিদ আৰু বিশেষজ্ঞক লৈ অসম জাতীয় পৰিষদৰ অর্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ গঠন কৰা হৈছে৷ দেশৰ প্রখ্যাত অর্থনীতিবিদ তথা অসমৰ সুযোগ্য সন্তান ড০ জৈমিনী ভাগৱতীক অধ্যক্ষ আৰু ভাৰতীয়প্রশাসনিক সেৱাৰ অৱসৰপ্রাপ্ত বিষয়া ধীৰেন্দ্রনাথ শইকীয়াক পৰিষদৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে৷ অদীপ কুমাৰ ফুকন আহ্বায়ক হিচাপে থকা পৰিষদৰ আন সদস্যসকল হ’ল– চন্দ্রকান্ত দাস, অলক বুঢ়াগোহাঁই, ড০ কমল মল্ল বুজৰবৰুৱা, বিগ্রেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ, হৰেন্দ্রনাথ ভূঞা, ড০ শৰৎ শইকীয়া, যোগেশ চন্দ্র পেগু, মনোজ দাস, মিলন সোণোৱাল, প্রদীপ কুমাৰ সিংহা, ভূপতি কুমাৰ দাস, আকাশজ্যোতি গগৈ, ত্রিদীপ শর্মা, ড০ এম বৰবৰুৱা আৰু ভুবন চন্দ্র বৰুৱা৷ অসম জাতীয় পৰিষদৰ ‘অর্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ’ৰ অন্তর্ভুক্ত হোৱা প্রবাসী অসমীয়া বিশেষজ্ঞসকল হৈছে– ড০ মীনাক্ষি বৰকাকতি, ড০ জয়ন্ত প্রসাদ শর্মা, দীপাংকৰ ভট্টাচার্য, সৌমিত্র ভূঞা, ছাহীন আহমেদ, শাশ্বতী সিন্হা, বেদব্রত বৰা, গৌতম বুঢ়াগোহাঁই আৰু ড০ সীমান্ত শর্মা৷ উল্লেখ্য যে আজিৰ সংবাদ মেলত দলটোৰ কার্যকৰী সভাপতি পবীন্দ্র ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ–সভাপতি অদীপ কুমাৰ ফুকনো উপস্থিত থাকে৷