নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ অর্থনীতিলৈ অশনি সংকেত : ৩ দশকত নিঃশেষ হ’ব তেল–গেছৰ ভাণ্ডাৰ

যি প্ৰাকৃতিক সম্পদৰ বলেৰে এচাম যুৱকে স্বাধীন অসমৰ সপোন দেখিছিলে সেই তেল আৰু গেছৰ ভাণ্ডাৰ অসম তথা উত্তৰপূৰ্বাঞ্চলৰ পৰা নিঃশেষ হবলৈ আৰু বেছি দিন নাই। প্ৰায় তিনিটা দশকৰ ভিতৰত উত্তৰপূৰ্বাঞ্চলৰ ভূগৰ্ভৰ পৰা নিশ্চিহ্ন হৈ যাব তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ।

চলি থকা বৰ্ষাকালীন অধিবেশনত লোকসভাৰ মজিয়াত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতি গেছ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী সুৰেশ গোপীয়ে প্ৰদান কৰা এক বিবৃতিৰ পৰা এই কথা প্ৰতিয়মান হৈছে। সদনৰ প্ৰশ্নোত্তৰকালত বিজেপি সাংসদ দীলিপ শইকীয়া, দীনেশভাই মাকৱানা আৰু বিদ্যুত বৰণ মাহাতোৰ এক সন্মিলিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গোপীয়ে প্ৰদান কৰা তথ্য অনুসৰি উত্তৰপূৰ্বাঞ্চলৰ ভূগৰ্ভত আবিষ্কৃত তৈলক্ষেত্ৰত সমূহত এই মুহূৰ্তত ১৫.০১৫ কোটি মেট্ৰিক টন পৰিমাণৰ খাৰুৱা তেল মজুত আছে।

অনুৰূপ ভাবে মজুত আছে ১৯,৮২৫ কোটি কিউবিক মিটাৰৰ প্ৰাকৃতিক গেছ। আনহাতে বিভাগীয় ৰাজ্যমমন্ত্ৰী জনে প্ৰদান কৰা তথ্য অনুসৰি বিগত তিনি বছৰত উত্তৰপূৰ্বাঞ্চলৰ ভূগৰ্ভৰ পৰা ১.৩১৩১ কোটি কোটি মেট্ৰিক টন খাৰুৱা তেল আৰু ১,৫১৫.৮ কোটি কিউবিক মিটাৰৰ প্ৰাকৃতিক গেছ আহৰণ কৰা হৈছে।

অৰ্থাত বছৰি গড়ে ০.৪৩৭৭ কোটি মেট্ৰিক টনৰ তেল আৰু ৫৫৩ কোটি কিউবিক মিটাৰৰ গেছ উত্তৰপূৰ্বাঞ্চলৰ পৰা নিষ্কাচন কৰি থকা হৈছে। মন্ত্ৰী গোপীয়ে অ এন জি চি আৰু অইলে বছৰি উত্তৰপূৰ্বাঞ্চলৰ পৰা কিমান তেল আৰু গেছ আহৰণ কৰিছে তাৰো যোৱা তিনি বছৰৰ বিস্তাৰিত তথ্য প্ৰদান কৰিছে।

লক্ষ্যনীয়ভাবে অসম তথা উত্তৰপূৰ্বাঞ্চলৰ ভূগৰ্ভত থকা তেল আৰু প্ৰাকৃতিক গেছ কিমান দিনৰ ভিতৰত নিঃশেষ হব তাৰ কোনো তথ্য মন্ত্ৰীজনে সদনৰ মজিয়াত প্ৰদান কৰা নাই যদিও, যি হাৰত বছৰি বছৰি অঞ্চলটোৰ পৰা তেল আৰু গেছ নিষ্কাচন কৰি থকা হৈছে সেই হিচাপত অনাগত প্ৰায় ৩৪.৩০ বছৰত খাৰুৱা তেল আৰু ৩৫.৮৫ বছৰত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ নিঃশেষ হোৱাটো অবশ্যম্ভাৱী হৈ পৰিছে।

প্ৰণিধানযোগ্য যে এতিয়ালৈকে আবিষ্কৃত তেল আৰু গেছ ভাণ্ডাৰৰ নিৰিখতেই তথ্যভিত্তিক এই অনুমান আমি কৰিব পাৰি। আনহাতে যোৱা তিনি বছৰত উত্তৰপূৰ্বাঞ্চলত ১১ খন তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰৰ সন্ধান লাভ কৰিছে যদিও ইয়াৰ ভিতৰত ৭ খন ভাণ্ডাৰৰ পৰাই তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰি থকা হৈছে বুলি মন্ত্ৰী গোপীয়ে সদনক অৱগত কৰিছে।

উল্লেখ্য যে বিভাগীয় ৰাজ্যমন্ত্ৰীজনে প্ৰদান কৰা তথ্য অনুসৰি উত্তৰপূৰ্বাঞ্চলত অ এন জি চিতকৈ অইলে বছৰি প্ৰায় তিনিগুণ খাৰুৱা তেল আৰু দুগুণ প্ৰাকৃতিক গেছ আহৰণ কৰিবলৈ সক্ষম। ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষলৈকে অ এন জি চিয়ে ক্ৰমে ০.১০০৯ কোটি, ০.১০৪৬ কোটি আৰু ০.১০৫১ কোটি মেট্ৰিক টন খাৰুৱা তেল নিষ্কাচন কৰিছে। উক্ত সময়ছোৱা অইলে নিষ্কাচন কৰা তেলৰ পৰিমাণ হৈছে ক্ৰমে ০.৩১৫৯, ০.৩৩৩৪ আৰু ০.৩৪২৫ কোটি মেট্ৰিক টন।

অনুৰূপ ভাবে অ এন জি চিয়ে উক্ত তিনি বছৰত ক্ৰমে ২০৩ কোটি, ১৮৫.৯০ কোটি আৰু ১৫৬.৩০ কোটি কিউবিক মিটাৰৰ প্ৰাকৃতিক গেছ আহৰণ কৰিবলৈ সক্ষম হৈছে উত্তৰপূৰ্বাঞ্চলৰ পৰা। অইনে নিষ্কাচন কৰা গেছৰ পৰিমাণ হৈছে ক্ৰমে ৩০৪.১ কোটি, ৩০৯ কোটি আৰু ৩১৭.১০ কোটি কিউবিক মিটাৰ।

মন কৰিব লগীয়া যে তিনি দশকৰ ভিতৰত গেছ আৰু তেল ভাণ্ডাৰ উত্তৰপূৰ্বাঞ্চলৰ পৰা নিশ্চাহ্ন হৈ গলে অঞ্চলটোৰ বিশেষকৈ অসমৰ অৰ্থনীতিত ব্যাপক বিৰূপ প্ৰভাৱ পৰাৰ আশংকা নুই কৰিব নোৱাৰি। তেল কিম্বা গেছৰ পৰা পোনোটিয়াকৈ এখন ৰাজ্য হিচাপে অসমে ৰাজহ সংগ্ৰহ কৰিব নোৱাৰে যদিও শেহতীয়াকৈ ৰয়েল্টিৰ পৰা ৰাজ্যখনে ব্যাপক ভাবে উপকৃত হৈ আহিছে।

Niyomiya Barta Desk, 13 August, 2025

You might also like