নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিপথ আঁচনি প্রত্যাহাৰ কৰা নহয়, দেশৰ স্বার্থত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কঠিন সিদ্ধান্তৰে ৰাজনৈতিক সাহস দেখুৱাইছে– ডোভাল

নিয়মীয়া বাৰ্তা, ২২ জুনঃ দেশৰ সামৰিক বাহিনীত ঠিকাভিত্তিক নিযুক্তিৰ অগ্নিপথ আঁচনিক লৈ দেশজুৰি উত্তেজনা অব্যাহত থকাৰ সময়তে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা (এনএছএ) অজিত ডোভালে এই আঁচনিৰ সমর্থনত তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ তিনি সেনাৰ মুৰব্বীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সেনাত সংস্কাৰ অগ্নিপথক লৈ পূর্ণ সমর্থন আগবঢ়োৱাৰ পাছত এনএছএ ডোভালে অগ্নিপথ আঁচনি প্রত্যাহাৰ কৰা নহয় বুলি স্পষ্ট কৰি দিছে৷ মোদী চৰকাৰৰ নতুন সেনা নিযুক্তি আঁচনিৰ পূর্ণ সমর্থন আগবঢ়াই এনএছএ ডোভালে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ স্বার্থত কঠিন সিদ্ধান্ত লৈ ৰাজনৈতিক সাহস দেখুৱাইছে৷ অগ্ণিপথ প্রত্যাহাৰ কৰা নহয়৷ সেনাত হ্রস্বকালীন সেৱাৰ নিযুক্তিক লৈ দেশজুৰি চলা প্রতিবাদক আওকাণ কৰি এনএছএ ডোভালে কয় যে চাৰি বছৰ সেৱা আগবঢ়োৱাৰ পাছত অগ্নিবীৰৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব৷ সশস্ত্র বাহিনীত তেওঁলোকৰ দক্ষতা আৰু শৃংখলাবদ্ধতাৰ লাভৰ ভিত্তিত বিবেচনা কৰা হ’ব৷ তদুপৰি মানৱ শক্তি পুনৰ গঠন কৰা বুলি উল্লেখ কৰি এনএছএ ডোভালে কয়– আমাক এক যুৱ, সবল আৰু কর্মতৎপৰ সেনা লাগে৷ ভাৰত এক যুৱ জনসংখ্যাৰ দেশ৷ গতিকে সশস্ত্র বাহিনীতো তেনে প্রতিফলন হোৱাটো আৱশ্যক৷ এক দৃষ্টিকোণেৰে আমি চোৱা উচিত৷ অগ্নিপথ অকলেই এক আঁচনি নহয়৷ যেতিয়া ২০১৪ চনত প্রধানমন্ত্রী মোদী ক্ষমতালৈ আহিছিল, তেতিয়াই তেওঁ ভাৰতক কিদৰে সুৰক্ষিত আৰু শক্তিশালী কৰিবলৈ গ্রহণ কৰা এগৰাকী প্রধানমন্ত্রী হিচাপে কর্মতৎপৰ হৈ আছে৷ দেশত অনেক সংস্কাৰ লাগে, পদক্ষেপ ল’ব লাগে, অনেক এনে পদক্ষেপৰ প্রয়োজন আছে৷ যিটো প্রধানমন্ত্রী মোদীয়ে গ্রহণ কৰিবলৈ আগবাঢ়ি আহিছে৷ আনপিনে, অগ্নিপথ আঁচনিক লৈ ৰে’লৰ দবাকে ধৰি বিভিন্ন ৰাজহুৱা সম্পত্তি নষ্ট কৰা কিছুসংখ্যক প্রতিবাদীৰ মাজত ক’চিং চেণ্টাৰ জড়িত থকা বুলি উল্লেখ কৰি তেনে লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলি কয় এনএছএ ডোভালে৷

You might also like