নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিআইডিৰ কাৰ্যালয়ত জেৰা জুবেইৰ আনমক

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰঃ ২০১৯ চনৰ কা আন্দোলনৰ গোচৰ সংক্ৰান্তত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমক। সেই নিৰ্দেশনা মানি উপস্থিত হয় জুবেইৰ। চিআইডিৰ কাৰ্যালয়ত প্ৰায় আধা ঘণ্টা ধৰি জুবেইৰ আনমক জেৰা চলোৱা হয়। এই জেৰাৰ পিছত যাবলৈ দিয়া হয় তেওঁক। ইফালে চিআইডিৰ পৰা ওলায়েই চৰকাৰৰ বিৰুদ্ধে সৰৱ জুবেইৰ আনম। ৩ অক্টোবৰৰ পৰা হ’বলগীয়া প্ৰদেশ যুৱ কংগ্ৰেছৰ যুৱ যাত্ৰা ৰেলী বন্ধ কৰাৰ উদ্দেশ্যে এনে ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ তুলিছে সভাপতিগৰাকীয়ে। ২০১৯ চনত কলাক্ষেত্ৰৰ ৰাজহুৱা সম্পদৰ লগতে ষ্ট্ৰীট লাইট বিনষ্ট কৰাত এনএছইউআই কর্মীৰ লগতে যুৱ কংগ্ৰেছৰ নামো সাঙোৰ খাইছিল।কেইবাটাও ধাৰাত গোচৰ ৰুজু হৈছিল যদিও অভিযুক্তকেইজন অসম এৰি পলোৱাৰ বাবে ঘটনাকাণ্ডটোৰ তদন্ত নহল। পৰৱৰ্তী পৰ্যায়ত এই ঘটনা পুনৰ তদন্তৰ বাবে চিআইডিলৈ হস্তান্তৰ কৰা হৈছিল। IPCৰ 120(B)/121/121(A)/122/123 লগতে IPC 143/147/148/150/152/153/153(A)/326/333/353 ধাৰা সন্নিবিষ্ট কৰা হৈছে। ইতিমধ্যে চিআইডিত ৰুজু হৈ আছে ৩০/২০১৯ নম্বৰৰ এটা গোচৰ।

 

 

You might also like