নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ পৰা আৰম্ভ অজাপৰ “এক অসম যাত্ৰা’ৰ

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ “অসম জাতীয় পৰিষদে আজি এই ঐতিহাসিক নেতাই ধুবুনী ঘাটৰ পৰা এক অসম যাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু এই যাত্ৰা ধুবুৰীৰ পৰা আৰম্ভ গৈ শদিয়াত সমাপন হ’ব।” আজি ধুবুৰীৰ বৰলুইতৰ পাৰৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুনী পাৰঘাটৰ পৰা অসম জাতীয় পৰিষদ (অজাপ)ৰ শদিয়া অভিমুখী যাত্ৰাৰ শুভাৰম্ভ কৰি এইদৰে কয় দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। অজাপৰ এই যাত্ৰাৰ উদ্দেশ্য ব্যাখ্যা কৰি তেওঁ কয় যে, “লক্ষ্য পশ্চিমৰ পৰা পূব দিশত, সূৰ্য্য উঠাৰ দিশত, এক ন সুৰুযৰ আৰম্ভণিৰ কাৰণে, ন সুৰুযৰ উদ্গীৰণৰ কাৰণে বা আমি এটা নতুন প্ৰভাতৰ সন্ধানত এই যাত্ৰা আৰম্ভ কৰিছোঁ।” তেওঁ আৰু কয় যে, “মূল লক্ষ্য অসমৰ প্ৰতিটো জাতি-জনজাতি, ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয়। যিসময়ত সাম্প্রদায়িকতা মানুহৰ মাজত আহিছে, ধৰ্মৰ নামত বিভেদ আহিছে, সংকীৰ্ণতা আহিছে, যি সময়ত ঘৃণা বিয়পাইছে – সেই সময়ত অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত ঐক্যবদ্ধ চেতনা গঢ়িব কাৰণে আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। উল্লেখ্য যে, আজিৰ এই যাত্ৰাৰ পূৰ্বে কালি বিয়লি গুৰুজনাৰ স্মৃতি বিজৰিত পশ্চিমবংগৰ কোচবিহাৰৰ সমীপৰ মধুপুৰ সত্ৰত উপস্থিত হৈ সেৱা আগবঢ়ায় অজাপ নেতৃত্বই। ধুবুৰীৰ শ্ৰীগুৰু টেগবাহাদুৰ চাহিব গুৰুদ্বাৰাত নৈশ যাপন কৰাৰ পিছত আজি প্ৰতিকূল বতৰৰ মাজতেই আৰম্ভ হয় ধুবুৰীৰ পৰা শদিয়ালৈ অজাপৰ এক অসম যাত্ৰাৰ। আজিৰ এই যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে গুৰুদ্বাৰাত আশিস বিচাৰি সেৱা আগবঢ়ায় লুৰিণজ্যোতি গগৈকে ধৰি দলটোৰ কেন্দ্রীয় নেতৃত্বই। ধুবুৰীৰ নেতাই ধুবুনী পাৰঘাটত থকা বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই আজিৰ সেই যাত্ৰা আৰম্ভ কৰে অজাপই। প্ৰতিমূৰ্তিটোৰ কাষতে থকা ইতিহাস প্ৰসিদ্ধ পাঁচপীৰ দৰগাহত সেৱা জনায় অজাপৰ বিষয়-ববীয়াসকলে। যাত্ৰাপথত ধুবুৰী চহৰত থকা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰকে আৰু জননেতা শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জনায় দলটোৱে। আজিৰ এই যাত্ৰা অজপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি দুলু আহমেদ প্ৰমুখ্যে দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like