বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰ : আজি আৰক্ষীয়ে গুলীবিদ্ধ কৰা শদিয়াৰ তিনি যুৱকৰ স’তে আলফা স্বাধীনৰ কোনো সম্পৰ্ক নথকা বুলি এক বিবৃতিযোগে প্ৰকাশ কৰিছে । প্ৰচাৰ বিভাগৰ কেপ্টেইন ৰুমেল অসমৰ দ্বাৰা এক বিবৃতিযোগে সংগঠনটোৱে কয়- “অসম আৰক্ষীয়ে আজি যিকেইগৰাকী যুৱকক ভুৱা সংঘৰ্ষত গুলীয়াই আহত কৰিলে, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ সৈতে তেওঁলোকৰ কোনোধৰণৰ যোগাযোগ নাছিল ৷” “আমি পোৱা তথ্য মতে, উক্ত যুৱককেইগৰাকীয়ে অৰুণাচলৰ ডামবুকত বনভোজ খাবলৈ গৈ চৰকাৰ-প্ৰশাসনৰ কেতবোৰ ভুল সিদ্ধান্তত মনোকষ্ট পাই (যুৱককেইগৰাকী ঠিকাভিত্তিক অসম ৰাজ্যিক পৰিবহণ নিগমত কৰ্মৰত আছিল, কিন্তু চৰকাৰে তেওঁলোকক কৰ্মৰ পৰা বাধ্যতামূলকভাৱে অব্যাহতি দিছিল) অত্যধিক মদ্যপান কৰি অসুস্থ অৱস্থাত পৰিয়ালক কিছু কথা কৈছিল ৷ তৎক্ষণিকভাৱে পৰিয়ালে আৰক্ষীক খবৰ দিয়ে আৰু অসম আৰক্ষীয়ে যুৱককেইগৰাকীক বুজনি দিয়াৰ পৰিৱৰ্তে তেওঁলোকক গুলীবিদ্ধ কৰে ৷” “অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ নিৰ্দেশত অসম আৰক্ষীয়ে নিজ ইচ্ছা মতে নিৰীহ যুৱকক “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ সৈতে জড়িত কৰোৱাই ভুৱা সংঘৰ্ষৰে গুলীবিদ্ধ কৰাটো এতিয়া এক অঘোষিত প্ৰতিযোগিতালৈ পৰ্য্যবসিত হৈছে ৷ এই প্ৰতিযোগিতাই যে অসমলৈ এক অশনি সংকেত নমাই আনিছে, ইও সত্য ৷ গতিকে ইয়াক আমাৰ লগতে অসমৰ থলগিৰি জনগণে সহজভাৱে ল’ব নোৱাৰে ৷” “আমি জানো, অসম আৰক্ষীত কৰ্মৰত আশী শতাংশ বিষয়া/সদস্যৰ অসমৰ প্ৰতি ভালপোৱা আছে ৷ বাকী বিশ শতাংশই কেৱল ক্ষমতা আৰু কেইটামান টকাৰ লোভত অসমৰ বুৰঞ্জীক জলাঞ্জলি দি দিল্লীৰ দ্বাৰা প্ৰেৰিত বিষয়াক তৈলমৰ্দন কৰিবলৈ গৈ এনেধৰণৰ কু-কৰ্ম সংঘটিত কৰি আহিছে; ই অতিকে ঘৃণনীয় আৰু অসমৰ বুৰঞ্জীয়ে ইয়াক কেতিয়াও পাহৰিব নোৱাৰে ৷ গতিকে এই আশী শতাংশ ভাল বিষয়া/সদস্যই বাকীসকলক বুজনি দিয়াৰ লগতে সতৰ্ক কৰি দিয়াৰ প্ৰয়োজন আহি পৰিছে ৷” “অসম বুৰঞ্জী সাক্ষী আছে যে আহোম প্ৰশাসনৰ দিনৰ পৰা দিল্লীয়ে অসমৰ থলগিৰিৰ মাজত ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ চেষ্টা চলাই আহিছে ৷ ব্ৰিটিছৰ দিনতো তাৰ ব্যতিক্ৰম হোৱা নাছিল ৷ ঔপনিৱেশিক ভাৰতৰ বিভিন্ন শ্ৰেণীৰ বিষয়াই অসমত ভাতৃঘাতী সংঘৰ্ষৰ সোৱাদ লৈ এতিয়া পুনৰ সেই আখৰাত ব্যস্ত ৷ যিসকল বহিৰাগত বিষয়াৰ নিৰ্দেশত থলগিৰি আৰক্ষীয়ে এই ধৰণৰ কাৰ্য্যকলাপবোৰ কৰি আছে, সেইসকল বহিৰাগতই এটা সময়ত নিজ দেশলৈ উভতি যাব আৰু আপোনালোক আজীৱন অসমতেই থাকি এদিন নিজৰেই কাঠগৰাত নিজে জবাবদিহি হ’ব লাগিব ৷” “উল্লেখ্য, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে পূৰ্বৰ সিদ্ধান্তৰ কথা ভাবি এতিয়াও সংযম হৈ আছে ৷ আমাক আমাৰ ধৈৰ্য্যৰ বান্ধ ছিঙি যোৱালৈ পৰীক্ষা নল’ব ৷ কিয়নো সেই পৰিস্থিতি উদ্ভৱ হ’লে অসম আৰক্ষীত কৰ্মৰত বিশ শতাংশ বেয়া ব্যক্তিতকৈ আশী শতাংশৰ ভাল ব্যক্তি মৃত্যুমুখত পৰিব ৷ আনহাতে, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ সেনানীসকলে মৃত্যুলৈ ভয় নকৰে ৷ মৃত্যুঞ্জয়ী হৈহে আমি স্বদেশ আৰু স্বজাতিৰ মুক্তিৰ বাবে পণ কৰিছোঁ ৷” “এনে সংঘাতে কোনো পক্ষকে লাভান্বিত নকৰে ৷ সেয়েহে; যিসকলে এই ভুৱা সংঘৰ্ষৰ ৰূপ দি আহিছে, তেওঁলোকক অন্তিমবাৰলৈ সাৱধান কৰি দিয়া হৈছে যাতে এই অঘোষিত প্ৰতিযোগিতা ইমানতে সামৰণি মাৰক, লগতে অসমৰ থলগিৰি জনগণেও ইয়াৰ বিৰুদ্ধে সদলবলে ওলাই আহক ৷ অন্যথা অসমৰ অনাকাংক্ষিত পৰিৱেশ-পৰিস্থিতিৰ বাবে সকলোৱে সমানে দায়ী হ’ব লাগিব ৷”
প্ৰেৰক বিবেক বড়া