নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ মে’ৰ পাছত মহাজোঁটৰ চৰকাৰ, তৃতীয় পর্যায়ত বিজয় নিশ্চিত

গুৱাহাটীত মহাজোঁটৰ সংবাদ মেল

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ তৃতীয় পর্যায়ৰ নির্বাচনী প্রচাৰৰ সামৰণি পৰাৰ প্রাক্মুহূর্তত গুৱাহাটীৰ হোটেল গেটৱে গ্রেণ্ডৱেৰত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে এখন সংবাদ মেল সম্বোধন কৰি অহা ২ মে’ৰ পাছত অসমত মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে৷ সংবাদ মেলখনত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং, মুখপাত্র প্রফেছৰ গৌৰৱ বল্লভ, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া, সাংসদ প্রদ্যুৎ বৰদলৈ, এআইইউডিএফৰ উপ–সভাপতি আব্দুল কাদেৰ, আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞা, চিপিআইৰ মুনীন মহন্ত, চিপিআই (এম)ৰ দেৱেন ভট্টাচার্য, চিপিআই (এমএল)ৰ বিবেক দাস, আৰজেডিৰ ৰাজ্যিক সভাপতি সোণাৰুল শ্বাহ মুস্তাফা, দেউৰী জনগোষ্ঠীৰ জিমছয়ন পিপ্লছ পার্টীৰ সভাপতি মহেশ দেউৰীয়ে অংশগ্রহণ কৰি কয় যে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ শক্তিশালী ধলে এইবাৰ অসমৰ নির্বাচনত মহাজোঁট মিছন ১০১ৰ লক্ষ্য অভিমুখে অগ্রসৰ হৈছে৷ প্রথম দুটা পর্যায়ত হৈ যোৱা নির্বাচনত মহাজোঁটে সাফল্য প্রদর্শন কৰিছে৷ পৰহিলৈ হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনত মহাজোঁটৰ বিজয় অৱধাৰিত৷ অহা ২ মে’ত নির্বাচনী ফলাফল প্রকাশৰ পাছতেই মহাজোঁটে চৰকাৰ গঠন কৰিব আৰু চৰকাৰ গঠন কৰিয়েই ইতিমধ্যে কংগ্রেছে দিয়া পাঁচ গেৰাণ্টীৰ ওপৰত কেবিনেটে সিদ্ধান্ত গ্রহণ কৰিব৷

প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ নির্বাচনৰ সময়ত সঘনে অসমলৈ অহাৰ সমালোচনা কৰি কয় যে ‘কা’ আন্দোলনৰ সময়ত গুৱাহাটীত যেতিয়া তেজৰ নৈ বৈছিল, ৰাজ্যখনত বান সমস্যাই যেতিয়া গুৰুতৰ ৰূপ ধাৰণ কৰিছিল, তেতিয়া তেওঁলোকৰ অসমলৈ অহাৰ সময় নাছিল৷ নির্বাচনৰ সময়তো আহি তেওঁলোকে পাঁচ বছৰ পূর্বে দিয়া প্রতিশ্রুতিৰ কি পালন কৰিলে, তাৰ খতিয়ান দিয়া নাই৷ ৰাজ্যৰ নিবনুৱা, কৃষক, মহিলা, চাহ শ্রমিকক লৈ কোনো কথা কোৱা নাই৷ কেৱল জাতি–ধর্মৰ নামতহে কথা কৈ বিভাজনৰ ৰাজনীতিৰে ভোট আহৰণৰ চেষ্টা কৰিছে৷ কিন্তু ৰাইজে তাৰ প্রতি সঁহাৰি দিয়া নাই৷ তাৰ পৰিৱর্তে অসমৰ জনসাধাৰণে মহাজোঁটকহে সঁহাৰি জনাইছে৷ সংবাদ মেলখনত তেওঁলোকে লগতে প্রথম দুটা পর্যায়ৰ নির্বাচনৰ ৰেহৰূপ দেখি বিজেপি হতাশগ্রস্ত হৈ এতিয়া ইভিএম কাৰচাজি কৰাৰ অপচেষ্টাত নমাৰ গুৰুতৰ অভিযোগ কৰে৷ আনহাতে, আজি চত্তিশগড়ত মাওবাদীৰ আক্রমণত ২২গৰাকীকৈ নিৰাপত্তাৰক্ষীৰ জোৱান শ্বহীদ হোৱাৰ পৰিপ্রেক্ষিতত সংবাদ মেলৰ আৰম্ভণিতে দুই মিনিট সময় মৌন প্রার্থনা কৰি শোক প্রকাশৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে৷

You might also like