নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ জানুৱাৰীৰ পৰা নিয়মীয়াকৈ আৰম্ভ হ’ব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ আজি জনতা ভৱনত এক সংবাদ মেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ১ জানুৱাৰীৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান নিয়মীয়াকৈ আৰম্ভ হ’ব।

এই সম্পৰ্কে সম্পূৰ্ণ গাইডলাইন শিক্ষা বিভাগৰ দ্বাৰা শীঘ্ৰে প্ৰকাশ কৰা হ’ব। আনহাতে স্কুলসমূহৰ ওপৰত যিসমূহ বাধ্য-বাধকতা আছিল (যেনে- দুদিন দুদিন ক্লাছ) সেয়া সম্পূৰ্ণ ৰূপে উঠাই দিয়া হ’ব। ফলত ১ জানুৱাৰীৰ পৰা নিয়মিত পাঠ্যক্ৰম আৰম্ভ হ’ব। অৱশ্যে ফেচ মাস্ক, চেনিটাইজাৰ, সামাজিক দূৰত্ব আদি বাধ্যতামূলক হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদমেলতে প্ৰকাশ কৰে।

ইপিনে বিটিচিত প্ৰচাৰৰ সময়ত ক’ভিডৰ নিয়ম উলংঘা কৰা সন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি ক’ভিড প্ৰট’কল সামান্য উলংঘা কৰি প্ৰচাৰ চলাইছিলো যদিও ক’ভিডৰ ঘটনা বৃদ্ধি হোৱা নাই। বিপৰীতে বিটিচিৰ জিলাকেইখনত দৈনিক ক’ৰবাত ১ বা ২ টা ক’ভিডৰ ঘটনাহে পোহৰলৈ আহিছে। গতিকে তাৰপৰা বুজা যায় যে অসমত ক’ভিডৰ এটা ষ্টেজ পাৰ কৰিছে।

You might also like