নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীলাচল পাহাৰত নিশা নাহৰফুটুকীৰ মুক্ত বিচৰণক লৈ আতংক

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ গুৱাহাটীৰ নীলাচল পাহাৰৰ শক্তিপীঠ কামাখ্যা মন্দিৰৰ পৰা ভুবনেশ্বৰী মন্দিৰলৈ যোৱা পথত ১১ ছেপ্টেম্বৰৰ  নিশা প্রায় ১১ বজাত নিকু শর্মা নামৰ এজন সাহসী লোকে এটা নাহৰফুটুকীৰ বিচৰণৰ দৃশ্য ম’বাইলত বন্দী কৰিবলৈ সক্ষম হয়৷

প্রাপ্ত খবৰ মতে, ভুবনেশ্বৰী পথৰ বাসিন্দা নিকু শর্মাই ঘৰৰ বাৰান্দাৰ পৰা নিশা ১১ বজাত এটা নাহৰফুটুকীক হাবিৰ পৰা ওলাই আহি পথৰ দাঁতিত থকা পদপথত জিৰণি লোৱা প্রত্যক্ষ কৰে৷ সাহসী নিকু শর্মাই ঘৰৰ চৌহদৰ পৰা কিছু সাৱধানতা অৱলম্বন কৰি কৌশলেৰে ম’বাইলত বাঘটোৰ ফটো তুলিবলৈ সক্ষম হয়৷

কিছুসময় জিৰণি লৈ বাঘটো পুনৰ হাবিলৈ সোমাই যায়৷ জানিব পৰা মতে, নীলাচল পাহাৰত থকা বাঘে আজিলৈকে কোনো মানুহকে আক্রমণ কৰা নাই৷ বাঘ ধৰিবৰ বাবে তাত পিঞ্জৰা স্থাপন কৰিবলগীয়া হোৱা নাই৷

ইয়াৰ বিপৰীতে নীলাচল পাহাৰৰ বিপৰীত দিশত থকা আদিংগিৰি পাহাৰত ২১ আগষ্টৰ সন্ধিয়া বাঘে শিৱম নামৰ এটি ছবছৰীয়া কিশোৰক আক্রমণ কৰিছিল৷ তাৰ পাছত সেই স্থানত দুটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছিল৷

You might also like