নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অল নিউ টিভিএছ জুপিটাৰ ১১০ মুকলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ ছেপ্টেম্বৰঃ টিভিএছ মটৰ কোম্পানী (টিভিএছএম)য়ে আজি মুকলি কৰে সম্পূর্ণ নতুন টিভিএছ জুপিটাৰ ১১০৷ বিভিন্ন অত্যাধুনিক প্রযুক্তিৰ লগতে মাইলেছ আৰু আৰোহীৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি মুকলি কৰা এই নতুন বাহনখনে বজাৰ দখল কৰিব বুলি আশা প্রকাশ কৰিছে কোম্পানীটোৱে৷ এতিয়ালৈকে টিভিএছে প্রায় ৬৫ লাখ গ্রাহকক জুপিটাৰ সংস্কৰণৰ বাহনখন যোগান ধৰিছে৷ গুৱাহাটীত বাহনখনৰ মুকলি অনুষ্ঠানত টিভিএছৰ বিপণন শাখাৰ সহকাৰী উপাধ্যক্ষ বিনয় এণ্টনীয়ে কয় যে পূর্বৰ জুপিটাৰ বাহনখনে গ্রাহকৰ পৰা আশাপ্রদ সহাৰি লাভ কৰিছে৷ যাৰ বাবে তেওঁলোকে বিভিন্ন নতুন প্রযুক্তি বৈশিষ্ট্য সংযোজন কৰি এই নতুন বাহনখন মুকলি কৰিছে৷ অনুষ্ঠানত টিভিএছৰ উত্তৰ–পূব শাখাৰ বিক্রী প্রবন্ধক হৰজিন্দৰ সিং উপস্থিত থাকে৷ উল্লেখ্য যে বাহনখনত ছিটৰ তলত দুটা হেলমেট ৰখাৰ সুবিধা আছে৷

You might also like