নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত মহাজোঁট ভংগৰ অনানুষ্ঠানিক প্রস্তাৱ কংগ্রেছৰ

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  আসন্ন উপ–নির্বাচনৰ দিন ঘোষণাৰ পূর্বেই মহাজোঁট ভংগৰ প্রস্তাৱ আগবঢ়ালে প্রদেশ কংগ্রেছে৷ যোৱা বিধানসভা নির্বাচনৰ ফলাফল ঘোষণাৰ পাছৰে পৰা কংগ্রেছৰ বিভিন্নজন নেতাই নির্বাচনী বিপর্যয়ৰ বাবে এ আই ইউ ডি এফৰে মিত্রতাক জগৰীয়া কৰি অহাৰ পাছত এইবাৰ ৰাজ্যৰ প্রধান বিৰোধী দলটোৱে আনুষ্ঠানিকভাৱে আজমলৰ দলৰে মিত্রতা ছেদৰ লগতে মহাজোঁট ভংগৰ বাবে অগ্রসৰ হৈছে৷

যোৱা বিধানসভা নির্বাচনৰ দৰে সমাগত উপ–নির্বাচনত আজমলৰ দলৰে থকা মিত্রতাৰ বাবে কংগ্রেছ যাতে ক্ষতিগ্রস্ত হ’বলগীয়া নহয়, তাৰ প্রতি লক্ষ্য ৰাখি সুযোগ সন্ধানী প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই মহাজোঁট ভংগৰ বাবে অগ্রসৰ হৈছে৷ এই সম্পর্কত সভাপতি বৰাই আজি কয় যে বি পি এফে মহাজোঁটৰ পৰা ওলাই যোৱাৰ কথা কৈ আহিছে৷ আমি তেওঁলোকক মহাজোঁটৰ পৰা ওলাই যাব কোৱা নাই৷ তেওঁলোক স্ব–ইচ্ছাই যদি ওলাই যায়, সেয়া আমাৰ বাবে সুবর্ণ সুযোগ হিচাপে গ্রহণ কৰিম৷ একেদৰে এ আই ইউ ডি এফকো কংগ্রেছৰ লগত থাকি তেওঁলোকৰ হোৱা ক্ষতিৰ মোকাবিলাৰ বাবে এককভাৱে আসন্ন উপ–নির্বাচনত অৱতীর্ণ হোৱাৰ আহ্বান জনাই কার্যতঃ এ আই ইউ ডি এফকো মহাজোঁটৰ পৰা আঁতৰি যোৱাৰ পৰামর্শ আগবঢ়ায়৷

প্রদেশ কংগ্রেছৰ সভাপতি বৰাৰ এই মন্তব্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে বি পি এফ দলে৷ বি পি এফৰ সাধাৰণ সম্পাদক তথা মুখপাত্র প্রবীণ বড়োৱে কয় যে বি পি এফ স্বেচ্ছাই ওলাই যোৱাৰ প্রশ্ণই নুঠে৷ ইতিমধ্যে কৈছোঁৱেই আমি মহাজোঁটত নাথাকোঁ৷ থকাৰ প্রশ্ণই নুঠে৷ মহাজোঁট গঠন হৈছিল যোৱা বিধানসভা নির্বাচনৰ সময়ত বিশেষ উদ্দেশ্য আগত ৰাখি৷ মহাজোঁটৰ উদ্দেশ্য আছিল চৰকাৰ গঠন কৰা৷ সেই উদ্দেশ্য যিহেতু ফলৱতী নহ’ল, সেয়ে মহাজোঁটৰ প্রসংগ স্বয়ংক্রিয়ভাৱে নাইকিয়া হৈ গৈছে৷ স্বেচ্ছাই ওলাই যোৱা, খেদি দিয়াৰ কথা আহিবই নোৱাৰে৷ আমাৰ দলৰ সভাপতি হাগ্রামা মহিলাৰীয়েও ইতিমধ্যে জনাই দিছে– বি পি এফ দল মহাজোঁটত নাথাকে৷

আসন্ন উপ–নির্বাচনত বি পি এফ দলে প্রতিদ্বন্দ্বিতা কৰিব পৰা সমষ্টিত অকলে যুঁজিব৷ এই প্রসংগতে তেওঁ আৰু কয় যে যোৱা বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত মহাজোঁট গঠনৰ সময়ত বি পি এফ দলৰ পৰা স্পষ্টভাৱে এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰাৰ বিৰোধিতা কৰিছিল৷ এ আই ইউ ডি এফকে ধৰি অন্যান্যসকলৰ সৈতে আভ্যন্তৰীণভাৱে বুজাবুজি কৰাৰহে পৰামর্শ দিছিল৷ কিন্তু বি পি এফৰ সেই পৰামর্শ সেই সময়ত কংগ্রেছে গ্রহণ নকৰিলে৷ তাৰ বাবেই নির্বাচনত কংগ্রেছকে ধৰি মহাজোঁট ক্ষতিগ্রস্ত হয়৷

ইফালে মহাজোঁট ত্যাগ কৰিবলৈ জনোৱা আহ্বানত ক্ষুব্ধ হৈ পৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দল৷ এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে এই সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে মহাজোঁট ভংগ হ’লে কংগ্রেছ দল অস্তিত্বহীন হ’ব৷ কংগ্রেছৰ স্থানত বিজেপি স্থায়ী হ’ব৷ পূর্বতে এ আই ইউ ডি এফ দল কংগ্রেছৰ সৈতে নাছিল৷ ২০১৬ চনত কংগ্রেছে থাওৰা আদিকে ধৰি বহু সমষ্টিত জিকিব পৰা নাছিল৷ কিন্তু এইবাৰ এ আই ইউ ডি এফৰ সৈতে কৰা মিত্রতাৰ বাবে কংগ্রেছে বহু সমষ্টিত জয়লাভ কৰিছে৷ উজনি অসমত জয়লাভ কৰিব নোৱাৰা সমষ্টিতো কংগ্রেছ জিকিছে৷ কংগ্রেছৰে মিত্রতা নকৰা হ’লে এ আই ইউ ডি এফ দলে এইবাৰ ২০ৰ পৰা ২৫খন আসনত জয়লাভ কৰিলেহেঁতেন৷ মিত্রতাৰ সূত্রেই এ আই ইউ ডি এফে এইবাৰ শক্তিশালী ভেটি থকা বহু সমষ্টি এৰিব লগা হ’ল৷ এ আই ইউ ডি এফৰ লোকচান হ’ল, আসনৰ সংখ্যা হ্রাস পালে৷

এ আই ইউ ডি এফৰ বিধায়কগৰাকীৰ এনে মন্তব্যত প্রতিক্রিয়া ব্যক্ত কৰি প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে কোনো দলে আন এটা দলৰ অস্তিত্ব শেষ কৰিব নোৱাৰে৷ অৰুণাচল প্রদেশৰ এসময়ৰ মুখ্যমন্ত্রী গেগং আপঙে সবলদলে মন্ত্রী–বিধায়কসহ বিজেপিত যোগদান কৰিছিল৷ তাৰ পাছতো ৰাজ্যখনত কংগ্রেছে ২০ বছৰ চৰকাৰ কৰিছে৷ এসময়ত হু ইজ বদৰুদ্দিন কৈ তৰুণ গগৈয়ে অসমৰ মুখ্যমন্ত্রী হৈছিল৷

ইপিনে বিজেপিৰ বি টীমক কেন্দ্র কৰি ৰাইজৰ দল আৰু কংগ্রেছৰ মাজত বাক্যুদ্ধ তুংগত উঠিছে৷ ৰাইজৰ দলে কংগ্রেছক বিজেপিৰ বি টীম আৰু কংগ্রেছে ৰাইজৰ দলক বিজেপিৰ বি টীম আখ্যা দিছে৷ মূলতঃ আসন্ন উপ–নির্বাচনত মিত্রতাক কেন্দ্র কৰি এই বোকা ছটিওৱাৰ ৰাজনীতি আৰম্ভ হৈছে৷ উল্লেখ্য যে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে তেওঁলোকৰ লগত আলোচনা নকৰাকৈ কংগ্রেছে মৰিয়নি, থাওৰা আৰু গোসাঁইগাঁৱত নিজাববীয়াকৈ প্রার্থী দিলে কংগ্রেছ দল কংগ্রেছ হৈ নাথাকিব, কংগ্রেছ বিজেপি হৈ যাব বুলি মন্তব্য কৰে৷

সেই মন্তব্যৰ পাছতেই প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন শিকদাৰে প্রতিক্রিয়া প্রকাশ কৰি কয় যে কংগ্রেছে ব্রিটিছক ভয় কৰা নাছিল, ইংৰাজৰ গুলীকো ভয় কৰা নাছিল৷ অখিল গগৈক ভয় কৰিবলগীয় নাই৷ ইয়াৰ পাছতেই ৰাইজৰ দলৰ কার্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰক বিজেপি–মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এজেণ্ট আখ্যা দি কয় যে শিকদাৰৰ বডী লেংগুৱেজ শোভনীয় নহয়৷ তেওঁৰ কথা–বতৰা, আচৰণে বিৰোধী ঐক্যত ভাঙোনহে আনিব৷ ৰাইজৰ দলৰ কার্যকৰী সভাপতিগৰাকীৰ সেই মন্তব্যৰ পাছতেই দলটোক উভতি ধৰিছে বিৰোধী দলপতি দেৱব্রত শইকীয়া, সাংসদ গৌৰৱ গগৈ আদিয়ে৷ বিৰোধী দলপতি শইকীয়াই কোন কাৰ বি টীম, সেই বিষয়ে ৰাইজে জানে৷ যোৱা বিধানসভা নির্বাচনত ৰাইজৰ দলে বিজেপিৰ বি টীম হিচাপে কাম কৰিছিল বুলিও বহুতে সন্দেহ কৰে৷ তেওঁলোকৰ ভোট বিভাজনৰ বাবে বহু সমষ্টিত কংগ্রেছ পৰাজিত হৈছে৷ সেইদৰে সাংসদ গগৈয়ে নতুনকৈ গঠন হোৱা ৰাইজৰ দলক নিজৰ সংগঠন শক্তিশালী কৰাতহে মনোনিৱেশ কৰাৰ আহ্বান জনায়৷ তেওঁ লগতে কংগ্রেছ দল মহাজোঁটৰ পৰা ওলাই আহি স্বতন্ত্রভাৱে কাম কৰি নিজৰ ভৰিত নিজে থিয় দিব লাগিব বুলি কয়৷ কংগ্রেছৰ সমান্তৰালভাৱে অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে এ আই ইউ ডি এফো৷

এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কয় যে অখিল গগৈক উপকাৰ কৰিলেও ওলটাই কামোৰ দিয়ে৷ তেওঁ কোন মুহূর্তত কি কথা কয়, একো ঠিক নাই৷ আগেয়ে এ আই ইউ ডি এফক বিজেপিৰ বি টীম কৈছিল৷ এতিয়া কংগ্রেছক কৈছে৷ অনুৰূপ ধৰণে সোণাই সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈকহে বিজেপিৰ এজেণ্ট আখ্যা দি কয় যে গগৈয়ে বিৰোধীক ঐক্যবদ্ধ কৰিব ওলাইছে নে বিজেপিৰ এজেণ্ট হৈ বিৰোধীক ভাগ ভাগ কৰিব ওলাইছে? ভাগ ভাগ কৰাৰ বাবেই তেওঁ চর্ত ৰাখি কথা কৈছে৷

You might also like