নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত মহা অম্বুবাচী মহোৎসৱ

নিয়মীয়া বাৰ্তা, ২২ জুনঃ  ক’ভিডৰ বাবে দুটা বছৰৰ বিৰতিৰ অন্তত ২২ জুনৰ পৰা ২৬ জুনলৈ নীলাচল পাহাৰৰ শক্তিপীঠ কামাখ্যা মন্দিৰত আৰম্ভ হ’ব অম্বুবাচী মহোৎসৱ৷ ইতিমধ্যে অম্বুবাচী মহোৎসৱ যাতে সুচাৰুভাৱে সম্পন্ন হয় তাৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসনে সকলো ধৰণৰ তৎপৰতা গ্রহণ কৰিছে৷ সমান্তৰালভাৱে অম্বুবাচী মেলা পৰিচালনা কমিটী আৰু মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা বৰদেডৰী সমাজেও সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷ অৱশ্যে প্রথমবাৰৰ বাবে এইবাৰ কামাখ্যা মন্দিৰ চৌহদত ভক্তৰ থকা–খোৱাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা ৰখা হোৱা নাই৷ তেনেদৰে নামনি কামাখ্যাৰ পৰা দিব্যাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাহিৰে সকলোৱে তলৰ পৰা খোজ কাঢ়ি অহা–যোৱা কৰিব লাগিব৷ দিব্যাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাবে প্রশাসনে ফেৰী গাড়ীৰ ব্যৱস্থা কৰিছে৷

আনহাতে, বাহিৰৰ পৰা অহা ভক্তৰ বাবে অসম চৰকাৰৰ পর্যটন বিভাগে জিলা প্রশাসনৰ সহযোগত ফাঁচীবজাৰৰ পুৰণি জে’ল চৌহদ, কামাখ্যা ৰে’ল ষ্টেচন চৌহদ আৰু পাণ্ডু নদীবন্দৰ চৌহদত এটাকৈ মুঠ তিনিটা শিবিৰৰ ব্যৱস্থা কৰিছে৷ সেই তিনিওটা শিবিৰত প্রায় ৩০ হাজাৰ ভক্তই আশ্রয় ল’ব পাৰিব৷ তেনেদৰে শিবিৰৰ পৰা নামনি কামাখ্যালৈ ২২ জুনৰ পৰা ২৬ জুনলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিশেষ বাছ সেৱা চলাচল কৰিব৷

উল্লেখ্য যে এইবেলি তিনিওটা শিবিৰৰ পৰা নামনি কামাখ্যালৈ ভক্তক বিনামূলীয়াকৈ অনা–নিয়া কৰাৰ বাবে পৰিবহণ নিগমৰ মুঠ ৮০খন বাছ চলাচল কৰিব৷ তেনেদৰে ফেৰী গাড়ী হিচাপে মন্দিৰৰ ওপৰলৈ চলাচল কৰিব নিগমৰ ৮খন ইলেক্ট্ৰনিক বাছ৷ ইতিমধ্যে অম্বুবাচীলৈ মাজতে মাত্র কেইঘণ্টামান বাকী থকা অৱস্থাত দূৰ–দূৰণিৰ পৰা অহা ভক্তৰে ভৰি পৰিছে তিনিওটা শিবিৰ আৰু মন্দিৰ চৌহদ৷

You might also like