নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূর্ণ শক্তিৰে যুঁজিবলৈ সাজু প্রফুল্ল মহন্ত অতুল বৰা শিবিৰ

কাইলৈৰ পৰা অগপৰ সাধাৰণ পৰিষদৰ বৈঠক

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ  অহা ২৭ আগষ্টত অনুষ্ঠিত হ’ব অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ বৈঠক৷ সমাগত বিধানসভা নির্বাচনৰ পূর্বে দলটোৰ এই বৈঠকখন যথেষ্ট গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ কিন্তু সাধাৰণ পৰিষৰ বৈঠকখনক কেন্দ্র কৰিয়ে এতিয়া অগপৰ ভিতৰচ’ৰা উত্তপ্ত হৈ পৰিছে৷ নেতৃত্বকেন্দ্রিক বিসম্বাদে সাধাৰণ পৰিষদৰ বৈঠকে জ্বালামুখীৰ ৰূপ লোৱাৰ সম্ভাৱনা এতিয়াই স্পষ্ট হৈ উঠিছে৷ কিয়নো বর্তমানৰ সভাপতি অতুল বৰাই আৰু এটা কার্যকালৰ বাবে দলৰ সভাপতি হৈ থকাৰ পৰিকল্পনা প্রস্তুত কৰাৰ বিপৰীতে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তয়ো সভাপতিৰ আসনলৈ ওভতাৰ বাবে সকলোধৰণৰ কৌশল অৱলম্বন কৰিছে৷ ইতিমধ্যে মহন্তই ৰাজ্যৰ ভিন্ন প্রান্ত ভ্রমণ কৰি অগপৰ প্রবীণ নেতা–কর্মীসকলক সাক্ষাৎ কৰাৰ পিছতে দলটোৰ মজিয়াত মুকলি বিসম্বাদ আৰম্ভ হৈছে৷ বিশেষকৈ নাগৰিকত্ব সংশোধনী আইনৰ সমর্থন আৰু বিজেপিৰে সৈতে আসন বুজাবুজিক কেন্দ্র কৰিয়ে সভাপতি অতুল বৰাৰ বিৰুদ্ধে মুকলি অসন্তুষ্টি প্রকাশ কৰিছে বহুকেইখন সমিতিয়ে৷ আসন বুজাবুজিক লৈ বর্তমান পর্যন্ত বিৰাজ কৰা অনিশ্চয়তাৰ বাবেই বহুকেইটা সমষ্টিৰ প্রার্থিত্বপ্রয়াসীয়েও সাধাৰণ পৰিষদৰ বৈঠকত ক্ষোভ উজাৰিবলৈ সাজু হৈছে৷ ইয়াৰ মাজে মাজে জিলা সমিতিসমূহক মেনেজ কৰি পূর্বৰ সমিতিখন পুনৰ এটা কার্যকালৰ বাবে বাহাল ৰখাৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই৷ অৱশ্যে তেওঁলোকে ভবাধৰণে সন্মুখৰ পথ মসৃণ হৈ থকা নাই৷ সেইবাবেই ফণীভূষণ চৌধুৰীৰ মধ্যস্থতাত প্রফুল্ল মহন্তৰ লগত আলোচনাত মিলিত হৈ, পবীন্দ্র ডেকাৰ ঘৰলৈ সত্যব্রত কলিতাক প্রতিনিধি হিচাপে প্রেৰণ কৰি অতুল বৰাই আগতীয়াকৈ বিসম্বাদ মৰিষণ কৰিব বিচাৰিছিল৷ পিছে এইধৰণৰ প্রচেষ্টাই বিশেষ ফল নিদিলে৷ বৈঠকৰ পূর্বে অগপৰ লখিমপুৰ, বিশ্বনাথ, নগাঁও জিলা সমিতিয়ে নেতৃত্বৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত মুকলি ক্ষোভ ব্যক্ত কৰিছে৷ এইকেইখন সমিতিৰ অভিযোগ হ’ল– অতুল বৰা আৰু কেশৱ মহন্তই নিজৰ ঘৰত বহি জিলা সমিতি, সমষ্টি সমিতিসমূহ গঠন কৰিছে আৰু পূর্বৰ কেন্দ্রীয় সমিতিখনকে বাহাল ৰখাৰ চেষ্টা চলাইছে৷ আনহাতে অতুল বৰাৰ এনে কাৰচাজিৰ বিৰুদ্ধে নির্বাচন আয়োগৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে জাগীৰোড অগপই৷ জাগীৰোড অগপৰ মতে অবৈধ আৰু অগণতান্ত্রিকভাৱে অতুল বৰা, কেশৱ মহন্তই দলৰ নেতৃত্ব দখল কৰি আছে৷ শীঘ্রে অগপত এক ব্যক্তি এক পদ নীতি প্রৱর্তন হ’ব লাগে৷ বিদ্রোহী জিলা সমিতিসমূহে প্রতিষ্ঠাপক সভাপতি প্রফুল্ল কুমাৰ মহন্ত পুনৰ দলৰ সভাপতি হোৱাটো বিচাৰিছে৷ এনে পৰিস্থিতিত অহা বৃহস্পতিবাৰে আমবাৰীৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হ’বলগীয়া বৈঠকলৈ পূর্ণ শক্তিৰে সাজু হৈছে প্রফুল্ল মহন্ত আৰু অতুল বৰাৰ শিবিৰ৷ সাধাৰণ পৰিষদে অতুল বৰাক পুনৰ সভাপতি হৈ থকাৰ সিদ্ধান্তত অনুমোদন জনায় নে নেতৃত্বৰ পৰিৱর্তনৰ বাবে মত প্রকাশ কৰে, তাৰ প্রতি সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব৷ একে সময়তে প্রার্থিত্ব কর্তন হোৱাৰ আশংকাত ভুগি থকা বিধায়কসকলৰো ভূমিকা এইবাৰ লক্ষণীয় হ’ব৷

You might also like