বিশেষ বাৰ্তা, ২৩ মে’ : কংগ্রেছ -ৰে মিত্রতাৰ ক্ষেত্রত যুদ্ধংদেহি ৰূপ লৈছে ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে৷ পঞ্চায়ত নির্বাচনৰ ফলাফল প্রকাশৰ পাছতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্রেছক পুনৰ মিত্রতাৰ প্রস্তাৱ আগবঢ়ায়৷
মিত্রতাৰ প্রস্তাৱ আগবঢ়াই অখিল গগৈয়ে কয় যে এইবাৰ তেওঁলোকে মিত্রতাৰ বাবে আগভাগ নলয়৷ কংগ্রেছে যদি মিত্রতাৰ প্রস্তাৱ দিয়ে, তেতিয়াহ’লে তেওঁলোকে সঁহাৰি জনাব৷ এইক্ষেত্রত তেওঁ ৩০ মে’ ডেডলাইন বান্ধি দিয়ে৷ পিছে অখিল গগৈয়ে ডেডলাইন বান্ধি দিলেও এতিয়ালৈ কংগ্রেছৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই৷ সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়- মিত্রতাৰ ক্ষেত্রত কংগ্রেছৰ পৰা এতিয়ালৈ আনুষ্ঠানিক প্রস্তাৱ লাভ কৰা নাই৷ মিত্রতাৰ ক্ষেত্রত আমি অহা ৩০ মে’লৈ ৰ’ম ৷ ৩০ মে’ৰ ভিতৰত যদি কংগ্রেছৰ পৰা আনুষ্ঠানিক প্রস্তাৱ লাভ নকৰোঁ, তেতিয়াহ’লে ১ জুনৰ পৰা আমি ১২৬টা বিধানসভা সমষ্টিতে সাংগঠনিক কাম–কাজ আৰম্ভ কৰি দিম৷
অখিল গগৈয়ে আৰু কয় যে কংগ্রেছৰ পৰা আনুষ্ঠানিক প্রস্তাৱ নাপালেও অনানুষ্ঠানিক কথা–বতৰা হৈ আছে৷ সম্প্রতি ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত চলি থকা গণ্ডগোলৰ বাবেই মিত্রতাৰ দিশত কংগ্রেছে এতিয়ালৈ কোনো সিদ্ধান্ত ল’ব পৰা নাই বুলি জনাইছে৷ পিছে অনানুষ্ঠানিক যোগাযোগ কৰিলেও কংগ্রেছে যিটো আন্তৰিকতা দেখুৱাব লাগিছিল, সেই আন্তৰিকতা দেখুওৱা নাই বুলি উল্লেখ কৰি অখিল গগৈয়ে আৰু কয় যে কংগ্রেছৰ লগত মিত্রতা কৰিলেও তেওঁলোকে বহু আসনত নির্বাচন খেলিব৷ কাৰণ ’২৬ত তেওঁলোকৰ ভোট সংগ্রহৰ টার্গেট ৬ শতাংশ৷ দলৰ ৰিক’গনাইজেচনৰ বাবে ৬ শতাংশ ভোটৰ প্রয়োজন৷ সেয়ে তেওঁলোকে কংগ্রেছৰ সৈতে মিত্রতা কৰিলেও অধিক আসনত নির্বাচন খেলিব৷ ইটোৰ পাছত সিটো চর্ত আৰোপ কৰা অখিল গগৈৰ ৰাইজৰ দলৰ সৈতে কংগ্রেছে মিত্রতা কৰে নে নাই, সেয়া সময়তহে ক’ব পৰা যাব৷