নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ ছেপ্টেম্বৰত প্রস্তুত হ’ব বিজেপিৰ ১০০ দিনীয়া কার্যসূচী

বিজেপিৰ বিষয়ববীয়াৰ সভাত বি এল সন্তোষ

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ  আগন্তুক বিধানসভা নির্বাচনৰ দলীয় প্রার্থিত্বক লৈ অযথা তৎপৰ হোৱাৰ পৰিৱর্তে দল ৰাইজৰ ওচৰলৈ নিয়াৰ বাবেহে অহা সময়ছোৱাত কাম কৰাৰ বাবে দলীয় কার্যকর্তাক পৰামর্শ আগবঢ়ালে বিজেপিৰ ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে৷ ২০২১ চনৰ নির্বাচনত ১০+ আসন দখলৰ লক্ষ্যৰে ইতিমধ্যে ব্যাপক কুচকাৱাজ আৰম্ভ কৰা বিজেপিৰ ভিতৰচ’ৰাত এতিয়া প্রার্থিত্ব বিচাৰি উঠিপৰি লাগিছে একাংশ নেতা৷ এনে সময়তে সমস্ত শক্তি  প্রয়োগেৰে দলক নির্বাচনত একক সংখ্যাগৰিষ্ঠ শক্তি ৰূপে প্রতিষ্ঠিত কৰিবলৈ কালি ৰাষ্ট্রীয় নেতা বি এল সন্তোষে ক’ৰ কমিটীৰ বৈঠকত পৰামর্শ দিয়াৰ পিছত আজি দলীয় প্রার্থিত্ব বিচাৰি অযথা হৈ–চৈ নকৰিবলৈ দিয়া আহ্বানে দলৰ ভিতৰচ’ৰাত প্রতিক্রিয়া সৃষ্টি কৰিছে৷ উল্লেখ্য যে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত বৃহস্পতিবাৰে নৱগঠিত ৰাজ্যিক বিষয়ববীয়াৰ এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হৈ যায়৷ এই বৈঠকতে ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদকজনে ২০২১ চনত দলক পুনৰ ক্ষমতালৈ অনাৰ ক্ষেত্রত প্রতিজন বিষয়ববীয়া আৰু নেতাৰ দায়িত্ব কি হ’ব তাক বিস্তৃতভাৱে উল্লেখ কৰাই নহয় এক শৃংখলিত কার্যব্যৱস্থাৰ মাজেৰে নির্বাচনৰ বাবে দলক আগুৱাই নিয়াৰ পৰামর্শ দিয়ে৷ মন কৰিবলগীয়া যে বিধানসভা নির্বাচনক লক্ষ্য কৰিয়ে ইতিমধ্যে শাসকীয় দলটোৱে সক্রিয় কৰি তুলিছে দলৰ ৩.২০ লাখ পৃষ্ঠাপ্রমুখক৷ ভোটাৰ তালিকাৰ প্রতিটো পৃষ্ঠাৰ দায়িত্বত থকা এই পৃষ্ঠাপ্রমুখৰ জৰিয়তে বিজেপিয়ে আৰম্ভ কৰিব বিচাৰিছে নির্বাচনী অভিযান৷  বিষয়ববীয়াৰ বৈঠকত মুখ্যতঃ এই দিশটো আঙুলিয়াই ৰাষ্ট্রীয় নেতা সন্তোষে প্রতিটো সমষ্টিতে মাইক্র’লেভেল সভাৰ সংখ্যা অধিক বৃদ্ধি কৰিবলৈ পৰামর্শ দিয়ে৷ আনহাতে নির্বাচনক লক্ষ্য কৰি ৪ ছেপ্টেম্বৰত ১০০ দিনীয়া কার্যসূচী প্রস্তুত কৰাৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়৷ এই ১০০ দিনীয়া কার্যসূচীৰ সময়ছোৱাত কোনো নেতাকে নির্বাচনৰ বাবে প্রার্থিত্ব বিচাৰি তৎপৰতা নচলাবলৈ ৰাষ্ট্রীয় সাংগঠনিক সম্পাদকজনে স্পষ্ট নির্দেশ দিয়ে৷ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সভাপতিত্বত অনুষ্ঠিত বিষয়ববীয়াৰ বৈঠকত আন কেইবাটাও দলীয় কার্যসূচী নির্ধাৰণ কৰা হয়৷ ইফালে, অহা ১৭ ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৭০ সংখ্যক ওপজা দিন উপলক্ষে ১৪ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈ সপ্তাহজোৰা কার্যসূচীৰে ‘সেৱা সপ্তাহ’ পালন সিদ্ধান্ত লোৱা হয়৷ আনহাতে আন এক সিদ্ধান্তমর্মে ২৫ ছেপ্টেম্বৰত দীনদয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে পূর্বৰ দৰে এইবাৰো বুথ সভাপতিসকলে নিজ স্থানত দলৰ পতাকা উত্তোলন কৰিব৷ গান্ধী জয়ন্তী উপলক্ষে ২৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ ‘বি ভকেল ফৰ ল’কেল দেন গ্ল’বেল’ এই বিষয়বস্তু লৈ অসমৰ প্রতিখন জিলা, মণ্ডল তথা বুথ পর্যায়ত আত্মনির্ভৰ ভাৰত সপ্তাহ কার্যসূচী পালনৰ সিদ্ধান্ত লোৱা হৈছে৷ উল্লেখ্য যে অহা ৪ ছেপ্টেম্বৰত দলৰ নৱগঠিত ৰাজ্যিক কার্যনির্বাহক সভা অনুষ্ঠিত হ’ব৷ এই সভাতে দলৰ পৰৱর্তী ১০০ দিনীয়া কার্যসূচী নির্ধাৰণ কৰা হ’ব৷ আজিৰ সভাত দলৰ ৰাষ্ট্রীয় সম্পাদক তথা প্রাক্তন সাংসদ ৰমেন ডেকা, ৰাজ্যিক সাংগঠিনক সম্পাদক ফণীন্দ্র নাথ শর্মাও উপস্থিত থাকে৷

You might also like