আজি অম্বুবাচীৰ নিবৃত্তিঃ ভক্তৰ বাবে মুকলি হ’ল কামাখ্যাৰ দুৱাৰ
নিয়মীয়া বার্তা, ২৬ জুনঃ ক’ভিড মহামাৰীৰ পৰিপ্রেক্ষিতত দুবছৰ পাছত এইবাৰ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হোৱা অম্বুবাচী মেলাৰ আজি হ’ব নিবৃত্তি৷ ২২ জুনৰ নিশা ৮বাজি ১৮ মিনিটত অম্বুবাচীৰ প্রবৃত্তি আৰম্ভ হোৱাৰ লগে লগে শক্তিপীঠ কামাখ্যা ধামত বন্ধ হৈছিল মাৰ মুখ্য দুৱাৰ৷ ৩ দিন মাৰ মুখ্য দুৱাৰ বন্ধ হৈ থকাৰ পাছত আজি পুৱা ৮ বাজি ৪৮ মিনিটত হয় নিবৃত্তি৷ অৱশ্যে দেওবাৰে পুৱা সূর্য উদয়ৰ লগে লগে মাৰ নিত্য পূজাৰ পাছত অন্তত ভক্তৰ বাবে কামাখ্যা দেৱালয় সমাজে মুকলি কৰিব দুৱাৰ৷ ইয়াৰ পাছতে দেৱীৰ দর্শন লাভ কৰিব পাৰিব ভক্তসকলে৷
উল্লেখ্য যে এইবাৰ অম্বুবাচী মেলাৰ প্রতিটো দিনতে শক্তিপীঠত ভিৰ কৰিছে হাজাৰ হাজাৰ ভক্তই৷ মহা অম্বুবাচী মেলাৰ চতুর্থ দিনাও শক্তিপীঠলৈ আগমন ঘটে হাজাৰ হাজাৰ ভক্তৰ৷ সাধু–সন্ন্যাসীৰ পৰা আৰম্ভ কৰি অগণন ভক্তই মন্দিৰৰ বাহিৰৰ পৰাই আশিস লয় মা কামাখ্যাৰ৷ ইফালে, মহা অম্বুবাচীৰ নিবৃত্তিৰ প্রাক্ক্ষণত দেশ, দহৰ মংগলার্থে হোম, ষজ্ঞ ব্যস্ত, ধ্যানত ব্যস্ত হৈ থাকিল একাংশ বাবা, সাধু৷ সমান্তৰালভাৱে মা কামাখ্যাৰ মন্ত্র উচ্চাৰণেৰে শক্তিপীঠৰ প্রান্তে প্রান্তে বিশেষ পূজাত ব্যস্ত থাকিল একাংশ কিন্নৰো৷ অৱশ্যে দেওবাৰ আৰু সোমবাৰে ভক্তৰ দর্শনৰ বাবে নাথাকিব বিশেষ টিকট ৷ এহবাৰ নাথাকে ভি আই পি, ভি ভি আই পিৰ অনুমতি পত্রও৷ সাধাৰণ যাত্রীৰ শাৰীত থিয় হৈ সকলোৱে কৰিব লাগিব দর্শন৷ দেওবাৰৰ বিশেষ দিনটোলৈ ইতিমধ্যে সাজু হৈছে প্রশাসন৷ কাৰণ অম্বুবাচীৰ নিবৃত্তিৰ দিনা বহু ভি আই পি, ভি ভি আই পিয়ে দর্শন কৰিবলৈ আহে কামাখ্যাধামলৈ৷