নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বায়ু প্রদূষণ আৰু ভাৰতবর্ষ

-নয়ন জ্যোতি ডেকা

সমগ্র বিশ্বত বায়ু প্রদূষণে এক ভয়ংকৰ বিপদ হিচাপে দেখা দিছে৷ ইয়াৰ প্রভাৱ জনসাধাৰণ, জীৱ–জন্তু, উদ্ভিদ আৰু অন্যান্য বয়–বস্তুৰ বাবেও ক্ষতিকাৰক ৰূপে চিহ্ণিত হৈছে৷ তথাপি আমাৰ দেশত জনসাধাৰণৰ আৰু চৰকাৰে বায়ু প্রদূষণক সহজভাৱে লোৱা যেন অনুমান হয়৷ বায়ু প্রদূষণ এক গভীৰ সমস্যা৷ আপুনি আৰু মই ভবাৰ দৰে ই নিৰাপদ নহয়৷ আমি ভবাতকৈ ই বহুগুণে ক্ষতিকাৰক৷
আপুনি কামত মনপুতি লাগিব পৰা নাই, সকলো থাকিও শান্তি অনুভৱ কৰা নাই, ঘৰ বা পৰিয়ালৰ আন সদস্যৰ লগত মন মিলাব পৰা নাই, মন এক কৰিব পৰা নাই– এনেধৰণৰ দৈনন্দিন জীৱনত ঘটি থকা ঘটনাৰাজিৰ কাৰণো বায়ু প্রদূষণ হ’ব পাৰে৷ বায়ু প্রদূষণে আপোনাক নেতিবাচক চিন্তা কৰিবলৈ বাধ্য কৰে৷ গতিকে বায়ু প্রদূষণে আপোনাৰ জীৱনত মাৰাত্মক ৰূপ ল’ব পাৰে৷UNICEFৰ এক সমীক্ষা অনুসৰি বিশ্বৰ প্রায় ৩০ কোটি শিশু প্রদূষিত আৰু লেতেৰা ঠাইত বাস কৰে৷ তদুপৰি ৫ বছৰ বয়সলৈ প্রায় ৫ লাখ শিশু প্রতিবছৰে মৃত্যুমুখত পৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এক সমীক্ষা অনুসৰি ২০১৬ চনত ভাৰতবর্ষত এক লাখতকৈ বেছি ৫ বছৰৰ তলৰ শিশু বায়ু প্রদূষণৰ ফলত মৃত্যুমুখত পৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এক সমীক্ষা অনুসৰি ২০১৬ চনত ভাৰতবর্ষত এক লাখতকৈ বেছি ৫ বছৰৰ তলৰ শিশু বায়ু প্রদূষণৰ ফলত মৃত্যুমুখত পৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতবর্ষতPM 2.5 কণাৰ কবলত আক্রান্ত গর্ভৱতী মাতৃয়ে কম ওজনৰ শিশু জন্ম দিয়ে৷Indian Cuncil for Medical Researchৰ এক সমীক্ষাত কোৱা হৈছে যে ২০১৭ চনত ভাৰতবর্ষত বায়ু প্রদূষণৰ ফলত প্রায় ১২ লাখ ৪০ হাজাৰ লোকে প্রাণ হেৰুৱায়৷Centre for Science and Environmentৰ এক অধ্যয়নত কোৱা হৈছে যে ভাৰতবর্ষত গ্রীষ্ম প্রবাহ বৃদ্ধি হোৱাৰ কাৰণ হ’ল বায়ু প্রদূষণ৷ দেশৰ বিভিন্ন অঞ্চলত বর্তমান তাপমাত্রা ৪২ ডিগ্রী চেলচিয়াছৰ পৰা ৪৮ ডিগ্রী চেলচিয়াছৰ ভিতৰত৷ পৃথিৱীৰ আটাইতকৈ গৰম চহৰ ১৫খনৰ ভিতৰত ৮খনেই ভাৰতবর্ষৰ৷ ৰাজস্থানৰ পাল্দি, চুৰু আদি অঞ্চলৰ তাপমাত্রা ৫০০ চেলচিয়াছতকৈ বেছি হৈছে৷ ভাৰতবর্ষত বায়ু প্রদূষণৰ ফলত বছৰি প্রায় ১ লাখ শিশুৱে জীৱনৰ ৫ বছৰ বয়স সম্পূর্ণ কৰিব নোৱাৰে৷ তদুপৰি ভাৰতীয় শিশু বিদ্যালয়লৈ যোৱাৰ আগতে গুৰুতৰ ৰোগৰ চিকাৰ হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি যদি ভাৰতবর্ষত প্রদূষণৰ মাত্রা বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰা মাত্রাৰ সমান কৰিব পৰা যায় তেনেহ’লে ভাৰতীয় জনসাধাৰণৰ গড আয়ুস দুই বছৰ বেছি হ’ব আৰু প্রদূষণৰ ফলত হোৱা গুৰুতৰ ৰোগৰ খৰচো কম হ’ব৷ ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে ভাৰতীয় বায়ু বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰা মাত্রাতকৈ বেছি বিষাক্ত৷ তদুপৰি বিশ্বৰ ৩০খন বেছি প্রদূষিত চহৰৰ ভিতৰত ভাৰতবর্ষৰ ২২খন চহৰ অন্তর্ভুক্ত৷ সমগ্র বিশ্বত বায়ু প্রদূষণৰ ফলত প্রতিবছৰে মৃত্যু হোৱা আধাতকৈ বেছি জনসাধাৰণ ভাৰত আৰু চীন দেশৰ৷State of Global Airৰ ২০১৭ চনৰ তথ্য অনুসৰি সময়তকৈ আগতে মৃত্যুবৰণ কৰা লোকৰ সংখ্যা সর্বাধিক চীন দেশত আৰু দ্বিতীয় স্থানত আমাৰ দেশ ভাৰতবর্ষ৷ আন এক তথ্য অনুসৰি ২০১৫ চনত বায়ু প্রদূষণৰ ফলত চীনত ১১ লাখতকৈ বেছি, ভাৰতবর্ষত ১০ লাখ ৯০ হাজাৰ জনসাধাৰণে প্রাণ হেৰুৱায়৷ এই সংখ্যা সেই বছৰৰ সমগ্র বিশ্বত বায়ু প্রদূষণৰ ফলত মৃত্যু হোৱা মুঠ জনসাধাৰণৰ আধাতকৈ বেছি৷
Institute For Health Matrix And Evaluationৰ তথ্য অনুসৰি পৃথিৱীত জনসাধাৰণৰ মৃত্যুত প্রধান পাঁচটা কাৰণত পাঁচ নম্বৰ স্থানৰ কাৰণটো হ’ল বায়ু প্রদূষণ৷ কিন্তু ভাৰতবর্ষত হোৱা মৃত্যুৰ প্রথম কাৰণ পুষ্টিহীনতা আৰু দ্বিতীয় কাৰণ বায়ু প্রদূষণ৷ ভাৰতীয় জনসাধাৰণৰ বাবে এই স্থিতি গভীৰ আৰু বিপদসংকুল৷ ভাৰতবর্ষৰ প্রায়সংখ্যক নগৰেই ভয়াৱহ বায়ু প্রদূষণৰ কবলত পৰিছে৷ কানপুৰ, ফৰিদাবাদ, বাৰাণসী, গয়া, পাটনা, দিল্লী, লক্ষ্ণৌ, আগ্রা, মুজাফৰপুৰ, শ্রীনগৰ, গুৰগাঁও আদি চহৰবোৰ আটাইতকৈ বেছি প্রদূষিত৷ এইসমূহ অঞ্চলত পৰিস্থিতি ইমানেই ভয়াৱহ হৈছে যে সদ্যোজাত সন্তান চিগাৰেট সেৱনকাৰী ৰূপে জন্ম লাভ কৰিছে৷ ইয়াৰ বাসিন্দাসকলে গড হিচাপত প্রতিদিনে ১০ডাল চিগাৰেট সেৱন কৰাৰ সমান প্রদূষিত বায়ু সেৱন কৰি আছে৷ দিল্লীকে আদি কৰি এই চহৰবোৰৰ জনসাধাৰণে সদ্যোজাত সন্তানৰ বাবে খেলনা কিনাতকৈ বায়ু বিশুদ্ধকৰণ যন্ত্র কিনাটো অতি জৰুৰী হৈ পৰিছে৷ তদুপৰি এই চহৰবোৰত সন্তানসম্ভৱা মাতৃসকলকো বায়ু বিশুদ্ধকৰণ যন্ত্র অতি প্রয়োজনীয় হৈ পৰিছে৷ কিয়নো প্রদূষিত বায়ু সেৱন কৰাৰ ফলত সন্তানসম্ভৱা মাতৃসকলৰ উশাহ–নিশাহত কষ্ট হয়, মূৰৰ বিষ হয়, সময়তকৈ আগতে প্রসৱ হ’ব পাৰে, সন্তান জন্মতে বিসংগতি পূর্ণ হ’ব পাৰে৷ সেয়েহে এনে প্রদূষিত চহৰৰ বাসিন্দাসকল বায়ু প্রদূষণৰ ক্ষেত্রত অতি সাৱধান হোৱা উচিত৷ ভাৰতবর্ষত বর্তমান পৰিস্থিতি এনেকুৱা হৈছে যে প্রায়বোৰ চহৰতে বায়ু প্রদূষণ দ্রুত হাৰত বৃদ্ধি হ’বলৈ ধৰিছে৷ তদুপৰি ভাৰতবর্ষত প্রতিবছৰে বায়ু প্রদূষণৰ ফলত প্রায় ১০–১৩ লাখ জনসাধাৰণ মৃত্যুৰ মুখত পৰে৷ বায়ু প্রদূষণৰ ফলত ভাৰতীয় অর্থব্যৱস্থাত বৃহৎ পৰিমাণৰ লোকচান হয়৷ বিশ্ববেংকৰ তথ্য অনুসৰি ভাৰতবর্ষৰGDP প্রায় ৮ শতাংশ লোকচানৰ ঘৰত থাকে৷ অর্থাৎ ৩৭ লাখ কোটি টকাৰ লোকচান হয় বুলি তথ্যত প্রকাশ৷
দেৱালীৰ সময়ত ভাৰতীয় চহৰ–নগৰবোৰৰ প্রদূষণৰ মাত্রা অধিক হয়৷ দিল্লী মহানগৰত দেৱালীৰ সময়ত প্রদূষণৰ মাত্রা ১৫–২০ গুণ বাঢ়ে আৰু বায়ু অতি বিষাক্ত হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰিPM 2.5 কণাৰ মাত্রা ৩৫mg/m3 হ’লে বায়ুৰ গুণাগুণ ভাল বুলি ধৰা হয়৷ কিন্তু ভাৰতবর্ষৰ প্রায় চহৰতে ইয়াৰ মাত্রা নির্ধাৰিত পৰিমাণতকৈ বহুত বেছি৷ ২০১৬ চনত দেৱালীৰ সময়ত দিল্লীতPM 2.5 কণা গড অধিকতম স্তৰ ৫০০mg/m3 পোৱা গৈছে৷ আন সময়ত দিল্লীতPM 2.5 কণাৰ মাত্রা ১৫৩mg/m3 (মাইক্রগ্রাম)মি৩৷ ২০১৬ চনৰ ১ নৱেম্বৰ তাৰিখেZee News নামৰ ভাৰতীয় টিভি চেনেলটোৱে চলোৱা এক সমীক্ষাতPM 2.5ৰ মাত্রা দিল্লীত ৩১৫mg/m3, ফৰিদাবাদত ৯৮৫mg/m3, কাণপুৰত ১৩৫mg/m3, লক্ষ্ণৌত ২১০mg/m3 পোৱা গৈছিল৷
IQ Air Visualৰ ২০১৯ৰ তথ্য অনুসৰি ভাৰতত বায়ুতPM 2.5 কণাৰ মাত্রা ২০১৮ বর্ষতকৈ কমিছে৷ তথাপি বিশ্ব স্বাস্থ্যৰ সংস্থাৰ নির্ধাৰিত মাত্রাতকৈ যথেষ্ট বেছি, সেয়ে এতিয়াও পৃথিৱীৰ ৩০খন আটাইতকৈ প্রদূষিত চহৰৰ তালিকাত ২১খন ভাৰতীয় চহৰৰ নাম আছে৷ ২০১৯ বর্ষত নাগপুৰ চহৰৰ বাহিৰে বাকী ভাৰতীয় চহৰবোৰেPM 2.5 কণাৰ মাত্রা ২০ শতাংশলৈকে কমাব সক্ষম হৈছে৷ ই এক শুভ লক্ষণ যদিও বায়ু প্রদূষণ কম কৰাত এই মাত্রাই প্রভাৱ নেপেলায়৷ সেয়েহে বায়ু প্রদূষণ ৰোধৰ ব্যৱস্থাসমূহ চৰকাৰীভাৱে কঠোৰ স্থিতি গ্রহণ কৰা উচিত৷
ছুইজাৰলেণ্ডৰ এটা সংস্থাৰ তথ্য অনুসৰি যোৱা দুটা বর্ষত পৃথিৱীৰ আটাইতকৈ বেছি প্রদূষিত ৰাজধানী চহৰ হ’ল দিল্লী৷ আমাৰ দেশৰ ৰাজধানী চহৰ দিল্লীৰ বায়ু প্রদূষণে ভয়াৱহ ৰূপ লৈছে৷ পৰিস্থিতি এনেকুৱা হৈছে যে দিল্লী মহানগৰী সময়ে সময়ে বায়ু প্রদূষণৰ ফলত সৃষ্টি হোৱা ধোঁৱাই ঢ়াকি ৰাখে আৰু দিনৰ ভাগতে লাইট জ্বলাই গাডী চলাবলগীয়া হয়৷ দিল্লী মহানগৰত এনে ধৰণৰ পৰিৱেশ প্রতিবছৰে লক্ষ্য কৰা যায়৷ এনে সময়তPM 2.5 কণাৰ মাত্রা বায়ুমণ্ডলত যথেষ্ট পৰিমাণে থাকে৷ ২০১৭ চনত নৱেম্বৰ মাহত দিল্লীত প্রথম সপ্তাহতPM 2.5 কণাৰ মাত্রা প্রায় ৭০০mg/m3 আছিল৷ ই অতি ভয়াৱহ৷ যদিPM 2.5 কণাৰ মাত্রা ৩০০mg/m3তকৈ বাঢ়ি যায় তেতিয়া সেই অঞ্চলৰ জনসাধাৰণ বিভিন্ন ৰোগত আক্রান্ত হয়৷ দিল্লীৰ কিছুমান অঞ্চলৰ অৱস্থা অতি ক্ষতিকৰ৷ তেনে ঠাইতPM 2.5 কণাৰ মাত্রা হাজাৰৰো অধিক৷ তেনে অঞ্চলৰ জনসাধাৰণে বায়ু সেৱন কৰা মানে ৫০টা চিগাৰেট খোৱাৰ দৰে হয়৷ PM 2.5 কণাৰ পৰিমাণ ২২mg/m3 মানে এটা চিগাৰেট সেৱন কৰাৰ সমান প্রদূষিত বায়ু সেৱন কৰা) তেনে সময়ত দিল্লীত ২০০ মিটাৰ দূৰৰ বস্তু দেখা পোৱা নাযায়৷ উৰাজাহাজৰ চলাচল বন্ধ ৰখা হয়৷ উত্তৰ প্রদেশ, পঞ্জাব, হাৰিয়ানা আদি ৰাজ্যত দুর্ঘটনা সংখ্যা বৃদ্ধি পায়৷ ২০১৭ চনত দিল্লীত হোৱা তেনে পৰিৱেশৰ বাবে পুৱা খোজ কঢ়া, দৌৰা সৰু ল’ৰা–ছোৱালীৰ স্কুল বন্ধ ৰখা আদি পদক্ষেপ চৰকাৰীভাৱে ল’বলগীয়া হৈছিল৷ তদুপৰি এনে পৰিৱেশত জনসাধাৰণ ঘৰৰ পৰা ওলোৱা নিষেধ আৰু দৈনন্দিন কাম–কাজ বন্ধ ৰখা উচিত৷ এনে পৰিৱেশত শিশু, বৃদ্ধ, গর্ভৱতী মহিলা, হূদৰোগী, এজমা ৰোগী আদি অতি সাৱধান৷ দিল্লী, হাৰিয়ানা, পঞ্জাব, উত্তৰ প্রদেশ আদিৰ কিছু কিছু অঞ্চলত বিষাক্ত গেছ আৰু কুঁৱলী মিশ্রিত হৈ স্ম’গৰ সৃষ্টি হয় আৰু শূন্য দূৰত্বৰ বস্তুও দেখা পোৱা নাযায়৷ এনে পৰিৱেশ কেইবাদিনলৈও থাকে৷ এনে পৰিৱেশ ঠাণ্ডা দিনত হয়৷ গৰমত দিনত ধোঁৱা গৰম হৈ ওপৰলৈ উঠে, কিন্তু ঠাণ্ডাত ধোঁৱা তলতে থাকে আৰু বিষাক্ত ডাঠ ধোঁৱাৰ সৃষ্টি কৰে৷ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে এই বিষয়ে প্রতিবছৰে দিল্লী, হাৰিয়ানা, পঞ্জাব আৰু উত্তৰ প্রদেশ চৰকাৰক বায়ু প্রদূষণ ৰোধৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশনা দিবলগীয়া হয়৷ ভাৰতবর্ষত বায়ু প্রদূষণৰ কাৰণৰ ভিতৰত গাডী–মটৰৰ ধোঁৱা আৰু কল–কাৰখানা, উদ্যোগবোৰ প্রধান৷ এটা তথ্য অনুসৰি দিল্লীত বায়ু প্রদূষণৰ ৬৩ শতাংশ যান–বাহনৰ ধোঁৱা আৰু ২৯ শতাংশ উদ্যোগৰ বাবে হয় বুলি কোৱা হৈছে৷ ২০১৫ চনৰ জানুৱাৰী মাহত কেন্দ্রীয় পৰিৱেশ মন্ত্রালয়ে ছুপ্রিম ক’টক জনোৱা এক তথ্য অনুসৰি দিল্লীৰ ৪৫ শতাংশPM 2.5 কণা ড্রাক আৰু অন্যান্য যান–বাহনৰ পৰা নির্গত হয় আৰু ৯৫ শতাংশ ছালফাৰ–ডাই–ক্সাইড দিল্লীৰ উদ্যোগ আৰু বিদ্যুৎশক্তি কেন্দ্রসমূহৰ পৰা নির্গত হয়৷ দিল্লী, মুম্বাই, কাণপুৰ, লক্ষ্ণৌ আদি অতি প্রদূষিত চহৰত দিনটোৰ ২৪ ঘণ্টাই উশাহ–নিশাহ ল’ব লগা হ’লে ২০–৩০টা চিগাৰেট সেৱন কৰাৰ সমান প্রদূষিত বায়ু সেৱন কৰা হয়৷ সেয়েহে এনে চহৰত হাওফাঁওৰ কর্কট ৰোগ দ্রুতহাৰত বৃদ্ধি হৈছে৷ কর্কট ৰোগ সম্পর্কীয় দুটা ঘটনা এনেধৰণৰ–
২০১৮ চনৰ ঘটনা৷ দেশৰ ৰাজধানী চহৰ দিল্লীত এগৰাকী ২৮ বর্ষীয় যুৱতী হাঁওফাঁওৰ কর্কট ৰোগত আক্রান্ত হৈ চিকিৎসকৰ ওচৰ চাপে৷ চিকিৎসক নিশ্চিত হয় যে ৰোগীয়ে চিগাৰেট সেৱন নকৰে, আনকি পৰিয়ালৰ আন সদস্যয়ো চিগাৰেট সেৱন নকৰে৷ গতিকে তেখেতে ৰোগীৰ ৰোগৰ কাৰণ বায়ু প্রদূষণ বুলি নিশ্চিত হয়৷ চিকিৎসকৰ ভাষ্য মতে প্রতি মাহত তেওঁলোকে হাঁওফাঁওৰ কর্কট ৰোগত ভোগা ৰোগী ২–৩জনকৈ পাবলৈ ধৰিছে, য’ত ৰোগীয়ে ধূম্রপান নকৰে৷
দিল্লীৰ আন এটা ঘটনা৷ হঁাওফাঁওৰ ৰোগত আক্রান্ত এগৰাকী ৰোগীক চিকিৎসকে হাঁওফাঁওৰ চিটি স্কেন কৰে আৰু চিটি স্কেনৰ তথ্য অনুসন্ধান কৰি দেখিলে যে ৰোগীৰ হাঁওফাঁওত বগা বগা শিলৰ দৰে কিছুমান পদার্থ সোমাই আছে৷ সাধাৰণতে কয়লা উদ্যোগত কাম কৰা শ্রমিকৰ হাঁওফাঁওৰ অৱস্থা তেনেকুৱা হয়৷ তেতিয়া ৰোগীগৰাকীক সুধি জানিব পৰা গ’ল যে তেখেত গাডী চলোৱা চালক৷ চিকিৎসক নিশ্চিত হ’ল যে ৰোগীৰ ৰোগৰ কাৰণ বায়ু প্রদূষণ৷
দিল্লীৰLung Care Foundationৰ চিকিৎসকসকলে ২০১২–২০১৮ চনৰ ভিতৰত হাঁওফাঁওৰ কর্কট ৰোগৰ ওপৰত গৱেষণা কৰিছিল৷ গৱেষণাৰ তথ্য অনুসৰি ৫০ শতাংশ ৰোগীয়ে ধূমপান নকৰে, ৪০ শতাংশ মহিলাই কেতিয়াও চিগাৰেট সেৱন কৰি পোৱা নাই আৰু ৮ শতাংশ ৰোগীৰ বয়স ৩০ বছৰ বয়সতকৈ কম৷ সংস্থাটোৰ তথ্য অনুসৰি আজিৰ পৰা দহবছৰ আগলৈ ৩০ বছৰ বয়সতকৈ কম বয়সৰ মানুহৰ হাঁওফাঁওৰ কর্কট ৰোগ হোৱা নাছিল৷ সংস্থাটোৰ ১৯৮৮–১৯৯৯ সময়ছোৱাৰ ভিতৰত কৰা গৱেষণাৰ তথ্য অনুসৰি ৯০ শতাংশ হাঁওফাঁওৰ কর্কট ৰোগীয়েই চিগাৰেট বা ধূমপান সেৱন কৰিছিল৷ ইয়াৰ অর্থ এয়ে যে আপোনাৰ বয়স যিমানেই নহওক বা আপুনি চিগাৰেট সেৱন নকৰাকৈয়ে প্রদূষিত বায়ুৰ বাবে হঁাওফাঁওৰ কর্কট ৰোগত আক্রান্ত হ’ব পাৰে৷ ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে দেশৰ ৰাজধানী চহৰ দিল্লী ভয়ানকভাৱে বায়ু প্রদূষণৰ কবলত আবদ্ধ৷ দেশৰ প্রায়বোৰ চহৰ–নগৰৰ অৱস্থা এনেকুৱা যে জনসাধাৰণে অনিচ্ছাসত্ত্বেও ১৫–১৮টা চিগাৰেট সেৱন কৰাৰ দৰে হৈছে৷
বায়ু প্রদূষণ প্রতিৰোধ কৰা অতি জটিল৷ এই বিষয়ত জনসাধাৰণ অতি সজাগ আৰু সতর্ক হোৱা উচিত৷ আমাৰ দেশত বায়ু প্রদূষণ প্রতিৰোধ কৰাৰ বাবে চৰকাৰে ১৯৮১ চনৰ পৰা সমগ্র দেশতে বায়ু প্রদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ আইন, ১৯৮১ The Air Pollution (Prevention and Control) Act, ১৯৮১) বলৱৎ কৰে৷ এই আইনখন প্রণয়ন কৰা হৈছে যদিও আইনখনৰ পৰা সুফল পোৱা বুলি ক’ব নোৱাৰি৷ যিহেতু আইনখনৰ বিষয়ে জনসাধাৰণ, উদ্যোগপতি আদি কোনো অৱগত নহয়৷ সেয়েহে আমাৰ দেশত বায়ু প্রদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷
আমাৰ দেশত বায়ু প্রদূষণক জনসাধাৰণ তথা চৰকাৰে সহজভাৱে গ্রহণ কৰিছে৷ ইয়াৰ মাজত দেশৰ ৰাজধানী চহৰ দিল্লীত যোৱা দহ বছৰত বায়ু প্রদূষণ নিয়ন্ত্রণৰ বাবে কিছু ব্যৱস্থা লৈছিল৷ কিন্তু ব্যৱস্থাসমূহৰ সুনির্দিষ্ট লক্ষ্য নোহোৱাৰ বাবে সফল হোৱা দেখা নগ’ল৷ তদুপৰি ২০১৫ চনত চৰকাৰে বিদ্যুৎ শক্তি উৎপাদন কেন্দ্রসমূহৰ নির্গমন সীমা নিৰূপণ কৰাৰ বাবে নির্দিষ্ট নির্গমন সীমা দি নীতি নির্ধাৰণ কৰে আৰু ২ বছৰ সময়সীমা নির্ধাৰণ কৰে৷ ২০১৭ চনলৈকে ইয়াৰ পৰা সুফল পোৱা নগ’ল৷ তাৰ পিছত চৰকাৰে পাঁচ বছৰ সময়সীমা বঢ়াই দিয়ে৷ ২০১৮ চনৰ ১৮ এপ্রিলত প্রথমবাৰৰ বাবে কেন্দ্রীয় চৰকাৰে বায়ু প্রদূষণক এক সমস্যা হিচাপে গণ্য কৰে আৰু বিভিন্ন কার্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়ে৷ এই কার্যসূচীসমূহৰ ভিতৰত প্রধানমন্ত্রী মাতৃ উজ্জ্বলা যোজনা, ভাৰত ষ্টেজ ৬/৪, নেচনেল ক্লীন এয়াৰ আঁচনি আদি উল্লেখযোগ্য৷ তদুপৰি ভাৰত চৰকাৰে বিকল্প ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে সৌৰশক্তি, বতাহশক্তি আদি ব্যৱহাৰত গুৰুত্ব প্রদান কৰিছে৷ ইতিমধ্যে ইয়াৰ সুফল জনসাধাৰণে লাভ কৰিছে৷
ইয়াৰ উপৰি চৰকাৰীভাৱে গছ–গছনি ৰোপণত গুৰুত্ব দিয়া হৈছে৷ অতি শেহতীয়াভাৱে বায়ু প্রদূষণ ৰোধৰ বাবে দিল্লীৰ লগতে আন আন চহৰত বায়ু বিশুদ্ধকৰণ স্তম্ভ নির্মাণৰ যো–জা চলিছে৷ ইতিমধ্যে দক্ষিণ দিল্লীত লাজপট নগৰত ২০ ফুট ওখ বায়ু বিশুদ্ধকৰণ স্তম্ভ এটা সাংসদ গৌতম গম্ভীৰৰ সহায়ত স্থাপন কৰা হৈছে৷ ৩ জানুৱাৰী, ২০২০ তাৰিখৰ পৰা কাম আৰম্ভ কৰা স্তম্ভটোৰ সহায়ত ৫০০ মিটাৰৰ পৰা ৭৫০ মিটাৰ দূৰত্বৰ ভিতৰত প্রায় ৮০ শতাংশPM 2.5 আৰুPM 10 কণা বিশুদ্ধকৰণ কৰিব পাৰিব৷

You might also like