অম্বুবাচী মহাযোগত অগণন ভক্ত–দর্শনার্থীৰে খদমদম নীলাচলৰ বুকু
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জুনঃ ভক্তপ্রাণ ৰাইজৰ উপস্থিতিৰে সাধনাৰ সংগমথলীলৈ ৰূপান্তৰিত হৈছে দেশৰ ৫১খন শক্তিপীঠৰ অন্যতম নীলাচল পাহাৰৰ কামাখ্যা ধাম৷ দেশৰ বিভিন্ন প্রান্তৰ পৰা অহা সাধু–সন্ন্যাসী তথা ভক্তপ্রাণ ৰাইজৰ উপস্থিতিৰে আধ্যাত্মিকতাৰ মহামিলনৰ থলীত পৰিণত হৈছে নীলাচল পাহাৰ৷
ৰাজ্য চৰকাৰৰ ঐকান্তিক প্রচেষ্টা তথা প্রশাসন–আৰক্ষীৰ সুদক্ষ পৰিচালনাত সুকলমে চলি আছে অম্বুবাচী৷
উল্লেখ্য যে শেহতীয়াকৈ হৈ থকা ভূমিস্খলনৰ বাবে নীলাচল পাহাৰৰ মাজেৰে কামাখ্যা ধামলৈ উঠি যোৱা পথটোৰ বিভিন্ন অংশ ভূমিস্খলনপ্রৱণ হৈ থকাৰ বাবে আৰক্ষী–প্রশাসনে এইবাৰ জৰুৰীকালীন সেৱাৰ বাবে আন বাহনৰ চলাচল সম্পূর্ণৰূপে নিষিদ্ধ কৰিছে৷ যাৰ ফলত নামনি কামাখ্যাৰ পৰা মূল কামাখ্যাধামলৈ সকলো ভক্তপ্রাণ ৰাইজক পদব্রজে যাবলৈ আহ্বান জনাইছিল প্রশাসনে৷ চৰকাৰৰ নির্দেশনা পালন কৰি ভক্তপ্রাণ ৰাইজে উৎকট গৰমত তীব্রতাকো নেওচি পদব্রজে মা কামাখ্যাৰ শ্রীচৰণ সেৱা আগবঢ়াবলৈ কামাখ্যা ধাম অভিমুখে যোৱা পৰিলক্ষিত হয়৷
অন্তৰত দেৱী কামাখ্যাৰ ভক্তিক স্মৰণ কৰি ৰাইজে সকলো কষ্ট নেওচি পদব্রজেই মন্দিৰলৈ যাত্রা কৰিলে৷ অৱশ্যে ৰাইজৰ এই যাত্রাৰ সময়ত যাতে কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্রতি সচেতন হৈ থাকিল প্রশাসন তথা আৰক্ষীৰ লোকসকল৷
এককথাত ক’বলৈ হ’লে এইবাৰ অম্বুবাচী মহাযোগৰ আয়োজন আছিল অত্যন্ত সুপৰিকল্পিত৷ নামনি কামাখ্যাৰ পৰাই কামাখ্যা ধামলৈ যোৱা পথটোৰ বাদেও মেখেলা উজোৱা খটখটিৰ পথটোতো প্রশাসনে নিয়োগ কৰিলে স্বেচ্ছাসেৱক তথা আৰক্ষীৰ লোক৷ দেশৰ বিভিন্ন প্রান্তৰ পৰা দেৱীৰ আশিস বিচাৰি আহিছে তৰুণ যুৱক–যুৱতীৰ পৰা আবাল বৃদ্ধ–বনিতালৈ৷ অম্বুবাচীৰ সময়ছোৱাত দেৱীৰ আশিস লাভ কৰাটো সকলোৰে উদ্দেশ্য৷
কিন্তু ইচ্ছা কৰিলেও একাংশ বৃদ্ধ দর্শনার্থীয়ে খোজকাঢ়ি মন্দিৰলৈ যোৱাৰ ক্ষেত্রত কিছু সমস্যাৰ সৃষ্টি হয়৷ অৱশ্যে সমগ্র পথটোত নিয়োজিত একাংশ স্বেচ্ছাসেৱকে তেনে বৃদ্ধ লোকক হাতত ধৰি মন্দিৰ অভিমুখে আগুৱাই নিয়া পৰিলক্ষিত হ’ল৷ সাধাৰণ দৃষ্টিত অম্বুবাচী মহাযোগ অকল আধ্যাত্মিকতাৰ মহামিলনেই নহয়, মানৱীয়তাৰ প্রতীক হৈও আজি ৰাইজৰ দৃষ্টিত ধৰা দিলে৷
তদুপৰি মন্দিৰলৈ অহা প্রতিগৰাকী ভক্ত–দর্শনার্থীক ৰাইজে পথৰ কাষতে যোগান ধৰিলে শীতল পানীয়, শুকান খাদ্য তথা খিচিৰিৰ ভোগ৷ অম্বুবাচী মহাযোগৰ প্রতি ৰাজ্য চৰকাৰৰ এনেকুৱা আয়োজন প্রত্যক্ষ কৰি চৰকাৰৰ এই ব্যৱস্থাক বহু দর্শনার্থীয়ে শলাগ ল’লে৷ অসম যে প্রকৃতার্থত অতিথিপৰায়ণ ৰাজ্য তথা অসমীয়া মানুহৰ অন্তৰ সঁচাকৈয়ে যে কোমল এয়া অম্বুবাচী মহাযোগৰ সময়ছোৱাত পৰিলক্ষিত হয়৷ চৰকাৰ তথা প্রশাসনৰ সুন্দৰ পৰিচালনাত অম্বুবাচী মহাযোগ অতি সুন্দৰ ভাৱে চলি আছে৷
সন্ধিয়া ৬ বজাৰ পাছতে প্রশাসনৰ আহ্বান মর্মে ভক্তপ্রাণ ৰাইজে নামনি কামাখ্যা অভিমুখে অগ্রসৰ হয়৷ অম্বুবাচী মহাযোগৰ পৰিচালনাৰ সমান্তৰালভাৱে মহানগৰীৰ পৰিষ্কাৰ–পৰিচ্ছন্ন বজাই ৰখাৰ ক্ষেত্রত চাফাই কর্মীসকলেও যথেষ্ট সক্রিয়ভাৱে নিয়োজিত হোৱা দেখা গ’ল৷ স্বাভাৱিকতে লক্ষ লক্ষ ভক্তৰ সমাগমৰ পৰিপ্রেক্ষিতত কিছু হ’লেও পৰিৱেশ লেতেৰা হ’বই৷ কিন্তু গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা নিয়োজিত চাফাই কর্মীসকলে অতি তৎপৰতাৰে পথৰ কাষৰ আৱর্জনাসমূহ চাফা কৰি আঁতৰোৱা দেখা গ’ল৷
ৰাজ্য চৰকাৰৰ লগতে অম্বুবাচী মহাযোগলৈ অহা ভক্তসকলক সহায় কৰাৰ অর্থে কেইবাটাও বিশেষ ব্যৱস্থা গ্রহণ কৰিছে উত্তৰ–পূব সীমান্ত ৰে’লৱেই৷ ৰে’লৱেৰ মহিলা কল্যাণ সংস্থাৰ সভানেত্রী শালিনী শ্রীবাস্তৱৰ নেতৃত্বত সংস্থাৰ তৰফৰ পৰা কামাখ্যা ষ্টেচন আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত আশ্রয় গ্রহণ কৰা ভক্ত–দর্শনার্থীৰ মাজত স্বাস্থ্যসন্মত খাদ্যৰ পেকেট আৰু পানীৰ বটল বিতৰণ কৰা হয়৷ অম্বুবাচীৰ সময়ছোৱাত অতিৰিক্ত যাত্রীৰ ভিৰ নিয়ন্ত্রণৰ বাবে উত্তৰ–পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ অসংৰক্ষিত ৰে’লৰ চলাচল কৰোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷
ইয়াৰে প্রথমখন ৰে’ল গুৱাহাটী–আলিপুৰদুৱ জংছন–গুৱাহাটী বিগত ২২ জুনৰ পৰা ২৬ জুনলৈ দৈনিক সন্ধিয়া ৭.২৫ বজাত যাত্রা আৰম্ভ কৰি পিছদিনা পুৱা ৪ বজাত আলিপুৰদুৱাৰ জংছনত উপস্থিত হ’ব৷ ওভতনি যাত্রাত আলিপুৰদুৱাৰ জংছন–গুৱাহাটী ৰে’লখন আলিপুৰদুৱাৰ জংছনৰ পৰা দৈনিক পুৱা ৮ বজাত যাত্রা কৰি একেদিনাই বিয়লি ৪.২০ বজাত গুৱাহাটী পাব৷ যাত্রীসকলক অধিক সহায় কৰিবলৈ গুৱাহাটী–নিউ জলপাইগুৰি–গুৱাহাটী অসংৰক্ষিত বিশেষ ৰে’লখন অহা ২৬ জুন তাৰিখে নিশা ১১.৫৫ বজাত গুৱাহাটীৰ পৰা যাত্রা আৰম্ভ কৰি পিছদিনাখন ৮.১৫ বজাত নিউ জলপাইগুৰিত উপস্থিত হ’ব৷
একেদৰে আনখন ৰে’ল ২৭ জুনত দিনৰ ১১.১৫ বজাত নিউ জলপাইগুৰিৰ পৰা উভতি আহি একেদিনাখনেই সন্ধিয়া ৭.৩০ বজাত গুৱাহাটীত উপস্থিত হ’ব৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেই অম্বুবাচীৰ এই সময়ছোৱাত সকলো গুৰুত্বপূর্ণ ষ্টেচন তথা তীর্থ যাত্রা কেন্দ্রসমূহত ৰে’লকর্মীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে অতিৰিক্ত ৰে’লৱে সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰে’ল আৰক্ষীও মোতায়েন কৰিছে৷ ৰাজ্য চৰকাৰৰ লগতে সকলো পক্ষৰ সহায়–সহযোগিতাৰ ফলশ্রুতিত অম্বুবাচী মহাযোগ অন্যতম সফল উৎস ৰূপে পৰিগণিত হ’ব৷