নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘লোকসভাত অসমত ১১ আসন পাব মিত্রজোঁটে’

🔹 ১২ নম্বৰ আসনৰ বাবে চলিব যুঁজ

🔹 ভাৰত–২৪ৰ ‘ৰাজস্থানী সন্মিলন’ত মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ছেপ্টেম্বৰ : আগন্তুক লোকসভা নির্বাচনত অসমৰ ১৪ আসনৰ ১১খনেই দখল কৰিব বিজেপি নেতৃত্বাধীন মিত্রজোঁটে৷ কালি পুনৰ এই দাবী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠান ভাৰত–২৪ৰ ৰাজস্থানী সন্মিলন শীর্ষক অনুষ্ঠানত ৰুবিকা লিয়াকতৰ সৈতে হোৱা বার্তালাপত এই  সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয়– ১১খন আসনত বিজেপি আৰু মিত্রজোঁট জয়ী হোৱাটো নিশ্চিত৷ যুঁজ হ’ব ১২ নম্বৰ আসনক লৈহে৷ উল্লেখ্য যে কংগ্রেছৰ নেতৃত্বত বিৰোধী মিত্রজোঁট ‘ইণ্ডিয়া’ গঠনৰ পাছত লোকসভা নির্বাচনত কেইবাখনো ৰাজ্যত বিশেষ প্রভাৱ পৰিব বুলি চর্চা চলি অহাৰ সময়তে অসমত বিৰোধী ঐক্যমঞ্চৰ তিলমাত্র প্রভাৱ নপৰাৰ কথাটো স্পষ্ট কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ জনপ্রিয় টিভি এংকৰ ৰুবিকা লিয়াকতৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো স্পষ্ট কৰে যে আগন্তুক লোকসভা নির্বাচনত উত্তৰ–পূবৰ ২৫খন আসনৰ ২২খনেই দখল কৰিব এনডিএই৷ মুখ্যমন্ত্রীগৰাকীৰ এনে দৃঢ়তাক লৈ ৰুবিকা লিয়াকতৰ প্রশ্ণ– উত্তৰ–পূবত মণিপুৰ ৰাজ্যখনো আছে৷ মণিপুৰত এনডিএই আসন লাভ কৰিবলৈ সক্ষম হ’বনে? উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয়– মণিপুৰৰ দুয়োখন আসনতে বিজেপি আৰু মিত্রজোঁট জয়ী হোৱাটো নিশ্চিত৷ মোৰ এই দাবী ৰেকর্ড কৰি ৰাখক৷ নির্বাচনী ফলাফল ঘোষণাৰ পাছতে ইয়াক পুনৰ সম্প্রচাৰ কৰিব৷ উল্লেখ্য যে যথেষ্ট জনপ্রিয় ৰুবিকা লিয়াকতৰ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাক আমন্ত্রণ কৰি নি এইবুলি প্রশ্ণ কৰা হৈছিল– অসমে আপোনাক বহুত দিলে, অসমক আপুনি কি দিলে? ইয়াৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে কয়– অসমত এনে এটা পৰিৱেশ আছিল যে সন্ধিয়াৰ ভাগতে লোকসকল ঘৰৰ ভিতৰত সোমাই থাকিব লগা হৈছিল৷ কিন্তু আজি নিশা ২ বজালৈ অসমত নির্বিঘ্ণে–নিশ্চিন্তভাৱে সকলোৱে চলা–ফুৰা কৰিব পাৰে৷ মই ভাবোঁ- অসমত এয়া বৃহৎ পৰিৱর্তন৷ অসমৰ লোকসকলে এতিয়া শান্তি, আত্মসন্মান আৰু দৃঢ়তা বিচাৰে৷ আৰু এতিয়া সকলো সম্ভৱ হৈছে৷ আনহাতে, অসম তথা উত্তৰ–পূবত অর্থনৈতিক পৰিৱর্তনৰ আঁৰত প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা বিভিন্ন আঁচনিৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০১৪ চনৰ পাছত অসমত এক পৰিৱর্তনৰ সৃষ্টি হৈছিল৷ ২০১৪ চনত আৰম্ভ হোৱা এই পৰিৱর্তনে এতিয়া সমগ্র উত্তৰ–পূবতে এক নির্ণায়ক ভূমিকাত উপনীত হৈছে৷ কেন্দ্রীয় চৰকাৰৰ বিশেষ নীতিৰ বাবেই উত্তৰ–পূবত এতিয়া ক্রমান্বয়ে শান্তি বিৰাজ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূবৰ বাবে যি এক বিকাশৰ ৰোডমেপ প্রস্তুত কৰিছিল, সেই ৰোডমেপৰ ফলতে উত্তৰ–পূবৰ উগ্রপন্থীসকলো আলোচনাৰ বাবে আগবাঢ়ি আহিছে৷ ফলত শান্তি বিৰাজ কৰিছে৷ যাৰ বাবে অসমত উন্নয়নৰ ধাৰা ববলৈ আৰম্ভ কৰিছে৷ ৰুবিকা লিয়াকতৰ প্রশ্ণ আছিল– অসমে এতিয়া উন্নত ৰাজ্য পশ্চিমবংগ আৰু পঞ্জাবৰ সৈতে ফেৰ মাৰিবলৈ থিয় দিছে৷ ইয়াৰ দৃঢ়তা ক’ৰ পৰা আহিছে? মুখ্যমন্ত্রী ড০ শর্মাই কয়– এটা সময় আছিল, অসমত তিনিখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছিল৷ কিন্তু বর্তমান অসমত ১২খন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে আৰু আন ১২খন চিকিৎসা মহাবিদ্যালয় স্থাপন হ’বলৈ গৈ আছে৷ অর্থাৎ প্রতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন হ’ব৷ প্রায় ৪০০০ কোটি টকাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত দলং নির্মাণ হৈছে, উত্তৰ–পূবৰ প্রতিখন ৰাজ্যৰ ৰাজধানীৰে ৰে’লৰ দ্বৈত লাইন হৈছে, ৰে’লৰ বিদ্যুতীকৰণ হৈছে, ভৌগোলিক প্রত্যাহ্বান থকা অৰুণাচলৰ দৰে ৰাজ্যত এতিয়া বিমানবন্দৰ স্থাপন হৈছে, সেয়াই নহয় প্রতিখন ৰাজ্যৰ লগত পথ যোগাযোগো যথেষ্ট উন্নত হৈছে৷ ইফালে, কংগ্রেছ নেতৃত্বাধীন বিৰোধীৰ মিত্রজোঁট ‘ইণ্ডিয়া’ৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই বার্তালাপত কয় যে তেওঁলোকৰ নামটো ‘ইণ্ডিয়া’ হ’লেই নিজকে ভাৰত বুলি ভাবিব নালাগে৷ কোনোবাই নিজকে মহাত্মা গান্ধী বুলি ভাবিলে মহাত্মা গান্ধী হৈ নাযায়৷ মূল কথাটো হ’ল ইণ্ডি এলায়েন্স হওক বা আন এলায়েন্সেই হওক, তেওঁলোকে জনা উচিত যে নৰেন্দ্র মোদীৰ লগত তেওঁলোকে যুঁজ কৰিব লাগিব৷ শেহতীয়াকৈ ইণ্ডি এলায়েন্সে একাংশ সংবাদ প্রতিষ্ঠানৰ এংকৰক বয়কট কৰা বিষয়টো সন্দর্ভতো মুখ্যমন্ত্রী ড০ শর্মাই উক্ত অনুষ্ঠানত প্রতিক্রিয়া প্রকাশ কৰি কয় যে কংগ্রেছে ১৯৭৫ চনতে সংবাদ মাধ্যমক বর্জন কৰিছিল, যি অভ্যাস পুনৰ আৰম্ভ কৰিব বিচাৰিছে৷

You might also like