অখিল পজিটিভ, চিকিৎসাৰ বাবে মেডিকেল ব’ৰ্ড গঠন
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰতো ভয়ানক ৰূপত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পাইছে৷ শুকুৰবাৰে কাৰাগাৰখনৰ ১৯জন বন্দীৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাছত শনিবাৰে পুনৰ ৩৬জনৰ দেহত ক’ৰোনা ধৰা পৰে৷ আক্রান্তসকলক কালাপাহাৰ ক’ভিড হাস্পতালত ভর্তি কৰোৱা হয়৷ শুকুৰবাৰে আক্রান্ত হোৱা ১৮জনক মহেন্দ্র মোহন চৌধুৰী হাস্পতালত ভর্তি কৰাৰ বিপৰীতে এন ডি এফ বিৰ নেতা ৰঞ্জন দৈমাৰীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছে৷
ইফালে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈও ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈছে৷ শনিবাৰে কৰা ছোৱাব পৰীক্ষাত তেওঁ ক’ভিড–১৯ ভাইৰাছত সংক্রমিত হোৱাটো নিশ্চিত হয়৷ ইয়াৰ পূর্বেও গুৱাহাটী আৰু দিল্লীৰ পৰীক্ষাগাৰত কৃষক নেতাগৰাকীৰ ক’ৰোনা পৰীক্ষা কৰা হৈছিল যদিও ফলাফল নিগেটিভ আহিছিল৷ কিন্তু পুনৰ পৰীক্ষা কৰোঁতে অখিল গগৈৰ দেহত ক’ৰোনাৰ সংক্রমণ ধৰা পৰে৷ তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কৰোৱা বুলি জানিব পৰা গৈছে৷
ইফালে, কৃষক নেতাগৰাকীৰ অসুস্থতাৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে তেওঁৰ চিকিৎসাৰ বাবে গঠন কৰিছে এখন পাঁচজনীয়া মেডিকেল ব’ড৷ অভিজ্ঞ চিকিৎসক ডাঃ ভবানী প্রসাদ চক্রৱর্তীক অধ্যক্ষ হিচাপে লৈ গঠন কৰা ব’ডৰ আন সদস্যসকল হ’ল ডাঃ সংগীত দত্ত, ডাঃ নীলম খাউণ্ড, ডাঃ বসন্ত হাজৰিকা আৰু ডাঃ ব্রজেন লহকৰ৷ ক’ৰোনা আক্রান্তৰ বাবে ৰাজ্যত প্রথমবাৰৰ বাবে এইদৰে মেডিকেল ব’ড গঠন কৰা হৈছে৷ কেন্দ্রীয় কাৰাগাৰখনত ব্যাপক ৰূপত ক’ৰোনাৰ সংক্রমণ হোৱাৰ পৰিপ্রেক্ষিতত যিসকলৰ দেহত এতিয়াও ক’ভিডৰ অৱস্থিতি ধৰা পৰা নাই, তেওঁলোকৰ পুনৰ ছোৱাব পৰীক্ষাৰ ব্যৱস্থা গ্রহণ কৰাৰ পদক্ষেপ ল’ব প্রশাসনে৷
লখৰাৰ কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ থকা ১,০৬৯গৰাকী লোকৰ আটাইৰে ছোৱাবৰ নমুনা সংগ্রহ কৰা হ’ব বুলি কাৰাগাৰ কর্তৃপক্ষই সদৰী কৰিছে৷ পৰৱর্তী পর্যায়ত আক্রান্ত হোৱাৰ শংকা নিৰাময়ৰ বাবে স্বাস্থ্য বিভাগৰ পৰামর্শমর্মে প্রশাসনে এই পদক্ষেপ গ্রহণ কৰিছে বুলি জিলা প্রশাসনৰ এক সূত্রই জানিবলৈ দিছে৷