নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজো–বিজনী–দিছপুৰঃ আজি অসমত অমিত শ্বাহৰ তিনিখন জনসভা

নিয়মীয়া বাৰ্তা, ৩১ মার্চ:  দ্বিতীয় পর্যায়ৰ ভোটগ্রহণলৈ মাজত এটা দিন বাকী থকা অৱস্থাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি নির্বাচনী প্রচাৰৰ হেতু পুনৰ অসমলৈ আহিব৷

অমিত শ্বাহে বিজনীৰ প্রার্থী অজয় কুমাৰ ৰয়, হাজোৰ প্রার্থী সুমন হৰিপ্রিয়া আৰু দিছপুৰৰ প্রার্থী অতুল বৰাৰ হৈ নির্বাচনী প্রচাৰ চলাব৷ অমিত শ্বাহক হাজোৰ সভাত সংগ দিব বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷

উক্ত কার্যসূচীৰ অন্তত ৰাষ্ট্রীয় সাধাৰণ সম্পাদকগৰাকী পাটাছাৰকুছিত উপস্থিত হৈ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷ কেন্দ্রীয় মন্ত্রী তথা ৰাজ্যিক বিজেপিৰ নির্বাচনী প্রভাৰী নৰেন্দ্র সিং টোমৰে গোসাঁইগাঁও আৰু পশ্চিম কোকৰাঝাৰত নির্বাচনী প্রচাৰৰ হেতু উপস্থিত থাকিব৷

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নির্বাচনী প্রচাৰ কার্য চলোৱাৰ হেতু ধুবুৰী, গোলকগঞ্জ, গৌৰীপুৰ, পূব বিলাসীপাৰা, চিদলী, চাপাগুৰি আৰু বৰমাত উপস্থিত থাকিব৷

‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা চাপাগুৰি, তামুলপুৰ, বৰপেটা, সৰুক্ষেত্রী, ভৱানীপুৰ আৰু সৰভোগত উপস্থিত থাকি নির্বাচনী প্রচাৰ চলাব৷

You might also like