মুছলমান মানেই কংগ্রেছ–ইউডিএফ নহয়
দুধনৈ–বকোত পৃষ্ঠাপ্রমুখ সন্মিলনত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ যেতিয়ালৈ স্বাভিমানী অসমীয়া আৰু ভাৰতীয় থাকিব, তেতিয়ালৈ অসমত বিজেপি চৰকাৰ হৈয়েই থাকিব৷ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ৷ মঙলবাৰে দুধনৈ সাংস্কৃতিক ভৱন (জনমন্দি)ৰ প্রাংগণত অনুষ্ঠিত ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ পৃষ্ঠাপ্রমুখ সন্মিলনত মুখ্য বক্তা হিচাবে উপস্থিত থাকি ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে কয় যে অসমৰ ৰাইজে এতিয়া ভাৰতীয় জনতা পার্টীৰ নীতি–আদর্শৰ কথা বুজি পাইছে৷ বিগত সময়ছোৱাত কংগ্রেছৰ দিনত স্থবিৰ হৈ থকা উন্নয়নৰ ধাৰা অসমত বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই দ্রুতগতিত বৃদ্ধি পাইছে৷ স্বাস্থ্য খণ্ডৰ পৰা শিক্ষাখণ্ডকে আদি কৰি বিভিন্ন দিশ জনমুখী আঁচনিৰ দ্বাৰা সামৰি লৈছে৷ এয়া ৰাইজে দেখা পইছে৷ বিজেপি দলে মূলতঃ দুটা ‘স’ৰ আধাৰত আগবাঢ়ি গৈছে৷ ‘সফলতা’ আৰু ‘সক্রিয়তা’৷
বিজেপি দলৰ তৃণমূল পর্যায়ৰ পৰা ওপৰ মহললৈ থকা সকলো কর্মকর্তাই সক্রিয়তাৰে দলৰ দায়িত্ব পালন কৰি বিভিন্ন জনমুখী আঁচনিবোৰৰ সফল ৰূপায়ণ কৰি জনপ্রিয়তাৰ শীর্ষলৈ গতি কৰিছে৷ আগন্তুক নির্বাচনৰ আগমুহূর্তত পৃষ্ঠাপ্রমুখ আৰু বুথ কমিটী বিষয়বাবত থকাসকলে নিজৰ নিজৰ দায়িত্ব পালন কৰি দলটোৰ ভেটি অধিক শক্তিশালী কৰিবলৈ তেওঁ আহ্বান জনায়৷ তেওঁ পুনৰ কয় যে এইবাৰ অসমত বিজেপি দলে ১০০ প্লাছ আসন দখল কৰাৰ উপৰি দুধনৈ সমষ্টিত লক্ষাধিক ভোটত বিজেপি প্রার্থী জয়ী হৈ আহিব৷ আনহাতে গোৱালপাৰা জিলাৰ দুধনৈৰ লগতে আৰু এটা সমষ্টি বিজেপিৰ দখলত থাকিব বুলি তেওঁ দাবী কৰে৷ তেওঁ কয়, বর্তমান সময়ত অসমৰ বিবেকৱান মুছলমান সমাজ বিজেপিৰ পক্ষত৷ মুছলমান মানেই কংগ্রেছ, এআইইউডিএফ নহয়৷ আগন্তুক নির্বাচনত কংগ্রেছৰ মহাজোঁট আৰু নতুন দলসমূহে বিজেপি দলৰ ওপৰত কোনো ধৰণৰ প্রভাৱ নেপেলায়৷ কংগ্রেছৰ মহাজোঁট আৰু নতুন দলসমূহে বিজেপি দলৰ আসন বৃদ্ধিত সহায় কৰিব বুলিও তেওঁ কয়৷ চাৰি সহস্রাধিক লোক উপস্থিত থকা আজিৰ পৃষ্ঠাপ্রমুখ সন্মিলনত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীধৰ শর্মা, ৰাজ্যিক সম্পাদক তথা জিলা তত্ত্বাৱধায়ক প্রভাৰী বেণুধৰ নাথ, স্থানীয় বিধায়ক দীপক কুমাৰ ৰাভাই ভাষণ দিয়ে৷ সন্মিলনত গোৱালপাৰা জিলা বিজেপিৰ সভাপতি হিমাদ্রী দাস, বিজেপি নেত্রী সুচিত্রা নাথ, টিনামণি দৈমাৰী আৰু কেইবাগৰাকী দলীয় নেতা আৰু বহুতো কর্মকর্তা উপস্থিত থাকে৷
বকোত বিজেপিৰ বণডংকা
ভাৰতীয় জনতা পার্টীৰ দক্ষিণ কামৰূপ জিলাৰ বকো, ছমৰীয়া আৰু নগৰবেৰা মণ্ডলৰ উদ্যোগত আজি বকোত অনুষ্ঠিত হয় পৃষ্ঠাপ্রমুখ সন্মিলন৷ বকো গান্ধী মৈদানত অনুষ্ঠিত পৃষ্ঠাপ্রমুখ সন্মিলনত সভাপতিত্ব কৰে দলৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰে৷ পৃষ্ঠাপ্রমুখ সন্মিলনত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে কংগ্রেছৰ অপশাসনৰ বাবে ২০১৬ত বিজেপি মিত্রজোঁটৰ চৰকাৰ হৈছিল৷ সুশাসনৰ বাবে এইবাৰ বিজেপিয়ে ১০০ প্লাছ পাব বুলি তেওঁ দাবী কৰে৷ সভাত দাসে এজিপিক বকো সমষ্টি এৰি নিদিয়ে বুলি মন্তব্য কৰে৷ সভাত সংখ্যালঘু লোকৰ উপস্থিতি দেখি তেওঁ কয় যে সংখ্যালঘু ৰাইজ বিজেপিৰ প্রতি আকৃষ্ট হৈছে৷ কংগ্রেছৰ শাসন কালত সংখ্যালঘুক আক্রমণ কৰা হৈছিল৷ বিগত পাঁচ বছৰে কংগ্রেছৰ বিধায়িকাই কি দিব পাৰিলে বুলি প্রশ্ণ তুলি তেঁও আৰু কয়– দালিৰ বাটি আছে নন্দিতাৰ হাতত আৰু কাঁহীখন আছে দিছপুৰত৷ এই নির্বাচনত কাঁহী–বাটি একেলগ কৰিব লাগিব৷ চৰকাৰৰ সফলতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে কংগ্রেছে ৬০ বছৰত ৬খন মেডিকেল কলেজ স্থাপন কৰাৰ বিপৰীতে বিজেপিয়ে ৫ বছৰত ১১খন মেডিকেল কলেজ স্থাপন কৰিলে৷ বিজেপিয়ে পাঁচ বছৰৰত ২১ হাজাৰ কিলোমিটাৰ ৰাস্তাৰ কাম কৰিলে৷ বিজেপিৰ ৰাজ্যিক সম্পাদক ফণীন্দ্র শর্মা, সুকুমাৰ বিশ্বাস, অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ প্রাক্তন ৰাষ্ট্রীয় সম্পাদক সীমান্ত দাস, ৰাজ্যিক কার্যনির্বাহক সদস্য নিলোপম দাস, অনুসূচিত জাতি মর্চাৰ উপ–সভাপতি কুশলজ্যোতি মালাকাৰ, দক্ষিণ কামৰূপ জিলা ভাৰতীয় জনতা পার্টীৰ সম্পাদক প্রহ্বাদ বিশ্বাসে আজিৰ সভাত ভাষণ দিয়ে৷