নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ ন্যায়ালয়ৰ নির্দেশে সৃষ্টি কৰা অনিশ্চয়তাৰ মাজতে পুনৰ অসম গণ পৰিষদ দলৰ সভাপতি হিচাপে নির্বাচিত হ’ল অতুল বৰা৷ পূর্বনির্ধাৰিত কার্যসূচী অনুসৰি বৃহস্পতিবাৰে পুৱা ৯ বজাত আৰম্ভ হোৱা দলটোৰ সাধাৰণ অধিৱেশনখনৰ তিনিঘণ্টাৰ ভিতৰতে সামৰণি পৰে৷ এই অধিৱেশনতে অতুল বৰাক আৰু এটা কার্যকালৰ বাবে সভাপতি হিচাপে নির্বাচন কৰা হয়৷ ইয়াৰ লগে লগে সভাপতি পদক কেন্দ্র কৰি দলটোৰ ভিতৰত দীর্ঘদিন ধৰি চলি থকা জল্পনা–কল্পনাৰো অৱসান ঘটিল৷ কার্যতঃ প্রতিষ্ঠাপক সভাপতি প্রফুল্ল কুমাৰ মহন্ত শিবিৰক একাষৰীয়া কৰি আমবাৰীত নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ল অতুল বৰা বাহিনীয়ে৷ উল্লেখ্য যে সভাপতি পদক কেন্দ্র কৰিয়ে যোৱা কিছুদিন ধৰি অসম গণ পৰিষদৰ ভিতৰে–বাহিৰে ব্যাপক চর্চা অব্যাহত আছিল৷ বর্তমানৰ সভাপতি অতুল বৰা, প্রতিষ্ঠাপক সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই ভাগে ভাগে অব্যাহত ৰাখিছিল তৎপৰতা৷ আনকি কালিৰ দিনটোতো দুয়োটা শিবিৰে ব্যাপক কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছিল৷ কিন্তু তাৰ মাজতে অগপৰ মহানগৰ সমিতিৰ কেইগৰাকীমান প্রাক্তন বিষয়ববীয়াৰ আৱেদনৰ ভিত্তিত আদালতে আজিৰ অধিৱেশনখনত স্থগিতাদেশ জাৰি কৰে৷ যাৰ বাবে অধিৱেশনখনক লৈ চৰম অনিশ্চয়তাৰ সৃষ্টি হয়৷ অৱশ্যে ন্যায়ালয়ৰ নির্দেশৰ প্রতিলিপি হাতত নপৰাৰ অজুহাতেৰে কালি সন্ধিয়া দলটোৱে কার্যনির্বাহক সমিতিৰ বৈঠক অনুষ্ঠিত কৰে৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰাই আমবাৰীৰ মুখ্য কার্যালয়ত একাদশসংখ্যক কেন্দ্রীয় অধিৱেশনখন আৰম্ভ হয়৷ পতাকা উত্তোলন আৰু শ্বহীদ তর্পণৰ পিছতে অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যই৷ অত্যন্ত কম সময়ৰ ভিতৰত সভাৰ যাৱতীয় কার্যসূচীৰ সামৰণি পেলোৱা হয়৷ ইয়াৰ লগে লগে নতুন সভাপতি নির্বাচনৰ প্রক্রিয়া আৰম্ভ হয়৷ মুখ্য নির্বাচনী বিষয়া ফণীভূষণ চৌধুৰীয়ে সাধাৰণ পৰিষদক জনায় যে তেওঁ সভাপতি পদৰ একমাত্র প্রার্থী হিচাপে অতুল বৰাৰ মনোনয়ন লাভ কৰিছে আৰু এই মনোনয়ন পত্র বৈধ বিবেচিত হৈছে৷ গতিকে অতুল বৰাকে তেওঁ দলৰ পৰৱর্তী নির্বাচিত সভাপতি হিচাপে ঘোষণা কৰে৷ সাধাৰণ সভাই নৱনির্বাচিত সভাপতি বৰাক কেন্দ্রীয় কার্যনির্বাহক সমিতি গঠনৰ পূর্ণ কর্তৃত্ব প্রদান কৰে৷ সেইমর্মে অতুল বৰাই কার্যবাহী সভাপতি হিচাপে কেশৱ মহন্তৰ নাম ঘোষণা কৰে৷ পুৱা ১১.৪৫ বজাত অতুল বৰাক সভাপতি হিচাপে নির্বাচিত কৰাৰ পিছতে সাধাৰণ অধিৱেশনৰো সামৰণি পৰে৷ অগপ প্রতিনিধিসকলে ঢ়োলে–দগৰে জিন্দাবাদ ধ্বনি দি নৱনির্বাচিত সভাপতিগৰাকীলৈ সমর্থন ব্যক্ত কৰে৷ পুনৰ এটা কার্যকালৰ বাবে দলৰ সভাপতিৰ দায়িত্ব লৈ অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে অহা সময়ছোৱাত অসম গণ পৰিষদ দলক নতুন সাজেৰে গঢ় দিয়া হ’ব৷ অগপৰ দখলত বর্তমান থকা ১৪খন আসন পৰৱর্তী নির্বাচনত বৃদ্ধি কৰাটোৱে হ’ব তেওঁৰ মূল লক্ষ্য৷ শেহতীয়াকৈ দলৰ প্রতিটো স্তৰৰ কর্মকর্তা নতুন ৰূপত উৎসাহী হৈ উঠিছে৷ নিজৰ কামৰ মাজেৰে এক প্রগতিশীল জাতীয়তাবাদ অসমত প্রতিষ্ঠা কৰাৰ কামত অগপৰ নেতা–কর্মীসকলে আত্মনিয়োগ কৰিব৷ যিসকল লোকক সংবিধানে ভাৰতীয় নাগৰিক হিচাপে মর্যাদা দিছে, অসমৰ বায়ু পানী মাটিৰ লগত যিসকল মিলি গৈছে, তেওঁলোকক লৈ অগপক নতুন ৰূপত গঢ়ি তোলা হ’ব৷ আগন্তুক নির্বাচনৰ বাবে এতিয়াৰ পৰাই দলে পূর্ণ প্রস্তুতি আৰম্ভ কৰিছে আৰু অহা নির্বাচনত অধিক আসন লাভৰ লক্ষ্যৰে কাম কৰি যাব৷ দলৰ সংবিধান অনুসৰি বৃহস্পতিবাৰে সাধাৰণ অধিৱেশন অনুষ্ঠিত হোৱা বুলি সদৰী কৰি অতুল বৰাই লগতে কয় যে প্রবীণৰ অভিজ্ঞতা আৰু নতুনৰ উদ্যম লগত লৈ অগপ নির্বাচনৰ বাবে সাজু হৈছে৷ অগপৰ ভিতৰচ’ৰাত মতানৈক্য থাকিলেও কোনোধৰণৰ বিসম্বাদ নাই৷ বৃহস্পতিবাৰৰ দিনটোত তেওঁ দলৰ ভিতৰৰ–বাহিৰৰ সমালোচক–শুভচিন্ত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে৷ ইপিনে, কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতা প্রসংগত অগপৰ সভাপতিগৰাকীয়ে কয় যে এই সিদ্ধান্ত অসমৰ ৰাইজৰ বাবে অভিশাপ হ’লেও ইয়াৰ পৰা ৰাজনৈতিকভাৱে অগপ লাভান্বিত হ’ব৷ ইফালে ন্যায়ালয়ৰ নিশেধাজ্ঞা সন্দর্ভত অগপৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই কয় যে কালি সন্ধিয়া কার্যনির্বাহক সভাৰে আৰম্ভ হোৱা অগপৰ সাধাৰণ অধিৱেশনৰ বৃহস্পতিবাৰে দিনৰ ১১.৪৫ বজাত সামৰণি পৰে৷ দুপৰীয়া ১২.৪৫ বজাতহে কামৰূপ মহানগৰী দেৱানী আদালতৰ পৰা দলে এখন জাননী লাভ কৰে৷ ন্যায়ালয়ৰ নির্দেশৰ প্রতি সন্মান জনাই বিষয়টো চোৱাচিতাৰ বাবে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনক দায়িত্ব দিয়া হৈছে৷ কিন্তু আদালতৰ জাননী লাভৰ পূর্বেই সাধাৰণ অধিৱেশনখনৰ সফল সামৰণি পৰে৷ ডাঃ কলিতাই লগতে কয় যে সাধাৰণ অধিৱেশনৰ স্থগিতাদেশৰ বাবে যিসকল লোক আদালতৰ দ্বাৰস্ত হৈছিল, তেওঁলোক অগপৰ বহিষৃকত সদস্যহে৷ তদুপৰি ২০১৯ চনৰ ১০ ডিচেম্বৰত গৃহীত অগপৰ নতুন সংবিধানৰ ৬২ (৩) অনুচ্ছেদতহে নির্বাচনৰ প্রসংগ উল্লেখ আছে৷ কিন্তু আদালৰ জাননীখনত ২৫ অনুচ্ছেদৰ প্রসংগহে উল্লেখ কৰা হৈছে৷ তাৰ পিছতো এই নির্দেশ পোৱাৰ আগতেই অগপৰ অধিৱেশনৰ সামৰণি পৰে বুলি তেওঁ উল্লেখ কৰে৷ এইদৰেই কৌশলেৰে সভাপতিৰ পদ অক্ষুণ্ণ ৰখাত অতুল বৰা সফল হ’ল৷ একে সময়তে সভাপতিৰ দৌৰত থকা প্রফুল্ল কুমাৰ মহন্ত শিবিৰ একাষৰীয়া হৈ পৰিল৷ অনিশ্চয়তাৰ মাজেৰে হ’লেও অতুল বৰা পুনৰবাৰ সভাপতি হিচাপে নির্বাচিত হ’বলৈ সক্ষম হ’ল যদিও ন্যায়ালয়ৰ মজিয়াত বিষয়টোৱে কি মোৰ লয়, সেয়া লক্ষণীয় হ’ব৷ প্রণিধানযোগ্য যে অগপৰ এগৰাকী বিদ্রোহী বিধায়ক পবীন্দ্র ডেকা আজিৰ অধিৱেশনত অংশগ্রহণ কৰাৰ পৰা বিৰত থাকে৷ আনহাতে প্রতিষ্ঠাপক সভাপতি প্রফুল্ল মহন্ত আমবাৰীৰ কার্যালয়লৈ আহে যদিও অধিৱেশনত অংশগ্রহণৰ পৰা তেওঁ বিৰত থাকে৷