নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএছটি ক্ষতিপূৰণৰ সময়সীমা বৃদ্ধি

নিয়মীয়া বার্তা, ২৬ জুনঃ জিএছটি ক্ষতিপূৰণৰ সময়সীমা সম্প্রসাৰণ কৰা হৈছে৷ অহা ৩০ জুনত সামৰণি পৰিবলগীয়া জিএছটি সময়সীমা ২০২৬ চনৰ ৩১ মার্চলৈকে বৃদ্ধি কৰা হৈছে৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ে আজি অধিসূচনাযোগে এই ঘোষণা কৰিছে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত জিএছটি পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ বিত্ত মন্ত্রালয়ে জাৰি কৰা অধিসূচনা অনুসৰি ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে অহা পহিলা জুলাই ২০২২ৰ পৰা ৩১ মার্চ ২০২৬লৈকে ক্ষতিপূৰণ লাভ কৰিব৷

মন কৰিবলগীয়া যে বিগত বর্ষৰ ছেপ্ঢেম্বৰ মাহৰ লক্ষ্ণৌত অনুষ্ঠিত ৪৫সংখ্যক জিএছটি পৰিষদৰ বৈঠকৰ পাছত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ৰাজ্যসমূহে ভেট সংগ্রহ কৰি থকাৰ বাবে জিএছটি কৰ সংগ্রহ নিম্নগামী হোৱা বুলি উল্লেখ কৰি জুন ২০২২ত জিএছটিৰ ক্ষতিপূৰণ বন্ধ কৰিব বুলি ঘোষণা কৰিছিল৷ এনে পৰিপ্রেক্ষিততে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে ৰাজ্যসমূহলৈ ২০২২ৰ ৩১ মে’লৈকে সমগ্র জিএছটি ক্ষতিপূৰণ মুকলি কৰি দিছিল৷

You might also like