নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়সাগৰত আলফাৰ গ্ৰেনেড বিস্ফোৰণ কাণ্ড : গেলেকীত যুৱকক এনকাউণ্টাৰ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : যোৱা ৯ ডিচেম্বৰত শিৱসাগৰৰ জয়সাগৰৰ চি আৰ পি এফ কেম্পত সংঘটিত গ্ৰেনেড বিস্ফোৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত নাজিৰা মহকুমাৰ সীমান্তৱৰ্তী গেলেকীৰ এজন যুৱকক যোৱা ২২ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰি আজি পুৱা গেলেকীত এনকাউন্টাৰ কৰা ঘটনাই এতিয়া সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ৯ ডিচেম্বৰৰ সন্ধিয়া শিৱসাগৰৰ জয়সাগৰস্থিত চি আৰ পি এফ কেম্পৰ কাষতে এক গ্ৰেনেড বিস্ফোৰণ সংঘটিত হয়। পৰৱৰ্তী সময়ত আলফা স্বাধীনে এক বিবৃতিযোগে উক্ত গ্ৰেনেড বিস্ফোৰণ আলফা স্বাধীনে সংঘটিত কৰা বুলি দাবী কৰে। ২২ ডিচেম্বৰত শিৱসাগৰ আৰক্ষীৰ এটা দলে উক্ত বিস্ফোৰণত জড়িত থকাৰ সন্দেহত শিৱসাগৰ বিক্ৰমপুৰৰ পৰা পল্লৱ জ্যোতি গগৈ নামৰ এজন ২৭ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতে আজি পুৱা ঠিক ৫ বজাত নাজিৰা গেলেকী দেওপানী অঞ্চলত অভিযান কালত যুৱকজনে আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ লোৱাত আৰক্ষীয়ে সোঁ-ভৰিত গুলীয়াই আহত কৰে । আৰক্ষীয়ে দাবী কৰা অনুসৰি, পল্লৱ জ্যোতি গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গেলেকী দেওপানী গেলেকী সংৰক্ষিত বনাঞ্চলৰ দুৰ্গম অঞ্চলত মাটিত পুতি থোৱা অৱস্থাত দহ জাঁই পিষ্টলৰ গুলী আৰু ১১ জাঁই এ কে ৪৭ৰ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উক্ত অভিযানৰ সময়তে যুৱকজনে আৰক্ষীক গঁতিয়াই পলাবলৈ চেষ্টা কৰা হেতুকে আৰক্ষীয়ে গুলী চলায় যুৱকজনলৈ। সোঁ-ভৰিত গুলী লগা যুৱকজনক প্ৰথমে গেলেকী চিকিৎসালয়লৈ নিয়া হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। শেহতীয়াকৈ শিৱসাগৰ আৰক্ষীয়ে এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে পল্লৱ জ্যোতি গগৈয়ে সঘনাই আলফা স্বাধীনৰ শীৰ্ষ মহলৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ লগতে আলফা স্বাধীনৰ সৈতে ধনৰ লেনদেন কৰাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৯ বৰ্ষতো যুৱকজনে আলফাৰ ম্যানমাৰ কেম্পত চাৰি মাহ কটাই অসমলৈ ঘূৰি অহাৰ পথত অসম ৰাইফলছে কৰায়ত্ত কৰিছিল। শেহতীয়া তথ্য অনুসৰি, যুৱকজন জয়সাগৰত সংঘটিত বিস্ফোৰণত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে। ইফালে, পল্লৱ জ্যোতি গগৈৰ পিতৃয়ে দাবী কৰা অনুসৰি, জয়সাগৰ চি আৰ পি এফ কেম্পত বিস্ফোৰণ সংঘটিত হোৱাৰ দিনা যুৱকজন নিজৰ ঘৰতে টিভি চাই বহি আছিল। পৰিয়ালৰ লোকে আলফাৰ সৈতে যুৱকজন বৰ্তমান কোনো কাৰণতে জড়িত নহয় বুলি দাবী কৰাৰ বিপৰীতে শিৱসাগৰ আৰক্ষীয়ে জয়সাগৰ বিস্ফোৰণত যুৱকজন জড়িত বুলি দাবী কৰিছে।

প্ৰেৰক নেকিব আহমেদ

You might also like