নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনুলৰ দম্ভালিঃ কংগ্রেছৰ মুখ্যমন্ত্রী হ’লেও ইউডিএফৰ নির্দেশত চলিব

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ জলেশ্বৰ সমষ্টিৰ বায়সা–খাৰুবাজ হাইস্কুল খেলপথাৰত আজি এ আই ইউ ডি এফৰ এখন নির্বাচনী সভাত অংশগ্রহণ কৰি ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কয় যে চৰকাৰে এন আৰ চিৰ কাম আধৰুৱা কৰি থৈছে৷ এতিয়ালৈকে এন আৰ চিৰ পৰিচয় পত্র প্রদান কৰা নাই৷ তেওঁ কয় যে মহাজোঁটৰ চৰকাৰ হ’লে প্রথমেই প্রত্যেকগৰাকী ধর্মীয় সংখ্যালঘু ভাৰতীয়ক এন আৰ চিৰ পৰিচয় পত্র প্রদান কৰা হ’ব৷ তাৰ পিছত যদি কোনোবাই প্রকৃত ভাৰতীয়ক অবৈধ বাংলাদেশীৰ নামত আঙুলি টোঁৱায়, তেন্তে সেই আঙুলি বেঁকা কৰি দিয়া হ’ব বুলি হুংকাৰ দিয়ে ধিঙৰ বিধায়ক ইছলামে৷

এ আই ইউ ডি এফৰ কুৰিগৰাকী বিধায়ক নির্বাচিত হ’লে কংগ্রেছী মুখ্যমন্ত্রী আজমলৰ আঙুলিৰ নির্দেশত চলিব লাগিব বুলি মন্তব্য কৰে ইছলামে৷ এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে জলেশ্বৰ সমষ্টিত তৃতীয়বাৰৰ বাবে অংশগ্রহণ কৰি ড০ ৰেজা আমিনৰ হৈ প্রচাৰ চলায়৷ ভাষণত আজমলে কংগ্রেছৰ প্রার্থী আফতাব উদ্দিন মোল্লাক তীব্র সমালোচনা কৰি তেওঁক ভগা নাও বুলি অভিহিত কৰে৷ অসমত এইবেলি মহাজোঁটৰ চৰকাৰ হ’ব বুলিও তেওঁ দাবী কৰে৷

You might also like