নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত নদীবান্ধ নিৰ্মাণ : চীনক প্রত্যাহ্বান ভাৰতৰ

ব্রহ্মপুত্রৰ উপৰিভাগত চীনে নির্মাণ কৰিবলগীয়া বৃহৎ নদীবান্ধক প্রত্যাহ্বান জনাই অৰুণাচল প্রদেশত নির্মাণ কৰিবলগীয়া জলবিদ্যুৎ প্রকল্পত অনুমোদন মোদী কেবিনেটৰ৷

প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় কেবিনেটে অৰুণাচল প্রদেশৰ চি য়োনি জিলাত ৭০০ মেগাৱাট টাটো–২ জলবিদ্যুৎ প্রকল্প নির্মাণৰ প্রস্তাৱত অনুমোদন জনায়৷ বিনিয়োগ প্রস্তাৱত অনুমোদন জনোৱা এই জলবিদ্যুৎ প্রকল্পটোৰ ব্যয় ৮,১৪৬.২১ কোটি টকা৷ ৬ বছৰৰ ভিতৰত এই প্রকল্পটো সম্পূর্ণ কৰা হ’ব৷

এই জলবিদ্যুৎ প্রকল্পটোত নেচনেল গ্রিডে সহায় কৰাৰ লগতে নীপকো আৰু অৰুণাচল প্রদেশৰ যৌথ উদ্যোগত নির্মাণ কৰা হ’ব৷ কেন্দ্রীয় চৰকাৰে এই প্রকল্পটো নির্মাণ কৰোঁতে পথ, দলং আৰু সহযোগী সৰবৰাহৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনি নির্মাণৰ বাবে ৪৫৮.৭৯ কোটি টকা আগবঢ়াব৷

তদুপৰি ৰাজ্য চৰকাৰক ইকুইটি শ্বেয়াৰ হিচাপে বিত্তীয় সাহায্য ৪৩৬.১৩ কোটি টকা প্রদান কৰিব৷ এই বিদ্যুৎ প্রকল্পটোৰ জৰিয়তে ৰাজ্যখনে ১২ শতাংশ বিদ্যুৎ লাভৱান্বিত হ’ব৷ মন কৰিবলগীয়া যে আত্মনির্ভৰ ভাৰত অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰাৰ লক্ষ্যৰেই এই প্রকল্পটো নির্মাণ কৰা হ’ব৷

Niyomiya Barta Desk, 13 August, 2025

You might also like