ধেমাজি সংহত জিলা আয়ুক্ত কার্যালয়ত ৮০নং জোনাই বিধানসভা সমষ্টিৰ এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্রার্থী ভুবন পেগুৱে আজি জিলা নিৰ্বাচনী বিষয়াৰ হাতত দাখিল কৰে মনোনয়ন পত্ৰ।কেইবাসহস্ৰ দলীয় সমৰ্থকক লৈ ধেমাজি নগৰৰ মাজেদি বিশাল সমদল কৰি ধেমাজি সংহত আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে এন ডি এ প্ৰাৰ্থীগৰাকীয়ে ৷
মনোনয়ন দাখিল কৰি জোনাই সমষ্টিত ৰাইজৰ বিপুল সমাদৰ আছে গতিকে সমষ্টিত বিজয় সাব্যস্ত কৰিব বুলি দৃঢ় মন্তব্য কৰি বিৰোধী কংগ্ৰেছ দলৰ উমৈহতীয়া প্ৰাৰ্থী ৰাজু কুমাৰ মেদকে অনা অভিযোগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- যদি মই গুণ্ডাৰাজ চলাইছোঁ তেন্তে মোৰ শপতনামখন চালেই হ’ল। গুণ্ডাৰাজ চলালে আৰক্ষীৰ ওচৰত অভিযোগ থাকিব। নিশ্চয় কংগ্ৰেছ প্ৰাৰ্থী ৰাজু কুমাৰ মেদকৰহে দুৰ্নীতিৰ অভিযোগ আছে আৰক্ষী থানাত। মই যিহেতু পুনৰ ৰাইজক সেৱা কৰাৰ সুবিধা লাভ কৰিছোঁ গতিকে জোনাই সমষ্টিৰ ৰাইজৰ মৰম, আশীৰ্বাদ আৰু সহৃদয় সহযোগিতা আন্তৰিকভাৱে কামনা কৰে প্ৰাৰ্থীগৰাকীয়ে।
আনহাতে, ৮০নং জোনাই সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ভুবন পেগুৱে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে পুৱা চিলাসুঁতিস্থিত তাম্ৰেশ্বৰী আই থানত আশীৰ্বাদ লৈ যাত্ৰা কৰে।
নিয়মীয়া বাৰ্তা, জোনাই, ২৩ মাৰ্চ :